ETV Bharat / state

২০১৬ ৰ পুনৰাবৃত্তি ঘটিব পাৰে সংখ্যালঘু অধ্যুষিত কেইবাটাও সমষ্টিত - মহাজোঁট

ৰাজ্যত সমাগত বিধানসভা নিৰ্বাচন ৷ ২০১৬ ৰ বিধানসভা নিৰ্বাচনত ৰাজ্যৰ বহুকেইটা সমষ্টিত ধৰ্মীয় সংখ্যালঘু ভোটদাতা নিৰ্ণায়ক হোৱা স্বত্বেও তেনে সমষ্টি সমূহৰ পৰা কংগ্ৰেছ বা এআইইউডিএফৰ প্ৰাৰ্থী জিকি আহিবলৈ সক্ষম হোৱা নাছিল । ইয়াৰ একমাত্ৰ কাৰণটোৱেই আছিল সংখ্যালঘু ভোট বিভাজন ।

২০১৬ ৰ পুনৰাবৃত্তি ঘটিব পাৰে সংখ্যালঘু অধ্যুষিত কেইবাটাও সমষ্টিত

author img

By

Published : Mar 19, 2021, 7:48 PM IST

গুৱাহাটী, ১9 মাৰ্চ: ২০১৬ ৰ বিধানসভা নিৰ্বাচনত ৰাজ্যৰ বহুকেইটা সমষ্টিত ধৰ্মীয় সংখ্যালঘু ভোটদাতা নিৰ্ণায়ক হোৱা স্বত্বেও তেনে সমষ্টি সমূহৰ পৰা কংগ্ৰেছ বা এআইইউডিএফৰ প্ৰাৰ্থী জিকি আহিবলৈ সক্ষম হোৱা নাছিল । ইয়াৰ একমাত্ৰ কাৰণটোৱেই আছিল সংখ্যালঘু ভোট বিভাজন । উদাহৰণ স্বৰূপে বটদ্ৰবা বিধানসভা সমষ্টিত সংখ্যালঘু ভোটদাতাৰ হাৰ ৫২ শতাংশ । কিন্তু এই সমষ্টিটো বিজেপিয়ে দখল কৰিবলৈ সক্ষম হৈছিল একমাত্ৰ কংগ্ৰেছ আৰু এআইইউডিএফৰ ভোট বিভাজনৰ বাবে । সেই একেই পৰিস্থিতি এইবাৰো কেইবাটাও সমষ্টিত উদ্ভৱ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে । কিয়নো, নামত "মহাজোঁট" গঠন কৰিলেও বহুকেইটা সমষ্টিত কংগ্ৰেছ, এআইইউডিএফৰ লগতে মহাজোঁটৰ আন এক অংশীদাৰ আঞ্চলিক গণ মৰ্চায়ো প্ৰাৰ্থী আগবঢ়াইছে । যাৰ ফলত তেনে সমষ্টি সমূহত সংখ্যালঘু ভোট কমেও তিনিটা ভাগত বিভক্ত হোৱাৰ সম্ভাৱনা আছে আৰু ইয়াৰ ফলত উপকৃত হ’ব বিজেপি বা অগপ ।

২০১৬ ৰ পুনৰাবৃত্তি ঘটিব পাৰে সংখ্যালঘু অধ্যুষিত কেইবাটাও সমষ্টিত

২০১৬ ত বটদ্ৰবা সমষ্টিত বিজেপি প্ৰাৰ্থী আঙুৰলতা ডেকাই লাভ কৰিছিল ৪৬,৩৪৩টা ভোট । ইয়াৰ বিপৰীতে সমষ্টিটোত ৫২ শতাংশ সংখ্যালঘু ভোট থকা স্বত্বেও সেই ভোট কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মাজত বিভাজিত হৈছিল । কংগ্ৰেছে পাইছিল ৩৮,৪৫৮টা আৰু এআইইউডি এফে লাভ কৰিছিল ৩৩,০২২টা ভোট । এইবাৰো সমষ্টিটোত বিজেপিয়ে প্ৰাৰ্থিত্ব দিছে আঙুৰলতা ডেকাক । ইফালে মহাজোঁটৰ কংগ্ৰেছৰ প্ৰাৰ্থিত্ব দিছে শিৱামণি বৰাক ৷ আনহাতে, সমষ্টিটো কংগ্ৰেছক এৰি দিয়াত এ আই ইউ ডি এফৰ প্ৰাৰ্থিত্ব প্ৰয়াসী মতিউৰ ৰহমান অৱতীৰ্ণ হৈছে নিৰ্দলীয় প্ৰাৰ্থীৰূপে । গতিকে স্পষ্ট হৈ পৰিছে যে, সমষ্টিটোৰ ৫২ শতাংশ সংখ্যালঘু ভোট যোৱাটো নিৰ্বাচনত দুভাগত বিভক্ত হৈছিল আৰু এইবাৰ তিনি ভাগত বিভক্ত হ’ব । ফলত লাভবান হ’ব বিজেপি ।

একেদৰে সৰুক্ষেত্ৰী সমষ্টিৰ বৰ্তমানৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰকে কংগ্ৰেছে পুণৰ প্ৰাৰ্থিত্ব দিছে যদিও সমষ্টিটোত এইবাৰ সংখ্যালঘু ভোট কেইবাটাও ভাগত বিভাজিত হোৱাটো নিশ্চিত আৰু তাৰ ফলত উপকৃত হ’ব পাৰে অগপ প্ৰাৰ্থী কল্পনা পাটোৱাৰী । কিয়নো, সমষ্টিটোৰ ২ লাখ ৭৪৫টা ভোটৰ ৭০ শতাংশই হ'ল ধৰ্মীয় সংখ্যালঘু লোকৰ ভোট । এইবাৰ এই সমষ্টিটোত কংগ্ৰেছ আৰু এ আই ইউ ডি এফ বন্ধুত্বমূলক প্ৰতিদ্বন্দিতাত অৱতীৰ্ণ হৈছে । এ আই ইউ ডি এফৰ মীনাক্ষী ৰহমান আৰু কংগ্ৰেছৰ জাকিৰ হুছেইন শিকদাৰৰ মাজত এই ৭০ শতাংশ ভোট বিভাজিত হোৱাৰ পুৰামাত্ৰাই সম্ভাৱনা আছে । বিগত বিধানসভা নিৰ্বাচনত সৰুক্ষেত্ৰীত জাকিৰ হুছেইন শিকদাৰে ৭০,০৬২টা ভোট লাভ কৰিছিল আৰু এ আই ইউ ডি এফৰ আলি হুছেইনে লাভ কৰিছিল ২১,৪৬০টা ভোট । ইয়াৰ বিপৰীতে অগপৰ চিত্তৰঞ্জন বৰ্মনে লাভ কৰিবলৈ সক্ষম হৈছিল ৪৫,৮১৫টা ভোট ।

ঠিক একেদৰে সংখ্যালঘু ভোট বিভাজনৰ ফলত নাওবৈচাতো অগপ প্ৰাৰ্থী জয়ন্ত খাউণ্ড উপকৃত হ’ব পাৰে । কিয়নো এই সমষ্টিটো এইবাৰ এ আই ইউ ডি এফে কংগ্ৰেছক এৰি দিছে । ২০১৬ত নাওবৈচাৰ পৰা বিজয়ী হৈছিল এআইইউডি এফৰ মামুন ইমদাদুল হক চৌধুৰী । এইবাৰ নাওবৈচাত এআইইউডি এফৰ কোনো প্ৰাৰ্থী নাই । হঠাৎ সমষ্টিটোত কংগ্ৰেছ প্ৰাৰ্থী হিচাপে আবিৰ্ভাৱ ঘটিছে ভৰত নৰহৰ । ইপিনে এআইইউডিএফৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী, প্ৰাক্তন আমছু নেতা আজিজুৰ ৰহমান নিৰ্দলীয় হিচাপে থিয় দিছে নাওবৈচাত । গতিকে সাতে পাচে মিলি সংখ্যালঘু ভোট বিভাজনৰ ফলত নাওবৈচাত অগপৰ কপাল ফুলিলেও আচৰিত হ’বলগীয়া একো নাথাকিব । অনুৰূপ অৱস্থা হ’ব পাৰে চেঙা সমষ্টিতো । চেঙাত ৬৫ শতাংশ ভোটাৰেই হৈছে ধৰ্মীয় সংখ্যালঘু । সমষ্টিটোত বন্ধুত্বমূলক প্ৰতিদ্বন্দিতাত নামিছে কংগ্ৰেছৰ শুকুৰ আলি আহমেদ আৰু এ আই ইউ ডি এফৰ আশ্ৰাফুল হুছেইন । সমষ্টিটোত অগপৰ প্ৰাৰ্থী হৈছে ৰবিউল হুছেইন । কংগ্ৰেছ-এ আই ইউ ডি এফৰ ভোট বিভাজনৰ ফলত চেঙাত উপকৃত হ’ব পাৰে অগপ প্ৰাৰ্থীগৰাকী ।

লগতে পঢ়কঃ চেঙাৰ হিংসাত্মক ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে শুকুৰ আলীৰ পত্নীয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.