ETV Bharat / state

Akhil Gogoi letter to CM: মঙলদৈৰ বিদ্যালয়ত অস্ত্ৰ চালনাৰ প্ৰশিক্ষণক লৈ মুখ্যমন্ত্ৰীক ১০ টা প্ৰশ্ন অখিলৰ

author img

By

Published : Aug 2, 2023, 7:43 PM IST

Updated : Aug 2, 2023, 9:07 PM IST

মঙলদৈত বজৰং দলৰ অস্ত্ৰ প্ৰশিক্ষণক লৈ অব্যাহত আছে বিতৰ্ক ৷ উদ্যোক্তাকে ধৰি এই কাৰ্যৰে জড়িত থকা সকলোকে গ্ৰেপ্তাৰৰ দাবী উত্থাপন হৈছে ৷ এই সন্দৰ্ভত বিৰোধী বিধায়কৰ অখিল গগৈয়ে মুখ্যমন্ত্ৰীলৈ লিখিলে এখন মুকলি চিঠি ৷

Akhil Gogoi letter to CM
Akhil Gogoi letter to CM

গুৱাহাটী, ২ আগষ্ট: মঙলদৈৰ বিদ্যালয়ত বজৰং দলৰ অস্ত্ৰ চালনাৰ প্ৰশিক্ষণক লৈ ৰাজ্য তোলপাৰ লাগিছে ৷ ৰাজ্যৰ সকলো স্তৰতে প্ৰতিক্ৰিয়া অব্যাহত আছে ৷ এই লৈ ঘটনাটো পোহৰলৈ অহাৰ দিনটোৰ পৰাই ধাৰাবাহিকভাৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আহিছে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে ।

বুধবাৰে মখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি একাধিক প্ৰশ্ন উত্থাপনেৰে মুকলি চিঠিৰে সদৰী কৰিলে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় ৷ উত্থাপন কৰিলে মুঠ ১০ টাকৈ প্ৰশ্ন ৷

  • " class="align-text-top noRightClick twitterSection" data="">

পত্ৰত কি লিখিলে অখিল গগৈয়ে ?

মুখ্যমন্ত্ৰীলৈ পত্ৰখনত প্ৰথমেই অখিল গগৈয়ে লিখিছে—

‘‘মুখ্যমন্ত্ৰী ডাঙৰীয়া,
নমস্কাৰ গ্ৰহণ কৰিব।
যোৱা ২৭ জুলাইৰ পৰা ৩০ জুলাই, ২০২৩ তাৰিখলৈ মঙলদৈৰ মহৰ্ষি বিদ্যা মন্দিৰ নামৰ বিদ্যালয়খনত ৰাষ্ট্ৰীয় বজৰংগ দল নামৰ সাম্প্ৰদায়িক সংগঠনটোৱে চলোৱা বেআইনী, সাম্প্ৰদায়িক উত্তেজনা সৃষ্টিকাৰী কাৰ্যকলাপ, দুটা ধৰ্মীয় সম্প্ৰদায়ৰ মাজত সংঘৰ্ষৰ উচতনি দিয়া বক্তব্য তথা সশস্ত্ৰ প্ৰশিক্ষণ লোৱাৰ পাছত উন্মুক্ত মৰণাস্ত্ৰ লৈ শোভাযাত্ৰা কৰা ঘটনাটো সন্দৰ্ভত আপোনালৈ এই মুকলি পত্ৰ প্ৰেৰণ কৰিছোঁ ।

এই ঘটনাটোৱে ৰাজ্যখনত চলি থকা ভয়ংকৰ সাম্প্ৰদায়িক পৰিস্থিতিটো কিমান গভীৰ সকলোৰে সন্মুখত আঙুলি টোঁৱাই দেখুৱাই দিলে । ইমানদিন আপোনাৰ, আপোনাৰ সতীৰ্থ মন্ত্ৰী, আপোনাৰ দলৰ সতীৰ্থ কেইজনমানৰ মুখত সঘনে শুনি থকা সাম্প্ৰদায়িক বক্তব্যবোৰে সকলো গণতান্ত্ৰিক নাগৰিককে শংকিত কৰিছিল আৰু ভবাই তুলিছিল যদিও একাংশ নাগৰিকে ভাবিছিল যে এয়া ভোটৰ অংকত কৰা আপোনালোকৰ কৌশলী প্ৰচাৰ মাত্ৰ । কিন্তু মঙলদৈৰ বজৰংগৰ কাৰ্য-কলাপ আৰু আপোনাৰ চৰকাৰৰ প্ৰায় উদাসীন প্ৰতিক্ৰিয়া তথা চৰকাৰৰ মন্ত্ৰী-বিধায়কৰ সেই ঘটনাৰ সমৰ্থনত প্ৰকাশ কৰা বক্তব্যই প্ৰতিজন সচেতন নাগৰিককে জোকাৰি গৈছে ।”

“২০২৪ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যখনত অস্থিৰতা সৃষ্টি কৰা হ’ব নেকি?’’

লগতে বিধায়ক অখিল গগৈয়ে প্ৰশ্ন কৰিছে—

“সঁচাই অসমতো ভয়ানক সাম্প্ৰদায়িক সংঘৰ্ষৰ প্ৰস্তুতি চলোৱা হৈছে নেকি ? সঁচাকৈয়ে চৰকাৰেই ইয়াৰ পৃষ্ঠপোষকতা কৰিছে নেকি ? ২০২৪ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যখনত অস্থিৰতা সৃষ্টি কৰা হ’ব নেকি ? মুখ্যমন্ত্ৰীৰ মুখৰ সাম্প্ৰদায়িক কথাবোৰৰ আঁৰত লুকাই আছে নেকি ৰাজ্যখনক সম্পূৰ্ণ সাম্প্ৰদায়িক সংঘৰ্ষৰ মাজলৈ ঠেলি দি স্থায়ী ধৰ্মীয় মেৰুকৰণৰ গভীৰ চক্ৰান্ত ?”

বিধায়ক গগৈয়ে পত্ৰখনত মুখ্যমন্ত্ৰীক সম্বোধন কৰি লিখিছে—

“আমি জনাত মঙ্গলদৈত সশস্ত্ৰ কাৰ্যকলাপ চলোৱা আৰু সাম্প্ৰদায়িক সংঘৰ্ষৰ বাবে উচটনি দিয়া ৰাষ্ট্ৰীয় বজৰংগ দল বিজেপিৰে পোনপটীয়াকৈ যুক্ত নহয়; কিন্তু আৰএছএছ পৰিয়ালৰ সদস্য হয় বোধহয় । এই দলটোৰ মুৰব্বীজনে মাজে মাজে প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধেও কথা কোৱা শুনিছোঁ । অৰ্থাৎ, আপোনাৰ দল বিজেপিৰ পোনপটীয়া সহোদৰ নোহোৱা, অৱশ্যে সংঘ পৰিয়ালৰ সদস্য হোৱা, দলটোৰ বেআইনী কাৰ্যকলাপৰ বিৰুদ্ধেও আপুনি কঠোৰ ব্যৱস্থা ল’ব নোৱাৰাটো অতি তাৎপৰ্যপূৰ্ণ ঘটনাৰূপে পৰিগণিত হৈছে । মঙ্গলদৈৰ ঘটনাৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ হোৱাৰ পাছতো যদিহে অসম চৰকাৰে এই বজৰংগৰ ওপৰত কঠোৰতম আইনী ব্যৱস্থা নলয় বা ল’বলৈ সাহস নকৰে তেন্তে চৰকাৰৰ উদ্দেশ্য স্পষ্ট হৈ পৰিব । চৰকাৰে কেৱল মুখেৰে সাম্প্ৰদায়িক উচটনি দিয়াতে সীমাৱদ্ধ নহয়, সাম্প্ৰদায়িক সংঘাত আৰু সংঘৰ্ষৰ বাবে পৃষ্ঠপোষকতা কৰা বুলিয়ে বুজিব লাগিব ।”

NSA, UPA আৰু কবিতা লিখি জেইললৈ যোৱা, শৃংখল চলিহা প্ৰসংগ:

বজৰং দলৰ মুকলি অস্ত্ৰ প্ৰশিক্ষণক লৈ NSA, UPA আৰু কবিতা লিখি জে’ললৈ যোৱা, শৃংখল চলিহাৰ প্ৰসংগও উল্লেখ কৰিছে অখিল গগৈয়ে ৷ বজৰঙৰ অস্ত্ৰ চালনাক লৈ মুখ্যমন্ত্ৰীৰ ভূমিকাক সমালোচনাৰে শীতল আখ্যা অখিল গগৈৰ ৷

বিধায়ক গগৈয়ে লিখিছে—

“মুখ্যমন্ত্ৰী ডাঙৰীয়া...মঙ্গলদৈত সংগঠনটোৰ সংগঠকে সংবাদ মাধ্যমৰ জৰিয়তে দিয়া বক্তব্য দুটা সম্প্ৰদায়ৰ মাজত সংঘৰ্ষ লগোৱাৰ চক্ৰান্তৰে দোষগ্ৰস্ত, অবৈধ সশস্ত্ৰ কাৰ্যকলাপে আৰ্মছ এক্টকে টানি নানে, ই ৰাষ্ট্ৰবিৰোধিতাকো আমন্ত্ৰণ জনায় । সেয়ে ই এনএছএ আৰু ইউএপিএ দুয়োটাৰে আওতাত পৰে । বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ ওপৰত এনএছএ লগাওতে তেওঁৰ মুক্তিৰ বাবে মই আপোনাক কৰা অনুৰোধৰ সময়ত আপুনি মোক কোৱা কথাখিনি নিশ্চয় মনত আছে ।

কবিতা লিখি অসমৰ জীয়ৰী জে’ললৈ যাবলগীয়া হৈছে আপোনাৰ শাসনকালতে । অথচ বন্দুক লৈ সশস্ত্ৰ শোভাযাত্ৰা কৰিলেও, মুকলিকৈ বন্দুক-পিষ্টল ফুটালেও, দেখ দেখকৈ সশস্ত্ৰ উপায়েৰে “ধৰ্মীয় শত্ৰু” নিধনৰ ভাবুকি দিলেও আপুনি ভয়ানকভাৱে শীতল ! এয়া এজন নিৰ্বাচিত মুখ্যমন্ত্ৰীৰ আচৰণ কেনেকৈ হ’ব পাৰে ?”

মঙলদৈ বজৰং কাণ্ডত চৰকাৰৰ প্ৰতিক্ৰিয়া বৰ কুহুমীয়া

“মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাৰ চৰকাৰে বিদ্যালয়ত সভা-সমিতি পতা আৰু বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী প্ৰতিবাদত অংশগ্ৰহণ কৰাটোকে নিষিদ্ধ কৰিছিল । এতিয়া বিদ্যালয় চৌহদত বন্দুকেই ফুটিলচোন ! সশস্ত্ৰ আখৰা চলিল। এতিয়ালৈকে কঠোৰ ব্যৱস্থা লোৱা দেখা নাই । চৰকাৰৰ প্ৰতিক্ৰিয়া বৰ কুহুমীয়া দেখিছোঁ ।” এইদৰে পত্ৰখনত লিখি অখিল গগৈৰ প্ৰশ্ন যে চৰকাৰৰ বিৰুদ্ধে মাত মতা দল-সংগঠনসমূহৰ কাম-কাজ নিষিদ্ধ কৰি সাম্প্ৰদায়িক উন্মাদসকলক ৰাজ্যৰ আইন -শৃংখলা এৰি দিব খোজা হৈছে নেকি?”

উত্থাপন কৰিলে মাদ্ৰাছা ভঙা আৰু মহৰ্ষি বিদ্যা মন্দিৰ প্ৰসংগ

মুখ্যমন্ত্ৰীলৈ লিখা পত্ৰখনত অখিল গগৈয়ে আকৌ লিখিছে— “মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি জেহাদী কাৰ্যকলাপ চলোৱা বুলি সন্দেহ কৰি অসমৰ কেইবাখনো মাদ্ৰাছা ভাঙি পেলোৱা নাছিল জানো ? এতিয়া লোক চক্ষুৰ সন্মুখত অস্ত্ৰ-চালনাৰ প্ৰশিক্ষণ দিয়া মহৰ্ষি বিদ্যা মন্দিৰৰ ওপৰত কঠোৰ ব্যৱস্থা নল’লে আপুনি ৰাইজৰ সন্মুখত বৰ বেয়াকৈ ধৰা পৰি নাযাবনে ? চৰকাৰ এখনৰ এই দেখ দেখ পক্ষপাতিত্বই ৰাষ্ট্ৰৰ প্ৰতি মানুহৰ ঘৃণাৰ সৃষ্টি নকৰিবনে ? আপুনি চৰকাৰৰ মুৰব্বী হিচাপে ৰাষ্ট্ৰৰ প্ৰতি এনে অন্যায়ৰ সিদ্ধান্ত ল’বনে ?”

মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক কেৰিয়াৰৰ বাবে লাজ লগা বিষয় নহ’বনে ?

অখিল গগৈৰ মতে মঙলদৈৰ বজৰং দলৰ এই অস্ত্ৰ চালনাৰ ঘটনা মুখ্যমন্ত্ৰীগৰাকীৰ ৰাজনৈতিক কেৰিয়াৰত এক লাজ লগা বিষয় হ’বগৈ পাৰে ৷ কিন্তু কিয় মুখ্যমন্ত্ৰীগৰাকীৰ বাবে ৰাজতৈতিক কেৰিয়াত লাজ লগা বিষয় হ’ব বুলি ভাবিছে অখিলে ? সেই কথা মুখ্যমন্ত্ৰীলৈ লিখা পত্ৰখনত এইদৰে ব্যাখ্যা কৰিছে অখিল গগৈয়ে—

“মুখ্যমন্ত্ৰী ডাঙৰীয়া, দিনে ৰাতিয়ে আপুনি উন্নয়নৰ কথা কৈ কৈ এতিয়া নিৰ্বাচনত জিকাৰ বাবে চূড়ান্ত সাম্প্ৰদায়িক সংঘৰ্ষৰ পথক পৃষ্ঠপোষকতা কৰিবলগীয়া যদি হৈছে, তেন্তে সেয়া আপোনাৰ ৰাজনৈতিক কেৰিয়াৰৰ বাবে লাজ লগা বিষয় নহ’বনে ?”

মুখ্যমন্ত্ৰীৰ সন্তানৰ প্ৰসংগও টানি আনিলে অখিল গগৈয়ে

বিৰোধীৰ সৰৱ বিধায়ক অখিল গগৈয়ে ৰাইজৰ অভিযোগ আখ্যাৰে মুখ্যমন্ত্ৰীৰ সন্তানৰ প্ৰসংগও টানি আনি লিখিছে— ‘‘মুখ্যমন্ত্ৰী ডাঙৰীয়া, ৰাইজে কোৱা-কুই কৰিছে যে আপোনাৰ দৰে ৰাজনীতিকে নিজৰ সন্তানক নামী-দামী শিক্ষানুষ্ঠানত পঢ়ুৱাই তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত গঢ়িছে আৰু আনৰ সন্তানক সাম্প্ৰদায়িক হিংসাৰ পথলৈ ঠেলি দিছে । আপুনি সঁচাকৈ সেই অভিযোগৰ প্ৰত্যুত্তৰ কাম-কাজৰ মাজেদি দিবনে ?”

মঙলদৈৰ ঘটনাৰ ওপৰত কঠোৰতম ব্যৱস্থা গ্ৰহণৰ পথেই একমাত্ৰ পথ

মুখ্যমন্ত্ৰী ড° শৰ্মালৈ লিখা পত্ৰখনত শেষত অখিল গগৈয়ে লিখিছে বজৰং দলৰ মঙলদৈকাণ্ড প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীৰ হাতত এটাই পথ খোলা আছে, আৰু সেয়া হ’ল মঙলদৈৰ ঘটনাৰ ওপৰত কঠোৰতম ব্যৱস্থা গ্ৰহণ ৷

বিধায়ক অখিলে পত্ৰখন সামৰিছে এইদৰে— “মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাৰ হাতত এটাই পথ খোলা আছে; সেয়া হ’ল মঙলদৈৰ ঘটনাৰ ওপৰত কঠোৰতম ব্যৱস্থা গ্ৰহণ। উদ্যোক্তা, প্ৰশিক্ষক, প্ৰশিক্ষাৰ্থীক গ্ৰেপ্তাৰ । বিদ্যালয়খনৰ ওপৰতো ব্যৱস্থা গ্ৰহণ । ৰাষ্ট্ৰীয় বজৰংগ দলক বেআইনী ঘোষণা কৰি নিষিদ্ধ কৰাৰ সাহস দেখুৱাব নোৱাৰিব বুলি বাৰু আমি জানো । কিন্তু এই ঘটনাত লোৱা আপোনাৰ ভূমিকাই ইতিহাসত আপোনাৰ স্থান নিৰ্ণয় কৰিব ।”
পত্ৰখনৰ বিষয়বস্তুৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দৃষ্টিপাত কৰক বা নকৰক, সামাজিক মাধ্যমত ইতিমধ্যেই বিৰোধী দল ৰাইজৰ দলৰ বিধায়ক অখিল গগৈৰ মুখ্যমন্ত্ৰীলৈ লিখা পত্ৰখনে কিন্তু বিশেষ চৰ্চা লাভ কৰিছে ৷

লগতে পঢ়ক: Bajrang arms taining: বজৰং দলক নিষিদ্ধ কৰাৰ দাবী AIUDF বিধায়কৰ

Last Updated : Aug 2, 2023, 9:07 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.