গুৱাহাটী, ২ ছেপ্টেম্বৰ : ‘‘জ্বলিছে অসম, দহিছে খিলঞ্জীয়া ৷ প্ৰকৃততে ভুল কাৰ ? চৰকাৰ, সাধাৰণ জনতা নে আন কোনোবা ? কাক বিশ্বাসত ল’ব সাধাৰণ জনতাই ? কোনে হৰিব দুখীয়াৰ দুখ ? সকলো এতিয়া নুবুজা সাঁথৰ ৷’’
গুৱাহাটীৰ শিলসাঁকোৰ উচ্ছেদ কাৰ্যক সম্পূৰ্ণ খিলঞ্জীয়া বিৰোধী আখ্যা দিছে বিধায়ক অখিল গগৈয়ে । সকলোৰে জ্ঞাত যে, শুকুৰবাৰে শিলসাঁকোৰ উচ্ছেদৰ বিৰোধীতা কৰি ৰাইজ ওলাই অহাৰ লগতে একাংশ মহিলাই অৰ্ধ উলংগ হৈ প্ৰতিবাদ সাব্যস্ত কৰিছিল । ইফালে প্ৰতিবাদী কাৰ্যসূচীত অংশ লোৱা বহুজনক আৰক্ষীয়ে আটক কৰাৰ পাচত কেইবাজনক গ্ৰেপ্তাৰ কৰে ।
কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া আৰু সাংগঠনিক সম্পাদক আকাশ দলেক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । শিলসাঁকোৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিধায়ক অখিল গগৈয়ে ইয়াক কঠোৰ ভাষাৰে নিন্দা কৰে ।
তেওঁ কয়, ‘‘যিসময়ত শিলসাঁকোত সাংসদ বদৰুদ্দিন আজমলৰ সম্পত্তি আছে, টাটাৰ জিনজাৰ হোটেল নিৰ্মাণ কৰা হৈছে, হিম্মৎ সিংকাৰ ১৮ মহলীয়া অট্টালিকা নিৰ্মাণ কৰা হৈছে সেই সময়ত কেইবা দশক ধৰি বসবাস কৰি থকা অসমৰ খিলঞ্জীয়া লোকসকলক উচ্ছেদ কৰাটো কেতিয়াও মানি ল’ব নোৱাৰি’’ ।
শিলসাঁকোৰ পাৰত বসবাস কৰা লোকসকলৰ ওপৰত চলোৱা উচ্ছেদ কাৰ্য শীঘ্ৰে বন্ধ কৰাৰ দাবী জনাই তেওঁ ৰাইজৰ ওপৰত চলোৱা অত্যাচাৰ বন্ধ কৰাৰো দাবী জনায় । লগতে বিধায়ক অখিল গগৈয়ে গ্ৰেপ্তাৰ কৰা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া আৰু সাংগঠনিক সম্পাদক আকাশ দলেক শীঘ্ৰে বিনা চৰ্তে মুকলি কৰি দিয়াৰো দাবী উত্থাপন কৰে । লগতে তেওঁ গ্ৰেপ্তাৰ কৰা আন প্ৰতিবাদকাৰী সকলকো বিনা চৰ্তে মুকলি কৰাৰ দাবী জনায় ।
লগতে পঢ়ক : Lurinjyoti Gogoi on Silsako eviction; গাৰ কাপোৰ খুলি খিলঞ্জীয়া মহিলাৰ প্ৰতিবাদ; ক্ষোভ প্ৰকাশ লুৰীণজ্যোতিৰ