গুৱাহাটী, ১৭ জুলাই: কটন বিশ্ববিদ্যালয়ৰ সভাপতি-সম্পাদকে বিজেপিত যোগদানক লৈ সৰ্বত্ৰে প্ৰতিক্ৰিয়া হৈছে (Cottonian joins BJP) । দেওবাৰে সংবাদ মেলযোগে বিধায়ক অখিল গগৈয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে কটনৰ সভাপতি, সম্পাদকে বিজেপিত যোগদান কৰি কটনৰ গৰিমাত কালিমা সানিলে । এওঁলোকক ঘৃণাৰে উপজাই পেলাব লাগে ।
লগতে তেওঁ কয়, ‘‘আমি কটনত থাকোতে শাসকপক্ষক ৰাজনীতিৰ পৰা আঁতৰাবলৈ যুঁজিছিলো (Akhil Gogoi in cotton college)। হিমন্তবিশ্বক কটনৰ পৰা খেদিবলৈ আমি সংগ্ৰাম কৰিছিলো । কিন্ত আজিৰ দিনত কটনৰ সভাপতি, সম্পাদকে ভাৰতৰ আটাইতকৈ সাম্প্ৰদায়িক ফেচিষ্ট দলটোত যোগ দিছে । ইয়েই কটনীয়ানৰ গৰিমাত কলংক সানিছে ।
এই কাৰ্যক নিন্দা কৰা বুলি উল্লেখ কৰি বিধায়কগৰাকীয়ে এনেকুৱা গেলা ৰাজনীতি কৰা ছাত্ৰনেতাক কোনোপধ্যে স্থান নিদিবলৈ আৰু গেলা ৰাজনীতিক প্ৰশ্ৰয় নিদিবলৈ কটনীয়ানক আহ্বান জনায় । আনহাতে বিজেপি দল আৰু মুখ্যমন্ত্ৰীক ছাত্ৰ-ছাত্ৰীক লেতেৰা ৰাজনীতিৰ মাজলৈ নানিবলৈ সকীয়নী দিয়ে অখিল গগৈয়ে (MLA Akhil Gogoi)।
লগতে পঢ়ক: Presidential Election 2022: অখিল গগৈৰ মতে আজমলৰ দলে NDAৰ প্ৰাৰ্থীক ভোট দিয়াটো খাটাং