ETV Bharat / state

Assam Flood Scenario: ভাঙি পেলাওক গেৰুকামুখৰ নদী বান্ধ; ক্ষোভ অখিল গগৈৰ

author img

By

Published : Jun 17, 2023, 6:07 PM IST

বাৰিষাৰ আগমনৰ লগে লগে ৰাজ্যত আৰম্ভ হৈছে বানপানীৰ সংহাৰ ৷ নানমি সোৱণশিৰি জলবিদ্যৎ প্ৰকল্পইয়ো আনিছে ভাবুকি ৷ ইয়াৰ বিৰুদ্ধে এতিয়া পুনৰ সৰৱ ৰাইজৰ দলৰ বিধায়ক অখিল গগৈ ৷

NHPC
NHPC

বৃহৎ নদী বান্ধৰ বিৰুদ্ধে সৰৱ অখিল গগৈ

গুৱাহাটী, ১৭ জুন: বানপানী আৰু বৃহৎ নদী বান্ধৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ পৰিছে ৰাইজৰ দলৰ নেতা তথা বিধায়ক অখিল গগৈ ৷ বানমুক্ত অসমৰ প্ৰতিশ্ৰুতি ক’ত হেৰাল ? চৰকাৰ আৰু বিভাগীয় মন্ত্ৰী পীযুষ হাজৰিকাক শনিবাৰে এই প্ৰশ্ন বিধায়ক অখিল গগৈৰ ৷ উজনি নামনি সকলোতে এতিয়া বানৰ সংহাৰ, ক'ত আছে চৰকাৰ বুলি প্ৰশ্ন অখিল গগৈৰ ৷

বিধায়ক অখিল গগৈৰ অভিযোগ যে মাথাউৰি মেৰামতিৰ নামত কেৱল মাথাউৰিত বোকা লেপি দায়িত্ব সামৰিছে বিভাগীয় মন্ত্ৰীগৰাকীয়ে ৷ আনহাতে, গেৰুকামুখৰ নামনি সোৱণশিৰিৰ প্ৰকল্পটো ভাঙি পেলোৱাৰ দাবী জলাইছে অখিল গগৈয়ে ৷ ৰাইজৰ প্ৰতিবাদক নেওচি অহা মাহৰ পৰা প্ৰকল্পটোত বিদ্যুৎ উৎপাদনৰ বাবে প্ৰস্তুতি চলাইছিল NHPCয়ে ৷

কিন্তু এইকেইদিনত চপৰা চপৰে খহিছে প্ৰকল্পথলীৰ চনকা পাহাৰ । বান্ধৰ নামনিত হৈছে ব্যাপক গৰা খহনীয়া ৷ ৰিজাৰ্ভাৰৰ পৰা পানী এৰ দিবলৈ বাধ্য হৈছে NHPC ৷ গেৰুকামুখৰ বৃহৎ নদীবান্ধটোত শংকিত হৈ পৰিছে লখিমপুৰ-ধেমাজিৰ জনসাধাৰণ ৷

তাৰ মাজতেই শনিবাৰে নদী বান্ধ বিৰোধী আন্দোলনৰ অগ্ৰণী নেতা অখিল গগৈৰ মন্তব্য যে নামনি সোৱণশিৰিৰ জলবিদ্যুৎ প্ৰকল্পটো নিৰ্মাণ কৰিব নালাগে বুলি বৈজ্ঞানিক সকলে ঠিকে কৈছিল ৷ এই বান্ধে অসমৰ মানুহক কেতিয়াও সহায় কৰিব নোৱাৰে ৷ এই নদী বান্ধটো ভাঙি পেলাবই লাগিব বুলি দাবী অখিল গগৈৰ ৷

উল্লেখ্য যে মাত্ৰ দুদিন পূৰ্বে NHPCয়ে ছয়খন গেটেৰে পানী এৰি দিয়াৰ ফলত সৃষ্টি হৈছিল হাহাকাৰ পৰিস্থিতিৰ ৷ আনহাতে প্ৰৱল বৰষুণৰ ফলত ঠায়ে ঠায়ে ভূমিস্খলন হোৱাৰ লগতে খহি পৰিছে গাৰ্ডৱাল ৷ এনে পৰিস্থিতিত ভয়ংকৰ বিপদৰ আশংকা নস্যাৎ কৰিব নোৱাৰি ৷

লগতে পঢ়ক: Water level of the Subansiri River is rising: যিকোনো মুহূৰ্ততে দুৰ্ঘটনা সংঘটিত হ’ব পাৰে সোৱণশিৰিৰ বক্ষত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.