ETV Bharat / state

Tense Situation at Hatigaon: হাতীগাঁৱত নিশা উদণ্ড যুৱকৰ তাণ্ডৱ; লণ্ড-ভণ্ড কৰিলে এটা পৰিয়াল বাসগৃহ - উদণ্ড যুৱকৰ তাণ্ডৱ

হাতীগাঁও সিজুবাৰীত নিশা উদণ্ড যুৱকৰ তাণ্ডৱ ৷ নিশা সুৰাপান কৰি এটা পৰিয়ালক অত্যাচাৰ কৰাৰ গুৰুতৰ অভিযোগ ৷

Miscreants Attack at Hatigaon in Guwahati
উদণ্ড যুৱকৰ উদ্ভণ্ডালি
author img

By

Published : Jul 16, 2023, 8:21 AM IST

Updated : Jul 16, 2023, 9:27 AM IST

মহানগৰীৰ হাতীগাঁও অঞ্চলত নিশা উদণ্ড যুৱকৰ তাণ্ডৱ

গুৱাহাটী, 16 জুলাই : মহানগৰীৰ হাতীগাঁও অঞ্চলত নিশা উদণ্ড যুৱকৰ তাণ্ডৱ ৷ সুৰাপান কৰি এটা পৰিয়ালক অত্যাচাৰ কৰাৰ অভিযোগ ৷ সুৰাপায়ী যুৱকে লণ্ড-ভণ্ড কৰিলে পৰিয়ালটোৰ বাসগৃহ ৷

মহানগৰীৰ হাতীগাঁও সিজুবাৰীত নিশাৰ ভাগত সংঘটিত হ’ল এক চাঞ্চল্যকৰ ঘটনা ৷ প্ৰায় 8 জনীয়া এটা যুৱকৰ গুণ্ডাগিৰী ৷ নিশা সুৰাপান কৰি মহানগৰীৰ হাতীগাঁও সিজুবাৰীৰ চাহিম আলি পথৰ এটা পৰিয়ালক অত্যাচাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷ প্ৰায় 8 জনীয়া যুৱকৰ এটা দলে পৰিয়ালটোৰ ঘৰত ইটা, লোৰ ৰদ দলিয়াই ঘৰৰ গ্লাছ ভঙাৰ লগতে লণ্ডভণ্ড কৰে বয়-বস্তু ৷ কেৱল এইয়াই নহয়, পৰিয়ালটোক প্ৰাণে মৰাৰ চেষ্টা চলোৱাৰো অভিযোগ দুৰ্বৃত্তৰ দলটোৰ বিৰুদ্ধে ৷

ঘটনাৰ বিৱৰণী মতে ভুক্তভোগী পৰিয়ালটোৰ ঘৰৰ সন্মুখত চুবুৰীৰে এজন ব্যক্তিৰ কিশোৰ পুত্ৰই নিজৰ মটৰ চাইকেল ৰখাই থৈছিল ৷ তাৰ কিছুসময় পিছত ব্যক্তিজনৰ পুত্ৰই নিজৰ মটৰ চাইকেলখন ভঙা অৱস্থাত প্ৰত্যক্ষ কৰে ৷ ইয়াৰ পিছতে অভিযুক্ত ব্যক্তিজনৰ পৰিয়ালে ভুক্তভোগী পৰিয়ালটোক মটৰ চাইকেলখন ভঙা বুলি অভিযোগ কৰে ৷ লগতে মটৰ চাইকেল ভঙাৰ অভিযোগত ভুক্তভোগী পৰিয়ালটোৰ ঘৰত ইটা, ৰদ আদিৰে আক্ৰমণ কৰাৰ লগতে নানা গালি-গালাজ কৰে ৷

লগতে পঢ়ক : Jal Jeevan Mission:নগাঁৱত জলজীৱন মিছনৰ পর্যালোচনা সভাত মন্ত্ৰী জয়ন্তমল্ল বৰুৱা

এই আক্ৰমণত ভুক্তভোগী পৰিয়ালটোৰ কোনো লোক হতাহত হোৱা নাই যদিও ঘৰৰ দুৱাৰ-খিৰিকিৰ লগতে বিভিন্ন আচবাবৰ যথেষ্ট পৰিমাণে ক্ষতি হয় ৷ ঘটনা সন্দৰ্ভত নিশাই হাতীগাঁও আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ভুক্তভোগী পৰিয়ালটোৱে ৷ হাতীগাঁও আৰক্ষীয়ে দিনৰ ভাগতে অভিযুক্তক থানালৈ মাতি পঠিয়ায় যদিও এই মূহুৰ্তলৈ থানাত উপস্থিত হোৱা নাই বুলি জানিব পৰা গৈছে ৷ যাৰ ফলত চৰম নিৰাপত্তাহীনতাত ভুগিছে ভুক্তভোগী পৰিয়ালটো ৷

লগতে পঢ়ক : Majuli bribe case: ৰাতুল দত্তৰ ধন সংগ্ৰহ সম্পর্কত জিলা উপায়ুক্ত কাবেৰী বি শৰ্মাৰ প্ৰতিক্ৰিয়া

Last Updated : Jul 16, 2023, 9:27 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.