গুৱাহাটী, 3 ডিচেম্বৰঃ মৰিয়নী বিধানসভাৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ আজৱ প্ৰতিবাদ ৷ প্ৰথমবাৰৰ বাবে অসম বিধানসভাৰ ইতিহাসত নজিৰবিহীন ঘটনা ৷ ব্লেডেৰে নিজৰ হাত কাটি তেজেৰে প্ৰতিবাদী শ্ল'গান লিখিলে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ৷ ৰাজহুৱা খণ্ডৰ উদ্যোগক বিজেপি চৰকাৰে ব্যক্তিগতকৰণ কৰিবলৈ লোৱা সিদ্ধান্তৰ বিৰুদ্ধে এই দৰে প্ৰতিবাদ সাব্যস্ত কৰে বিধায়কগৰাকীয়ে ৷ নগাঁও,কাছাৰ কাগজ কল, আইলাবাৰী,হাতিখীৰা চাহ বাগিছা,নামৰূপ সাৰ কাৰখানাক সক্ৰিয় কৰাৰ দাবী জনাই প্ৰতিবাদ সাব্যস্ত কৰে বিধায়কজনে ৷ অসমৰ জাতি,মাটি ভেটি সুৰক্ষিত কৰিবলৈ সোণোৱাল চৰকাৰক তেজেৰে শ্ল'গান লিখি আহ্বান জনালে ৰূপজ্যোতি কুৰ্মীয়ে ৷
লগতে পঢ়কঃ ডুমডুমাত নতুন ৰূপত গুটখাৰ প্ৰচলন অব্যাহত