ETV Bharat / state

উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তক আদৰণি বিধায়ক ৰমেন্দ্ৰ নাৰায়ন কলিতাৰ

author img

By

Published : Nov 10, 2019, 4:39 AM IST

অযোধ্যাৰ ভূমি বিবাদৰ সিদ্ধান্তক লৈ উচ্চতম ন্যায়ালয়ে প্ৰদান কৰা ৰায়দানক আদৰণি অগপ বিধায়ক ৰমেন্দ্ৰ নাৰায়ন কলিতাৰ ৷ মহানগৰীৰ গাড়ীগাঁৱত অনুষ্ঠিত এক ফুটবল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তক আদৰণি জনায় পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক কলিতাই ৷

স্বৰ্গীয় ভৰত কলিতা সোঁৱৰণী অসম ভিত্তিক ফুটবল প্ৰতিযোগিতা

গুৱাহাটী, 9 নৱেম্বৰঃ অগপৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ন কলিতাই বহু বিতৰ্কিত অযোধ্যা ভূমি বিবাদৰ ৰায়দানক আদৰণি জনাইছে ৷ শনিবাৰে মহানগৰীত অনুষ্ঠিত হোৱা এক ফুটবল প্ৰতিযোগিতা উদ্বোধন কৰি উচ্চতম ন্যায়ালয়ে প্ৰদান কৰা ৰায়দানক সকলোৱে সন্মান জনোৱা উচিত বুলি উল্লেখ কৰে ৷

লগতে পঢ়কঃ 2020 চনৰ এপ্ৰিলত বাবৰি মছজিদ ধংস গোচৰৰ ৰায়দান !!

বহু বিতৰ্কিত অযোধ্যা ভূমি বিবাদৰ সিদ্ধান্তক লৈ উচ্চতম ন্যায়ালয়ে প্ৰদান কৰা ৰায়দানক আদৰণি জনাই সকলোকে শান্তি শৃংখলা বৰ্তাই ৰাখিবলৈ আহ্বান কৰে বিধায়কগৰাকীয়ে ৷ উল্লেখ্য যে, মহানগৰীৰ গাড়ীগাঁও ঈদগাহ ময়দানত অনুষ্ঠিত স্বৰ্গীয় ভৰত কলিতা সোঁৱৰণী অসম ভিত্তিক ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন শনিবাৰে অনুষ্ঠিত হৈ যায় ৷ প্ৰতিযোগিতাখনৰ চূড়ান্ত খেলখন উদ্বোধন কৰে পশ্চিম গুৱাহাটী সমষ্টিৰ অগপ বিধায়ক ৰমেন্দ্ৰ নাৰায়ন কলিতাই ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ 16টাকৈ ফুটবল ক্লাৱে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনৰ ফাইনেলত প্ৰতিদ্বন্দিতা আগবঢ়ায় গাড়ীগাঁও অভিযান ক্লাৱ আৰু গোৰেশ্বৰ ফুটবল ক্লাৱে ৷ অতি ৰোমাঞ্চকৰ খেলখনত গোৰেশ্বৰ ফুটবল ক্লাৱে গাড়ীগাঁও অভিযান ক্লাৱক 3-1 গ'লত পৰাজিত কৰিবলৈ সক্ষম হয় ৷ প্ৰতিযোগিতাখন উপভোগ কৰিবলৈ খেলপথাৰত সমাগম হয় হাজাৰোধিক অনুৰাগীৰ ৷ এইদৰে অতি উন্নতমানৰ খেলেৰে খেলুৱৈসকলক এখন মঞ্চ প্ৰদান কৰাৰ বাবে গাড়ীগাঁও ফুটবল ক্লাৱক ধন্যবাদ জ্ঞাপন কৰে বিধায়কগৰাকীয়ে ৷

অযোধ্যাৰ ভূমি বিবাদৰ সিদ্ধান্তক লৈ বিধায়ক ৰমেন্দ্ৰ নাৰায়ন কলিতাৰ মন্তব্য

উল্লেখ্য যে, শনিবাৰে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বত 5 জনীয়া বিচাৰপীঠে ৰায়দান কৰে বহু বিতৰ্কিত অযোধ্যা ভূমি বিবাদৰ ৰায়দান ৷ আস্থা আৰু বিশ্বাসৰ ওপৰত ভিত্তি কৰি ৰায়দান কৰা নহয় বুলি দোহাৰি উচ্চতম ন্যায়ালয়ে বিবাদমান ভূমিত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে আদেশ দিয়ে ৷ ৰায়দান যোগে উচ্চতম ন্যায়ালয়ে, বৃটিছৰ আগমণৰ পূৰ্বৰে পৰা হিন্দুসকলে সেই স্থানত পূজা পাত সম্পন্ন কৰি আহিছে আৰু ভাৰতীয় প্ৰত্নত্বাত্তিক বিভাগৰ প্ৰতিবেদনত এই কথাৰ প্ৰমাণ পোৱা গৈছে বুলি উল্লেখ কৰে ৷ ৰাম মন্দিৰ নিৰ্মাণৰ বাবে 3 মাহৰ ভিতৰত ন্যাস প্ৰস্তুত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক নিৰ্দেশ প্ৰদান কৰে সৰ্বোচ্চ ন্যায়ালয়ে ৷ আনহাতে, মছজিদ নিৰ্মাণৰ বাবে 5 একৰ বিকল্প ভূমিৰ প্ৰস্তাৱ প্ৰদান কৰে উচ্চতম ন্যায়ালয়ে ৷

লগতে পঢ়কঃ অযোধ্যা ৰায়দান: চুন্নি ৱাকফ বৰ্ডক 5 একৰ ভূমি প্ৰদান

আনহাতে, বাবৰি মছজিদ ধংস গোচৰৰ ৰায়দান আগন্তুক 2020 চনৰ এপ্ৰিল মাহত হোৱাৰ সম্ভাৱনা আছে ৷ উচ্চতম ন্যায়ালয়ে এই বিবাদৰ ৰায়দানৰ বাবে আগন্তক বৰ্ষৰ 18 এপ্ৰিলৰ দিন ধাৰ্য কৰিছে ৷ উক্ত গোচৰৰ ওপৰত শুনানি গ্ৰহণ কৰি থকা বিশেষ আদালতৰ অনুৰোধত 9 মাহৰ সময় প্ৰদান কৰিছে উচ্চতম ন্যায়ালয়ে ৷ গোচৰত চিবিআইয়ে প্ৰাক্তন উপ-প্ৰধানমন্ত্ৰী লালকৃষ্ণ আদৱানী, মুৰলী মনোহৰ জোশী, কল্যান সিং, উমা ভাৰতী আৰু বিনয় কটিয়াৰ লগতে 32 জনৰ বিৰুদ্ধে সাক্ষী প্ৰদান কৰিব ৷ গোচৰ সন্দৰ্ভত চিবিআইয়ে বিশেষ আদালতৰ সন্মুখত বৰ্তমানলৈকে 337 জনে সাক্ষ্য প্ৰদান কৰিছে ৷

লগতে পঢ়কঃ অযোধ্যাৰ বিবাদমান ভূমিত নিৰ্মাণ হ'ব ৰাম মন্দিৰ

Intro:শণিবাৰে সামৰণি পৰে মহানগৰীৰ গাড়ীগাঁও ঈদগাহ ময়দানত অনুষ্ঠিত স্বৰ্গীয় ভৰত কলিতা সোঁৱৰণী অসম ভিত্তিক ফুটবল প্ৰতিযোগিতাৰ। ৰাজ্যৰ বচা বচা ১৬টাকৈ দলে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাত চূড়ান্ত খেললৈ বাছনি হয় গাড়ীগাঁও অভিযান ক্লাৱ আৰু গোৰেশ্বৰ এফ. চি। গাড়ীগাঁও অভিযান ক্লাৱক ৩-১ গলৰ ব্যৱধানত পৰাজিত কৰি প্ৰতিযোগিতাৰ খিতাপ দখল কৰে গোৰেশ্বৰ এফ. চিয়ে। অতি ৰোমাঞ্চকৰ খেলখন উপভোগ কৰিবলৈ হাজাৰ হাজাৰ দৰ্শকৰ সমাগম ঘটে গাড়ীগাঁও ঈদগাহ ময়দানত। খেলৰ পূৰ্বে আৱতৰীয়া দীপাৱলীৰ পৰিৱেশৰ সৃষ্টি হয় ঈদগাহ ময়দানত। ইফালে প্ৰতিযোগিতাৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকে পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা। এই উন্নতমানৰ খেল অনুষ্ঠিত কৰি খৈলুৱৈসকলক এখন মঞ্চ তৈয়াৰ কৰাৰ বাবে গাড়ীগাঁও ফুটবল ক্লাৱক ধন্যবাদ জ্ঞাপন কৰে বিধায়কগৰাকীয়ে। Body:আনহাতে অযোধ্যা বিবাদৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে দিয়া ঐতিহাসিক ৰায়ক আদৰণি জনাই অগপ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই। সকলোকে শান্তি শৃংখলা বজাই ৰাখিবলৈও আহ্বান জনাই বিধায়ক কলিতাই। তাৰোপৰি এই ৰায়ক সকলোৱে সন্মান জনোৱা উচিত বুলিও উল্লেখ কৰে ৰমেন্দ্ৰ নাৰায়ণ কলিতাই।Conclusion:Hirul Haque
Guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.