নিউজ ডেস্ক,28 ছেপ্তেম্বৰ: মহামাৰী কৰ’ণাত ত্ৰস্ত্ৰমান বিশ্ববাসী । সমগ্ৰ দেশৰ লগতে অসমো মুক্ত ন'হল কৰ’ণাৰ গ্ৰাসৰ পৰা । কৰ’ণাক প্ৰতিহত কৰিবৰ বাবে বিগত ছমাহে সমগ্ৰ দেশ স্তব্ধ লকডাউনৰ প্ৰভাৱত । দীৰ্ঘদিন ধৰি হোৱা লকডাউনৰ প্ৰভাৱত জীৱন-জীবিকাৰ প্ৰতি ভাবুকি আহি পৰিছে বহুতৰে জীৱনলৈ৷ কৰ্মহীন হৈ পৰিছে বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত বহু লোক ৷ কৰ’ণা সংকটৰ বাবে ক্ষতিগ্ৰস্ত হৈছে অসমৰ এটা বিশেষ উদ্যোগ ৷ বিশ্বত্ৰাস কৰ’ণা মহামাৰীৰ বাবে ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰযোজক সন্থাই গ্ৰহণ কৰিব লগা হৈছে কঠোৰ সিদ্ধান্ত ৷ ২০২০-২০২১ বৰ্ষত থিয়েটাৰ প্ৰদৰ্শনৰ পৰা বিৰত থাকিব ভ্ৰাম্যমাণৰ প্ৰযোজক সন্থা ৷ যাক লৈ এতিয়া চিন্তিত হৈ পৰিছে ভ্ৰাম্যমাণ থিয়েটাৰ উদ্যোগটোৰ লগত জড়িত শিল্পী তথা কলা-কুশলীসকল ৷
বহুতৰে বাবে ভ্ৰাম্যমাণ থিয়েটাৰ উদ্যোগটো হৈছে জীৱিকা তথা উপাৰ্জনৰ একমাত্ৰ উপায়৷ ভ্ৰাম্যমাণত কাম কৰিয়েই নিজকে প্ৰতিষ্ঠা কৰাৰ লগতে পৰিয়াল পোহপাল দি আহিছে ভ্ৰাম্যমাণত কৰ্মৰত কলা-কুশলীয়ে ৷ তেনেস্থলত দুটাকৈ বৰ্ষত ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰযোজক সন্থাই থিয়েটাৰ প্ৰদৰ্শন নকৰিবলৈ লোৱা সিদ্ধান্তই বিবুদ্ধিত পেলাইছে তেওঁলোকক ৷ অসমৰ সাংস্কৃতিক জগতখনৰ প্ৰাণ স্বৰূপ ভ্ৰাম্যমানৰ স্থৱিৰতা, ব’ব নোৱাৰা বোজা হৈ পৰিছে একাংশৰ বাবে ৷ উকা মঞ্চই যেন বাৰুকৈয়ে উপহাস কৰিছে এইসকলৰ জীৱন যাত্ৰাক ৷ আকৌ সুদিন ঘূৰি আহিব নে ভ্ৰাম্যমানৰ, সকলোৱে যেন বাট চাইছে মহামাৰীৰ অমানিশা গুচি নতুন প্ৰভাত হোৱালৈ ৷