ETV Bharat / state

কৰ'ণাত আক্ৰান্ত বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা - COVID-19

বিশ্বজুৰি ত্ৰাস সৃষ্টি কৰা মহামাৰী কৰ'ণাত আক্ৰান্ত পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা ৷ সোমবাৰে বিধায়ক গৰাকীৰ দেহত কৰ'ণাৰ অৱস্থিতি ধৰা পৰা পাচত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে বিধায়ক গৰাকী ৷

ৰমেন্দ্ৰ নাৰায়ণ কলিতা
কৰ'ণাত আক্ৰান্ত বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা
author img

By

Published : Aug 25, 2020, 8:15 PM IST

গুৱাহাটী, 25 আগষ্টঃ মহামাৰী COVID-19ত আক্ৰান্ত পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা ৷ সোমবাৰে অসুস্থ হোৱাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত স্বাৱ পৰীক্ষা কৰাইছিল বিধায়কগৰাকীয়ে । তেতিয়াই বিধায়ক গৰাকীৰ দেহত ধৰা পৰে COVID-19 অৱস্থিতি । পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক কলিতাক চিকিৎসাৰ বাবে বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালতে ৰখা হৈছে ।

কৰ'ণা ভয়াৱহতাৰ সময়ত যোদ্ধা হিচাপে পশ্চিম গুৱাহাটী সমষ্টিত দিনেই নিশাই নিজৰ দায়িত্ব পালন কৰি আহিছিল বিধায়কগৰাকীয়ে । লক্ ডাউনৰ সময়ত সমষ্টিৰ বহু দৰিদ্ৰ পৰিয়ালক খাদ্য সামগ্ৰী যোগান ধৰাৰ লগতে আৰ্থিক ভাৱেও সহায় কৰিছিল ৰমেন্দ্ৰ নাৰায়ণ কলিতাই । তাৰ উপৰিও বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই পশ্চিম গুৱাহাটী সমষ্টিৰ COVID-19 আক্ৰান্ত লোকৰ পৰিয়াল সমূহক খাদ্য সামগ্ৰী যোগান ধৰে ।

লগতে পঢ়কঃ আদিবাসী ছাত্ৰ সন্থাৰ তৎপৰতাত জব্দ ডাম্পাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.