ETV Bharat / state

Sashikanta das joins BJP : ৰহাৰ বিধায়ক শশীকান্ত দাসৰ বিজেপিত যোগদান - ৰহাৰ বিধায়ক শশীকান্ত দাসৰ বিজেপিত যোগদান

ৰহাৰ কংগ্ৰেছী বিধায়ক শশীকান্ত দাসৰ বিজেপিত যোগদান (MLA Sashikanta das joins BJP) ৷ অসমত শূন্য হোৱাৰ দিশে কংগ্ৰেছৰ স্থিতি ৷

Sashikanta das
ৰহাৰ বিধায়ক শশীকান্ত দাসৰ বিজেপিত যোগদান
author img

By

Published : Dec 20, 2021, 2:25 PM IST

গুৱাহাটী, 20 ডিচেম্বৰ : অসমত নাইকিয়া হোৱাৰ দিশে কংগ্ৰেছৰ অস্তিত্ব ৷ কংগ্ৰেছৰ শিবিৰত মোক্ষম আঘাত হানি আজি আন এগৰাকী বিধায়কে যোগদান কৰিলে বিজেপিত ৷ বিগত উপ-নিৰ্বাচনৰ পূৰ্বে থাওৰা সমষ্টিৰ বিধায়ক সুশান্ত বৰগোঁহাই আৰু মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগদান কৰিছিল ৷

দুই প্ৰাক্তন কংগ্ৰেছী বিধায়কে উপ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াই পুনৰ বিধায়ক হিচাপে নিৰ্বাচিত হয় ৷ সেই সময়তে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এক প্ৰকাৰ ইংগিত প্ৰদান কৰি সদৰী কৰিছিল মাজুলীৰ লগতে আন সমষ্টিতো উপ-নিৰ্বাচন অনুষ্ঠিত হোৱাৰ ৷

মুখ্যমন্ত্ৰীৰ সেই ইংগিত যেন আজি স্পষ্ট হৈ পৰিল ৷ সোমবাৰে ৰহাৰ কংগ্ৰেছী বিধায়ক শশীকান্ত দাসে পৰিধান কৰে গেৰুৱা বসন ৷ বিধায়কগৰাকীয়ে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ উপস্থিতিত বিজেপিত যোগদান কৰে ৷ গেৰুৱা দলটোৰ হৈ মুখ্যমন্ত্ৰীয়ে বিধায়ক গৰাকীক এখন গামোচাৰে দলটোলৈ আদৰণি জনায় ৷

উল্লেখযোগ্য যে, নিয়ম অনুসৰি কোনো এগৰাকী বিধায়কে দল সলনি কৰিলে বিধায়ক পদ ত্যাগ কৰিব লাগে ৷ কিন্তু শশীকান্ত দাসে ৰহাৰ বিধায়কৰ পদৰ পৰা এতিয়াও পদত্যাগ কৰা নাই ৷

লগতে পঢ়ক: Winter session of Assam Assembly : আজিৰে পৰা আৰম্ভ অসম বিধানসভাৰ শীতকালীন অধিৱেশন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.