ETV Bharat / state

আলি-আয়ে-লৃগাঙত নালাগে ৰেষ্ট্ৰিকটেড হলিডে’

আলি-আয়ে-লৃগাঙত ৰাজ্যিক বন্ধ লাগিবই, কোনো কাৰণতে আলি-আয়ে-লৃগাঙত ঘোষণা কৰা দহখন জিলাৰ চৰকাৰী বন্ধ মানি নোলোৱাৰ ধ্বনিৰে পুনৰ উত্তাল যোৰাবাট ৷

mising-community-hold-protest-in-guwahati-demanding-holiday-for-ali-aye-ligang
মিচিং লোকসকলে অব্যাহত ৰাখিছে প্ৰতিবাদ
author img

By ETV Bharat Assamese Team

Published : Dec 5, 2023, 10:14 AM IST

মিচিং লোকসকলে অব্যাহত ৰাখিছে প্ৰতিবাদ

গুৱাহাটী, ৫ ডিচেম্বৰ : ৰাজ্যখনৰ দ্বিতীয় বৃহত্তৰ জনসংখ্যাৰ জনজাতি মিচিং সকলৰ জাতীয় উৎসৱ আলি-আয়ে-লৃগাঙত ৰাজ্যিক বন্ধৰ দাবীত মিচিং লোকসকলে অব্যাহত ৰাখিছে প্ৰতিবাদ । ইতিমধ্যে অসম চৰকাৰে ৰাজ্যিক বন্ধ আৰু ৰেষ্ট্ৰিকটেড হলিডেৰ তালিকা ৰাজহুৱা কৰিছে । অসম চৰকাৰে ঘোষণা কৰা ৰাজ্যিক বন্ধৰ তালিকাত মিচিং জনগোষ্ঠীৰ জাতীয় উৎসৱ আলি-আয়ে-লৃগাং নথকাত ক্ষোভত অগ্নিশৰ্মা হৈ পৰিছে মিচিং জনগোষ্ঠীৰ লোকসকল ।

সোমবাৰে মহানগৰীৰ খানাপাৰাৰ যোৰাবাটত মিচিং জনগোষ্ঠীৰ সচেতন ৰাইজৰ নেতৃত্বত যোৰাবাট কাৰ্পূমপুলি আলি-আয়ে-লৃগাং উদযাপন সমিতিৰ সহযোগত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হয় । মিচিং ৰেঙাম ইৰৰই, আলি আয়ে লৃগাং ইৰৰই, ৰেষ্ট্ৰিকটেড হলিডে আমাক নালাগে, ৰাজ্যিক বন্ধ আমাক লাগিবই, মিচিং জনগোষ্ঠীক লৈ ৰাজনীতি কৰা বন্ধ কৰক, মিচিং ৰাইজক ললিপপ দিয়া বন্ধ কৰক, হিমন্ত বিশ্ব শৰ্মা হায় হায়, ৰণোজ পেগু হায় হায় আৰু বিজেপি চৰকাৰ হায় হায় আদি শ্ল’গানেৰে যোৰবাটৰ আকাশ-বতাহ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীয়ে ৷

সোমবাৰৰ প্ৰতিবাদী কাৰ্যসূচীত মিচিং জনগোষ্ঠীৰ সচেতন ৰাইজৰ প্ৰতিনিধি আকাশ দলে, বিপুল কুটুম, জয়নাথ দলে আৰু মহেন্দ্ৰ ব’ এ কয় যে, অসমৰ ভূমিপুত্ৰ মিচিং জনগোষ্ঠীৰ লোকসকলে মিচিং জনগোষ্ঠীৰ প্ৰাণৰো প্ৰাণৰ, জাতিটোৰ আয়ুস ৰেখা সদৃশ জাতীয় উৎসৱ আলি আয়ে লৃগাঙত ৰাজ্যিক বন্ধ দিয়াৰ দাবীত আবেদন নিবেদন কৰাৰ লগতে প্ৰতিবাদৰ জৰিয়তে দাবী জনাই থকাৰ পাচতো আজিলৈকে ৰাজ্যিক বন্ধ ঘোষণা নকৰাটো অতি দূৰ্ভাগ্যজনক ।

মিচিং জনগোষ্ঠীৰ জাতীয় উৎসৱ আলি-আয়ে-লৃগাং এনে এক উৎসৱ য’ত মিচিং জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি ৰীতি-নীতি আচাৰ ব্যৱহাৰ জীৱন ধাৰণৰ প্ৰণালী প্ৰতিফলিত হয় । এক কথাত ক’বলৈ গ’লে আলি আয়ে লৃগাঙৰ দিনটোত সামগ্ৰিকভাৱে মিচিং জনগোষ্ঠীটোক অধ্যয়ন কৰাৰ সুযোগ লাভ কৰা যায় ৷ এনে এক উৎসৱত ৰাজ্যিক বন্ধ নিদি কেৱল মিচিং স্বায়ত্ব পৰিষদৰ অন্তৰ্ভুক্ত দহখন জিলা ক্ৰমে ধেমাজি, লখিমপুৰ, মাজুলী, শোণিতপুৰ, বিশ্বনাথ, গোলাঘাট, যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত চৰকাৰী বন্ধ ঘোষণা কৰি মিচিং জনগোষ্ঠীক ললিপপ দিছে চৰকাৰে । আলি-আয়ে-লৃগাঙত ৰাজ্যিক বন্ধ মানে কেৱল চৰকাৰী-বেচৰকাৰী কাৰ্যালয় বা স্কুল আদি বন্ধ দিয়াটোৱেই নুবুজাই, যিকোনো এটা বিশেষ দিনত চৰকাৰী বন্ধ ঘোষণা হ’লে ৰাজ্যখনৰ লগতে দেশ-বিদেশৰ জনসাধাৰণে সেই বিশেষ দিনটোৰ বন্ধক লৈ চৰ্চা কৰে আৰু তাৰ জৰিয়তে বিষয়বস্তুৰ তাৎপৰ্য প্ৰসাৰ আৰু প্ৰচাৰ হয় ।

প্ৰতিবাদকাৰীৰ ভাষ্য অনুসৰি, মিচিং সকলৰ জাতীয় উৎসৱ আলি-আয়ে-লৃগাঙত মিচিং সকলৰ ৰীতি-নীতি, ভাষা-সাহিত্য, সংস্কৃতি-ইতিহাস আদিৰ প্ৰতিফলন ঘটোৱা হয় । গতিকে উক্ত বিশেষ দিনটোত চৰকাৰী বন্ধ ঘোষণা হ’লে উৎসৱটিৰ জৰিয়তে জনগোষ্ঠীটোক অধ্যয়ন কৰা, প্ৰচাৰ-প্ৰসাৰ কৰা, উত্তৰণ ঘটোৱাৰ লগতে জাতিটোৰ নেতাসকলে সচৰাচৰ কৈ অহা থলুৱা জাতি-জনগোষ্ঠীসমূহক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ যি সপোন সেয়া বাস্তবায়িত কৰাৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে সহায়ক হয় । গতিকে চৰকাৰে আলি-আয়ে-লৃগাঙত ৰাজ্যিক বন্ধ দিয়াৰ তাৎপৰ্য বুজি নাপালে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হ’বই ।

মিচিং জনগোষ্ঠীৰ ৰাইজে আলি-আয়ে-লৃগাঙত ঘোষণা কৰা দহখন জিলাৰ চৰকাৰী বন্ধ কোনো কাৰণতে মানি নলয় আৰু যিকোনো মূল্যৰ বিনিময়ত মিচিং জনগোষ্ঠীৰ জাতীয় উৎসৱত ৰাজ্যিক বন্ধ দিবই লাগিব বুলি সকীয়াই দিয়ে মিচিং জনগোষ্ঠীৰ সচেতন ৰাইজৰ নেতৃবৰ্গই । এই প্ৰতিবাদী কাৰ্যসূচীত সহযোগিতা আগবঢ়োৱা যোৰাবাট কাৰ্পূমপুলি আলি-আয়ে-লৃগাঙ উদযাপন সমিতিয়ে চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী ৰাণোজ পেগুক ক্ষুৰধাৰ সমালোচনা কৰি আলি-আয়ে-লৃগাঙত ৰাজ্যিক বন্ধ দিবলৈ দাবী জনায় ।

লগতে পঢ়ক : মিচিং ৰাইজৰ প্ৰতিবাদী কণ্ঠৰে উত্তপ্ত গড়মূৰ

আলি আয়ে লৃগাঙত ৰাজ্যিক বন্ধ ঘোষণাৰ দাবীত সংবাদ মেল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.