ETV Bharat / state

Akhil Gogoi health update: চিকিৎসালয়ৰ পৰা ওলাল অখিল গগৈ - ছুপ্ৰাভেন্ট্ৰিকুলাৰ টেকিকাৰ্ডিয়া

সফল অস্ত্ৰোপচাৰৰ পিছত চিকিৎসালয়ৰ পৰা ওলাল কৃষক নেতা তথা বিধায়ক অখিল গগৈ(MLA Akhil Gogoi released from hospital) ৷ শুভাকাংক্ষীসকলক ধন্যবাদ জ্ঞাপন বিধায়কগৰাকীৰ ৷ বাংগালুৰুবাসী অসমৰ বহু শুভাকাংক্ষীয়ে হাস্পতালৰ বাহিৰত জনালে শুভেচ্ছা ৷

Akhil Gogoi health update
চিকিৎসালয়ৰ পৰা ওলাল অখিল গগৈ
author img

By

Published : Nov 6, 2022, 9:17 PM IST

Updated : Nov 6, 2022, 9:25 PM IST

গুৱাহাটী, ৬ নৱেম্বৰ: সফল অস্ত্ৰোপচাৰৰ পিছত চিকিৎসালয়ৰ পৰা ওলাল কৃষক নেতা তথা বিধায়ক অখিল গগৈ(MLA Akhil Gogoi) ৷ দেওবাৰে বাংগালুৰুৰ নাৰায়ণা হেল্থচিটিৰ পৰা বিধায়ক অখিল গগৈক আহিবলৈ চিকিৎসকে অনুমতি দিয়ে ৷ অৱশ্যে চিকিৎসকৰ পৰামৰ্শ অনুসৰি আৰু দুদিনমান তেওঁ বাংগালুৰুতে থাকিব লাগিব । শুকুৰবাৰে বাংগালুৰুৰ নাৰায়ণা হেল্থ চিটি ছুপাৰ স্পেচিয়েল হাস্পতালত সম্পন্ন হৈছিল অখিল গগৈৰ হৃদযন্ত্ৰৰ জটিল অস্ত্ৰোপচাৰ । পুৱা ৯ বজাৰ পৰা প্ৰায় তিনি ঘণ্টাজোৰা অস্ত্ৰোপচাৰ হৈছিল বিধায়ক গগৈৰ ৷

Akhil Gogoi health update
চিকিৎসালয়ৰ পৰা ওলাল অখিল গগৈ

অস্ত্ৰোপচাৰৰ পিচত বিধায়কজনক যোৱা দুদিন পৰ্যবেক্ষণত ৰখা হৈছিল ৷ ছুপ্ৰাভেন্ট্ৰিকুলাৰ টেকিকাৰ্ডিয়া(Akhil suffers from Supraventricular tachycardia) নামৰ এক ৰোগত আক্ৰান্ত অখিল গগৈক প্ৰাৰম্ভিকভাৱে গুৱাহাটী মেডিকিল কলেজত ভৰ্তি কৰা হৈছিল(MLA Akhil Gogoi hospitalized) ৷ কিন্তু এই জটিল হৃদৰোগৰ উপযুক্ত চিকিৎসা ব্যৱস্থা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত নথকাৰ বাবে তেওঁক ১ নৱেম্বৰত বাংগালুৰুৰ চিকিৎসালয়খনলৈ প্ৰেৰণ কৰা হয় ৷ নাৰায়ণা হাস্পতালৰ ডা° শ্ৰীৰ্ষা শংকৰ মাইয়া (Dr. Shreesha Shankar Maiya) আৰু ডাঃ কপিল কুমাৱাত (Dr Kapil Kumawat)ৰ তত্বাৱধানত শুকুৰবাৰে EPS RFA নামৰ এক অস্ত্ৰোপচাৰ সম্পন্ন হয় । চিকিৎসা বিজ্ঞানৰ তথ্যমতে ১০লাখ লোকৰ মাজত এজনহে এই ৰোগত আক্ৰান্ত হয় ৷

Akhil Gogoi health update
চিকিৎসালয়ৰ পৰা ওলাল অখিল গগৈ

৫ দিন চিকিৎসালয়ত থাকি অস্ত্ৰোপচাৰৰ পিছত দেওবাৰে চিকিৎসালয়ৰ পৰা ওলাই অহাৰ সময়ত বাহিৰত সাক্ষাৎ কৰিবলৈ বাংগালুৰু নিবাসী অসমৰ শুভাকাংক্ষীক অপেক্ষা কৰি থকা দেখা যায় ৷ বাংগালুৰু নিবাসী অখিল গগৈৰ শুভাকাংক্ষীসকলে তেওঁৰ দ্ৰুত আৰোগ্য কামনা কৰি শুভেচ্ছা জনায় ৷ অখিল গগৈ সম্প্ৰতি সম্পূৰ্ণ সুস্থ যদিও কিছুদিন জিৰণি ল’বলৈ পৰামৰ্শ দিছে চিকিৎসকে(Akhil Gogoi hospitalized in Bengaluru) ৷

Akhil Gogoi health update
চিকিৎসালয়ৰ পৰা ওলাল অখিল গগৈ

চিকিৎসালয়ৰ পৰা ওলাই স্বাস্থ্যৰ খবৰ লোৱা সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰি বিধায়ক গগৈয়ে কয় “অসম আৰু ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা যিসকল ব্যক্তি, অনুষ্ঠান-প্ৰতিষ্ঠান, দল-সংগঠনে মোৰ অসুস্থতাৰ বাবে উদ্বিগ্নতা প্ৰকাশ কৰিলে, সাহস যোগালে, নামঘৰ, মন্দিৰ, দৌল, মছজিদ, গীৰ্জা আদিত প্ৰাৰ্থনা জনালে সকলোকে গভীৰভাৱে কৃতজ্ঞতা জনাইছোঁ । চিকিৎসকে প্ৰকাশ কৰা অনুসৰি অস্ত্ৰোপচাৰ সম্পূৰ্ণ সফলতাৰে সম্পন্ন হৈছে । আশা কৰিছো কম সময়ৰ ভিতৰতে সামাজিক কাম-কাজত পুনৰ জড়িত হ’ব পাৰিম" ।

Akhil Gogoi health update
চিকিৎসালয়ৰ পৰা ওলাল অখিল গগৈ

বিধায়ক গগৈয়ে আৰু কয় যে, “বাংগালুৰুলৈ চিকিৎসা প্ৰদানৰ ক্ষেত্ৰত কিছু আগতীয়া ধন অসম বিধানসভাৰ পৰা উলিয়াই দিয়াৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াইছিল বিধায়ক মনোৰঞ্জন তালুকদাৰ, অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, প্ৰধান সচিব হেমেন দাস, অধ্যক্ষৰ সচিব সৌমেন বৰুৱা আৰু একাউঞ্চ বিভাগৰ বিষয়া বিমল শৰ্মাই । তেখেতসকল সকলোকে গভীৰ কৃতজ্ঞতা জনালোঁ ।” আশা কৰা হৈছে সোনকালেই নেতাগৰাকী পুনৰ সক্ৰিয় ৰাজহুৱা জীৱনলৈ সম্পূৰ্ণ সুস্থ হৈ আহিব ৷

লগতে পঢ়ক : Akhil Gogoi health update: উন্নত চিকিৎসাৰ বাবে বেংগালুৰুলৈ স্থানান্তৰ বিধায়ক অখিল গগৈক

Last Updated : Nov 6, 2022, 9:25 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.