ETV Bharat / state

অৱশেষত কংগ্ৰেছৰ পৰা নিলম্বন শ্বেৰমানক

সোমবাৰে কংগ্ৰেছ দলৰ পৰা নিলম্বন কৰা হ’ল বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলীক ৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই জাৰি কৰে এই নিৰ্দেশনা ৷

as_ghy_02_sherman_suspended_7206058
অৱশেষত কংগ্ৰেছৰ পৰা নিলম্বন শ্বেৰমানক
author img

By

Published : Oct 4, 2021, 11:35 AM IST

গুৱাহাটী, 4 অক্টোবৰ : অৱশেষত কংগ্ৰেছ দলৰ পৰা নিলম্বন কৰা হ’ল কংগ্ৰেছৰ বাবে নতুন "আপদ" ৰূপে দেখা দিয়া বহুবল্কী বিধায়ক শ্বেৰমান আলীক ৷ সোমবাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই এক নিৰ্দেশযোগে শ্বেৰমান আলীক নিলম্বন কৰাৰ কথা ঘোষণা কৰে ৷

অৱশ্যে কিমান দিনৰ বাবে বিধায়কগৰাকীক দলৰ পৰা নিলম্বন কৰা হৈছে সেই সন্দৰ্ভত নিৰ্দেশনা পত্ৰত কোনো উল্লেখ কৰা নাই প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷ উল্লেখ্য যে, শ্বহীদ সন্দৰ্ভত অবাঞ্চিত মন্তব্য কৰা শ্বেৰমান আলী আহমেদলৈ তিনি দিনৰ সময়সীমা ধাৰ্য কৰি প্ৰদেশ কংগ্ৰেছে কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছিল ৷

অৱশেষত কংগ্ৰেছৰ পৰা নিলম্বন শ্বেৰমানক
অৱশেষত কংগ্ৰেছৰ পৰা নিলম্বন শ্বেৰমানক

এই সময়সীমা দেওবাৰে উকলি যায় ৷ ইয়াৰ মাজতে শনিবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বিতৰ্কিত বিধায়কগৰাকীক ৷ তাৰ পিছতেই কংগ্ৰেছ বিধায়িনী দলৰ সৈতে আলোচনাত মিলিত হোৱাৰ পিছত সভাপতি ভূপেন বৰাই সোমবাৰে পুৱাই নিলম্বনৰ নিৰ্দেশ জাৰি কৰে ।

লগতে পঢ়ক : Police Custody ত শ্বেৰমান : স্বাস্থ্যৰ সেৱাৰ বিশেষ ব্যৱস্থাৰ নিৰ্দেশ আদালতৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.