ETV Bharat / state

Lower Subanshiri big dam: নামনি সোৱণশিৰি নদীবান্ধ ভাঙি পেলোৱাৰ দাবী বিধায়ক অখিল গগৈৰ

author img

By ETV Bharat Assamese Team

Published : Oct 27, 2023, 10:21 PM IST

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাষৰ পাহাৰ খহি নদী পৰীয়া ৰাইজলৈ নমাই অনা ভাবুকিক লৈ শংকিত ৰাইজৰ দল । নিৰ্মাণকাৰ্য চলি থাকোতেই বান্ধটোৱে সোৱণশিৰিৰ ৰাইজৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে । সোৱণশিৰি নদীখন শুকাই গৈছে আৰু ইয়াৰ জৈব্য-বৈচিত্ৰৰ প্ৰতি ভাবুকিৰ সৃষ্টি হৈছে ।

demolition of lower Subanshiri big dam
demolition of lower Subanshiri big dam
নামনি সোৱণশিৰি নদীবান্ধ ভাঙি পেলোৱাৰ দাবী বিধায়ক অখিল গগৈৰ

গুৱাহাটী, ২৭ অক্টোবৰ: নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পই নদীখনলৈ কঢ়িয়াই অনা বিপৰ্যয় সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে । উল্লেখ্য যে শুকুৰবাৰে পুৱা ভাগত গেৰুকামুখ পাহাৰৰ বৃহৎ অংশ খহি পৰে । যাৰ ফলত সম্পূৰ্ণ ৰূপে বন্ধ হৈ পৰে প্ৰকল্পটোৰ কাৰ্যক্ষম হৈ থকা একমাত্ৰ ডাইভাৰচন টানেল । ইয়াৰ ফলত সম্পূৰ্ণ ৰূপে শুকাই যায় সোৱণশিৰি নদীৰ পানী ।

এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিধায়ক অখিল গগৈয়ে কয় যে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পই সোৱণশিৰি নদী আৰু নৈপৰীয়া ৰাইজলৈ কঢ়িয়াই অনা ভাবুকিক লৈ ৰাইজৰ দল শংকিত । থুনুকা পাহাৰ খহি নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত ডাইভাৰচন টানেল বন্ধ কৰি পেলোৱাৰ পিছত হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈছে সোৱণশিৰিপৰীয়া ৰাইজৰ ।

ৰাইজৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰা এই বান্ধটো ভাঙি পেলোৱাৰ দাবী জনাইছে বিধায়ক অখিল গগৈয়ে । বিধায়কগৰাকীয়ে কয় যে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ আন্দোলনৰ বাবে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম সাত বছৰ বন্ধ হৈ আছিল । কিন্তু বিজেপি চৰকাৰে বলপূৰ্বকভাৱে নদীবান্ধটোৰ কাম পুনৰ আৰম্ভ কৰিলে । এতিয়া নিৰ্মাণ কাৰ্য চলি থাকোতেই সোৱণশিৰি ৰাইজৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে । সোৱণশিৰি নদীখন শুকাই গৈছে আৰু ইয়াৰ জৈব্য-বৈচিত্ৰৰ প্ৰতি ভাবুকিৰ সৃষ্টি হৈছে ।

ইতিমধ্যে পাহাৰ খহি টানেল সমূহ বন্ধ হোৱাৰ বাবে ওপৰ অংশত পানী জমা হৈছে । যাৰ দ্বাৰা ভয়াৱহ বিপদ ঘটিব পাৰে বুলি তেওঁ আশংকা প্ৰকাশ কৰে । নদীবান্ধটো সম্পূৰ্ণৰূপে নিৰাপদ নহয় বুলি সদৰী কৰি তেওঁ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পটো ভাঙি দিয়াৰ দাবী জনায় । কোনো ক্ষেত্ৰতে এই নদীবান্ধটো নিৰাপদ নহয় আৰু বান্ধটোৰ দ্বাৰা অসমৰ কোনো লাভ নহয় বুলি তেওঁ কয় ।

লগতে পঢ়ক: Sobansiri Hydroelectric Project : সোৱণশিৰিপৰীয়া ৰাইজলৈ লখিমপুৰ জিলা প্ৰশাসনৰ সতৰ্কবাৰ্তা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.