ETV Bharat / state

Manipur Violence : মণিপুৰৰ শিক্ষাৰ্থীক পূজাৰ আনন্দ উপভোগৰ ব্যৱস্থা বিধায়ক মৃণাল শইকীয়াৰ

author img

By ETV Bharat Assamese Team

Published : Oct 23, 2023, 3:44 PM IST

হিংসাজৰ্জৰ মণিপুৰত বৰ্তমানেও সম্পূৰ্ণকৈ ঘূৰি অহা নাই স্বাভাৱিক পৰিবেশ । অসমত অধ্যয়নৰত মণিপুৰৰ কেইগৰাকীমান ছাত্ৰ-ছাত্ৰীক আনি পূজাৰ আনন্দ উপভোগৰ ব্যৱস্থা কৰিছে খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই ।

MLA Mrinal Saikia
খুমটাইৰ বিধায়ক মৃণাল শইকীয়া
মণিপুৰৰ শিক্ষাৰ্থীক পূজাৰ আনন্দ উপভোগৰ ব্যৱস্থা

গোলাঘাট, 23 অক্টোবৰ : খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াৰ বিশেষ পদক্ষেপ ৷ যোৰহাটৰ NEIMS ত অধ্যয়নৰত মণিপুৰৰ 14 গৰাকী ছাত্ৰ-ছাত্ৰীক নিজ বাসগৃহলৈ আনি পূজাৰ আনন্দ উপভোগৰ ব্যৱস্থা কৰিছে বিধায়ক মৃণাল শইকীয়াই ৷

যোৰহাটত পৰ্যটন বিষয়ত উচ্চ শিক্ষা গ্ৰহণ কৰি থকা মণিপুৰৰ এই কেইগৰাকী ছাত্ৰ-ছাত্ৰীক দেওবাৰে নিজ বাহনেৰে যোগীবাৰীস্থিত বাসগৃহলৈ আনি পূজাৰ দিনকেইটাত তেওঁলোকৰ সম্পূৰ্ণ দায়িত্ব লৈছে বিধায়ক মৃণাল শইকীয়াই ৷ হিংসাজৰ্জৰ মণিপুৰৰ এই ছাত্ৰ-ছাত্ৰী সকললৈ বৰ্তমান পৰ্যাপ্ত টকা পঠিয়াবলৈ অপাৰগ হৈছে অভিভাৱক তথা পৰিয়ালৰ লোক ৷ সেয়েহে চলিবলৈ যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে মণিপুৰৰ এই ছাত্ৰ-ছাত্ৰী সকলৰ ৷

মণিপুৰৰ ছাত্ৰ-ছাত্ৰী কেইজনৰ সহপাঠী তথা বিধায়গৰাকীৰ ভতিজাকৰ মুখেৰে এই কথা জানিব পাৰি মৃণাল শইকীয়াই এইক্ষেত্ৰত ল’লে তৎকালীন পদক্ষেপ ৷ ছাত্ৰ-ছাত্ৰী কেইগৰাকীক বিধায়কজনে নিজৰ ঘৰতে ৰাখি গোলাঘাটত পূজাৰ আনন্দ উপভোগ কৰাৰ ব্যৱস্থা কৰিছে ৷

মণিপুৰৰ ছাত্ৰ-ছাত্ৰী সকলেও বিধায়কগৰাকীৰ লগতে স্থানীয় লোক তথা সাংবাদিকক বৰ্তমানৰ মণিপুৰৰ অৱস্থাৰ কথা জনালে ৷ মণিপুৰৰ বৰ্তমানৰ পৰিস্থিতিৰ কথা ব্যাখ্যা কৰিলে ছাত্ৰ-ছাত্ৰী সকলে ৷ বিভিন্ন সমস্যাৰ সন্মুখীন হোৱা মণিপুৰৰ ছাত্ৰ-ছাত্ৰী কেইগৰাকীক আশ্ৰয় প্ৰদান কৰি পূজাৰ আনন্দ উপভোগ কৰাৰ সুযোগ দিয়াৰ বাবে বিধায়ক মৃণাল শইকীয়াক ধন্যবাদ জ্ঞাপন কৰে তেওঁলোকে ৷ ইফালে খুমটাই সমষ্টিৰ ৰাইজ তথা স্থানীয় লোকে বিধায়কগৰাকীৰ এই পদক্ষেপক আদৰণি জনাইছে ৷

উল্লেখ্য যে, বিগত তিনিমাহতকৈও অধিক সময় চুবুৰীয়া ৰাজ্য মণিপুৰ অশান্ত হৈ আছে ৷ বৰ্তমানো ৰাজ্যখনত এক আতংকময় পৰিস্থিতিয়ে বিৰাজমান কৰি আছে ৷ তিনিমাহৰ পূৰ্বেই উদ্ভৱ হোৱা হিংসাত্মক পৰিস্থিতিৰ এতিয়াও শাম কটা নাই ৰাজ্যখনত ৷

লগতে পঢ়ক : Singer Birendra Nath Datta : চিৰবিদায় মাগিলে লোক-সংস্কৃতিৰ গৱেষক, বিশিষ্ট শিল্পী বীৰেন্দ্ৰনাথ দত্তই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.