ETV Bharat / state

Mission Basundhara : মিছন বসুন্ধৰাত এতিয়ালৈকে মাত্ৰ ৯ লাখৰ আবেদন

author img

By

Published : Feb 26, 2023, 8:27 PM IST

ভূমি পট্টা বিচাৰি অনলাইন আবেদনত বাৰম্বাৰ ব্যৰ্থ । একচনীয়া পট্টাৰ ভূমি, জৰীপ নোহোৱা ভূমি, ভি জি আৰ-পি জি আৰ ভূমি, ৰায়তীস্বত্বৰ ভূমিৰ বাবে আবেদনপত্ৰত 'অপচন' বিচাৰি নাপাই মাটিৰ গৰাকীৰ হাহাকাৰ । সম্পূৰ্ণ অপৰিকল্পিতভাৱে কেৱল মাথো চমক সৃষ্টিৰ বাবে ৰূপায়ণ কৰা বসুন্ধৰা ২.০ৰ দ্বাৰা উপকৃত নহ'ব গৰিষ্ঠ সংখ্যক পট্টাহীন লোক (Mission Basundhara in Assam)। চৰকাৰৰ বিৰুদ্ধে ক্ষোভিত ভূমি অধিকাৰ সংগ্ৰাম সমিতিৰ সভাপতি প্ৰবীণ জ্যোতি কলিতা ।

Mission Basundhara
মিছন বসুন্ধৰাত এতিয়ালৈকে মাত্ৰ ৯ লাখৰ আবেদন

গুৱাহাটী,২৬ ফেব্ৰুৱাৰী : ৰাজ্য চৰকাৰৰ মিছন বসুন্ধৰা ২.০ৰ জৰিয়তে ভূমি পট্টা লাভৰ ক্ষেত্ৰত এতিয়াও অনিশ্চয়তাত আছে ৰাজ্যৰ লাখ লাখ পৰিয়ালৰ লগতে মহানগৰীৰ ৪০ সহস্রাধিক পৰিয়াল (Guwahati public deprived of land pattas)। অধিকাংশ লোকেই বসুন্ধৰাৰ জৰিয়তে ভূমিৰ পট্টা বিচাৰি অনলাইনযোগে আবেদন কৰিবলৈ গৈ বাৰে বাৰে মুখথেকেচা খাবলগীয়া হৈছে । ইয়াৰ মূলতে আছে বসুন্ধৰা ২.০ৰ অনলাইন ব্যৱস্থাত ব্যাপক বিসংগতি তথা খেলিমেলি ।

বিশেষকৈ একচনীয়া মাটিৰ দখলদাৰৰ বাবে পট্টা বিচৰাৰ কোনো সুবিধাই নাই অনলাইন আবেদনপত্রত । কেৱল ইমানেই নহয়, জৰীপ নোহোৱা ভূমি, ভিজিআৰ-পি জি আৰ ভূমি, ৰায়তীস্বত্বৰ ভূমিৰ গৰাকীক পট্টাৰ বাবে আবেদন কৰিবলৈ ৰাজ্য চৰকাৰে অনলাইন আবেদন ব্যৱস্থাত কোনো 'অপচন' বা সুবিধা ৰখা নাই । যাৰ পৰিণতিত হাজাৰ হাজাৰ পৰিয়ালৰ মাজত হাহাকাৰ লাগিছে ।

পট্টা বিচাৰি আবেদনৰ বাবে চৰকাৰে মিছন বসুন্ধৰা ২.০ৰ জৰিয়তে আবেদন কৰিবলৈ ধার্য কৰা শেষ সময়সীমা উকলিবলৈ মাত্র এমাহ সময় আছে যদিও এতিয়াও বহু লোকে আবেদন কৰিবলৈ সক্ষম হোৱা নাই । এই সন্দৰ্ভত ইটিভি ভাৰতৰ তৰফৰ পৰা ভূমি অধিকাৰ সংগ্ৰাম সমিতিৰ সভাপতি প্ৰবীণ জ্যোতি কলিতাৰ আছুতীয়া সাক্ষাৎকাৰ গ্ৰহণ কৰা হৈছিল । সাক্ষাৎকাৰত কলিতাই কয় যে গুৱাহাটী মহানগৰীত ৮৫ হাজাৰ পৰিয়ালৰ ভূমি পট্টা নাই (Mission Basundhara application)।

মিছন বসুন্ধৰা ২.০ৰ জৰিয়তে এতিয়ালৈকে ৫০ শতাংশ লোকেহে পট্টা বিচাৰি আবেদন কৰিব পাৰিছে । বিশেষকৈ মহানগৰীৰ ১৮ খন পাহাৰত দীৰ্ঘদিন ধৰি বসবাস কৰি থকা লোকসকলৰ বেছিভাগেই এতিয়ালৈকে মিছন বসুন্ধৰা কি ভালদৰে বুজিয়ে পোৱা নাই ।

সাধাৰণ লোকৰ সুবিধার্থে অনলাইন আবেদন ব্যৱস্থাটো সহজসাধ্য কৰিবলৈ আহ্বান জনাই ভূমি অধিকাৰ সংগ্ৰাম সমিতিয়ে (Bhumi Adhikar Sangram Samittee) ইতিমধ্যে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰিছিল বুলি তেওঁ সদৰি কৰি কয় যে এইক্ষেত্রত কোনো গুৰুত্ব দিয়া হোৱা নাই । অনলাইন আবেদনৰ জৰিয়তে ভূমি পট্টা দিয়াৰ নামত ৰাজ্য চৰকাৰে কেৱল মাথো চমক সৃষ্টি কৰিছে বুলি তীব্র ক্ষোভ ব্যক্ত কৰি তেওঁ কয় যে মিছন বসুন্ধৰা ২.০ৰ জৰিয়তে পট্টা বিচৰা আৰু পৰ্বতত কাছৰ কণী বিচৰা একেই কথা হৈছে ।

চৰকাৰে কোনো দল-সংগঠন তথা বিশেষজ্ঞৰ লগত আলোচনা নকৰি কেৱল মধ্যভোগীৰ কথামতে ভূমিৰ পট্টা দিয়াৰ ব্যৱস্থা কৰাত সাধাৰণ জনতা উপকৃত হোৱা নাই । যাৰ পৰিণতিত এই মিছন বসুন্ধৰা ২.০ অভিযান এতিয়া চৰম ভেকোঁভাওনাত পৰিণত হৈছে (Anomalies in Mission Bashundhara)।

উল্লেখ্য যে বসুন্ধৰা ২.০ৰ জৰিয়তে অনলাইন আবেদনৰ সময় ১০ জানুৱাৰীতে উকলি গৈছিল যদিও চৰকাৰে অতিৰিক্তভাৱে ৩১ মার্চলৈকে সময় বৃদ্ধি কৰিছিল (Mission vasundhara last date extended)। অর্থাৎ ৩১ মার্চলৈকেহে পট্টা প্রত্যাশীয়ে আবেদন কৰিব পাৰিব ।

সমগ্ৰ ৰাজ্যৰ ভূমি পট্টাৰ পৰা বঞ্চিত প্রায় ৪০ লাখ পৰিয়ালৰ ভিতৰত বসুন্ধৰা ২.০ৰ জৰিয়তে এতিয়ালৈকে কেৱল ৯ লাখ লোকেহে আবেদন কৰিবলৈ সক্ষম হৈছে বুলি তেওঁ কয় (BASS reacts over Mission Basundhara)। তেনেস্থলত বাকী থকা এমাহত কিমান লোকে আবেদন কৰিবলৈ সক্ষম হ'ব সেয়া সহজতে অনুমেয় ।

তেওঁ লগতে কয় যে সম্পূৰ্ণ অপৰিকল্পিতভাৱে কেৱল মাথো চমক সৃষ্টিৰ বাবে ৰূপায়ণ কৰা বসুন্ধৰা ২.০ৰ যোগেদি গৰিষ্ঠ সংখ্যক পট্টাহীন ৰাইজ উপকৃত নহ'ব । ইফালে অনলাইন আবেদনৰ নামত একশ্ৰেণীৰ দালালৰ সৃষ্টি হৈছে আৰু যিয়ে সাধাৰণ জনতাৰ পৰা আবেদনৰ নামত লুণ্ঠন চলাই আছে বুলি তেওঁ কয় ।

লগতে পঢ়ক :Nalbari District Jail corruption : নলবাৰী কাৰাগাৰত চলে নেকি সহকাৰী কাৰাধ্যক্ষৰ ৰাজত্ব ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.