ETV Bharat / state

Akhil Gogoi: অপমানৰ বাবে কেতিয়াবা নিশা টোপনি নাহে বিধায়ক অখিল গগৈৰ

আক্ষেপ বিধায়ক অখিল গগৈৰ । সংগ্ৰামৰ পথৰ পৰা আহি পিংপং বল হৈছে, লাথ-গোৰ খাইছে । বিধানসভাৰ মজিয়াত হোৱা বাৰম্বাৰ অপমানৰ বাবে কেতিয়াবা ৰাতি টোপনি নাহে । পৰিয়ালৰ লোকে এইবোৰৰ পৰা আঁতৰি আহিবৰ বাবে কয় । ইমান অপমান সহ্য কৰিব নোৱাৰি ।

Akhil Gogoi
Akhil Gogoi
author img

By ETV Bharat Assamese Team

Published : Sep 13, 2023, 9:59 PM IST

অপমানৰ বাবে কেতিয়াবা নিশা টোপনি নাহে বিধায়ক অখিল গগৈৰ

গুৱাহাটী,১৩ ছেপ্টেম্বৰ: ৰাজ্যখনৰ স্বাৰ্থত মাত মতাৰ বাবে আৰু কিমান অপমান সহ্য কৰিব অখিল গগৈয়ে । অসমৰ বিভিন্ন সমস্যা সন্দৰ্ভত সততে সৰৱ হৈ থকা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে পদে পদে ৰজাঘৰীয়াৰ পৰা অপমানিত হ'বলগীয়া হয় । এনে অপমানৰ বাবে বহু সময়ত ৰাতি টোপনি নাহে অখিল গগৈৰ ।

অসম বিধানসভাৰ শৰতকালীন অধিৱেশনৰ বুধবাৰে তৃতীয় দিনা বিধানসভা চৌহদত সংবাদ মাধ্যমৰ আগত এইদৰে আক্ষেপ কৰে বিধায়ক অখিল গগৈয়ে । তেওঁ কয় যে সংগ্ৰামৰ পথৰ পৰা আহি আজি পিংপং বল হিচাপে লাথ-গোৰ খাইছোঁ । বিধানসভাৰ মজিয়াত যি ধৰণে অপমানিত হৈ আছো কেতিয়াবা ৰাতি টোপনি নাহে । তেওঁ আক্ষেপেৰে কয় ।

তেওঁ লগতে কয় যে পৰিয়ালৰ লোকে তেওঁক এইবোৰৰ পৰা আঁতৰি আহিবৰ বাবে কয় । ইমান অপমান সহ্য কৰিব নোৱাৰি । ইফালে মুখ্যমন্ত্রীৰ পত্নীৰ ভূমি কেলেংকাৰী সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ সংবাদ মাধ্যমৰ ভূমিকাৰ শলাগ লয় । বিশেষকৈ সাংবাদিকসকলৰ ।

তেওঁৰ সংগ্ৰামী সত্তাকলৈ উত্থাপন হোৱা অভিযোগ সন্দৰ্ভত তেওঁ কয় যে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আন্দোলন কৰি কৈলাশ লোহিয়াৰ পৰা কামৰূপ মহানগৰত ১০২ বিঘা মাটি কাঢ়ি আনিবলৈ সক্ষম হৈছিল । আন্দোলন কৰি অসমত পৃথানীৰ সকলো প্ৰকল্প বন্ধ কৰি দিয়া হ'ল ।

আনহাতে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ ফাইলৰ প্ৰসংগত তেওঁ কয় যে সেই ফাইলটোত হিমন্ত বিশ্ব শৰ্মা মন্ত্রী হৈ কেনেকৈ টাডা কেচৰ ফাইলবিলাক নাইকিয়া কৰি দিলে তাৰ বিষয়ে আছে । এতিয়া সেই ফাইলটো দেখুৱাই লাভ নাই ।

সেইদৰে অৰ্কিড উদ্যানৰ প্ৰসংগত তেওঁ কয় যে অৰ্কিড উদ্যানৰ পৰা কোনো পইচা নাপাওঁ । কেতিয়াবা দৰমহা দিয়াৰ বাবে পত্নীৰ পৰা টকা লৈ দিয়া হয় বুলি তেওঁ সদৰী কৰে । অৱশ্যে বৰ্তমান অৱস্থা ভাল হৈছে বুলিও তেওঁ উল্লেখ কৰে । তাত ২৮ বিঘা ভূমি আছে বুলি সদৰী কৰি তেওঁ কয় যে বিজেপি চৰকাৰে অৰ্কিড উদ্যানখন ভাঙিব বিচাৰিছিল ।

তেওঁ মুখ্যমন্ত্রীক কাজিৰঙা অৰ্কিড উদ্যানৰ দৰে এখন উদ্যান নিৰ্মাণ কৰাৰ বাবে প্ৰত্যাহ্বান জনায় । মুখ্যমন্ত্রী আৰু তেওঁৰ কোম্পানীয়ে এনে এখন উদ্যান নিৰ্মাণ কৰিব নোৱাৰে বুলি তেওঁ স্পষ্টকৈ উল্লেখ কৰে ৷

লগতে পঢ়ক: Assam CM wife land scam: প্ৰসংগ-১০ কোটি টকাৰ ৰাজসাহায্য; মুখ্যমন্ত্রী আৰু গৌৰৱ গগৈৰ টুইট যুদ্ধ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.