গুৱাহাটী: যিসকল তৃতীয়-চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে বদলি বিচাৰি আছে তেওঁলোকে বাবে চৰকাৰে সুখবৰ লৈ আহিছে । চৰকাৰী তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ পাৰস্পৰিক বদলিকৰণৰ অনুমোদন জনাই সাধাৰণ প্রশাসন বিভাগে এক বিজ্ঞাপন জাৰি কৰিছে । বিজ্ঞাপনত প্রকাশ হোৱা এছ অ' পি মর্মে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে একেটা বিভাগৰ ভিতৰত আন্তঃজিলা পাৰস্পৰিক বদলিৰ সুবিধা পাব ।
এগৰাকী কৰ্মচাৰীয়ে সমগ্র চাকৰি কালছোৱাত একমাত্র দুবাৰহে আন্তঃজিলা বদলিৰ আবেদন কৰিব পাৰিব । উল্লেখযোগ্য যে একেটা গ্রেড পে', একে সেৱাবিধি আৰু দুয়োটা পদৰ প্ৰকৃতি আৰু অর্হতা একে হ'লেহে একে বিভাগৰ আৰু একে সঞ্চালকালয় বা আয়ুক্তালয়ৰ দুগৰাকী কৰ্মচাৰীৰ মাজত পাৰস্পৰিক বদলিৰ অনুমতি পাব । পাৰস্পৰিক বদলিৰ সুবিধা লোৱা ব্যক্তিসকলে পূৰ্বৰ প্ৰতিষ্ঠানত পোৱা শেহতীয়া দৰমহা লাভ কৰিব । বদলিৰ নিৰ্দেশনা জাৰি হোৱা তাৰিখৰ পৰা এসপ্তাহৰ ভিতৰত বিভাগীয় কর্তৃপক্ষই কৰ্মচাৰীগৰাকীক কৰ্তব্যৰ পৰা আজৰাই দিব লাগিব ।
- কাৰ বাবে প্রযোজ্য হ'ব এই নীতি:
এই পাৰস্পৰিক বদলিকৰণৰ নীতি অসম চৰকাৰৰ বিভিন্ন প্রশাসনীয় বিভাগ আৰু কাৰ্যালয়ৰ অধীনত কৰ্মৰত সকলো তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ ক্ষেত্রত প্রযোজ্য হ'ব ।
- বদলি সম্বন্ধীয় চৰ্তাৱলীৰ সীমাবদ্ধতা:
এগৰাকী কৰ্মচাৰীয়ে পাৰস্পৰিক বদলিৰ বাবে কৰা অনুৰোধৰ সুবিধা তেওঁৰ সমগ্ৰ চাকৰি কালছোৱাত কেৱল দুবাৰহে ল'ব পাৰিব ।
- পাৰস্পৰিক বদলিৰ সুবিধা লাভ কৰাৰ বাবে কি কি চৰ্তাৱলী আছে:
একে বিভাগৰ আৰু একে সঞ্চালকালয়/আয়ুক্তালয়ৰ দুগৰাকী কৰ্মচাৰীৰ মাজত পাৰস্পৰিক বদলিক অনুমতি প্ৰদান কৰা হ'ব । যদিহে তেওঁলোক দুয়োগৰাকীৰ নিম্নোক্ত মাপ-কাঠী থাকে
(ক) যদি একে গ্রেড পে' হয়
(খ) যদি একে সেৱা বিধিৰ অধীনৰ হয়
(গ) যদি দুয়োটা পদৰ প্ৰকৃতি আৰু অৰ্হতা একে হয়
পাৰস্পৰিক বদলিৰ ক্ষেত্ৰত নথি-পত্ৰৰ হস্তান্তৰ:
পাৰস্পৰিক বদলিৰ ক্ষেত্ৰত চৰকাৰী কৰ্মচাৰীগৰাকীৰ তলত দিয়া নথি-পত্ৰসমূহ বদলি হোৱা নতুন স্থানলৈ হস্তান্তৰ কৰাটো প্রয়োজন:
ক) ছার্ভিচ বুক
খ) পার্ছনেল ফাইল
গ) এ চি আৰ
ঘ) ছুটীৰ ৰেকৰ্ড
ঙ) প্রয়োজন হ'ব পৰা আন যিকোনো ৰেকৰ্ড
জ্যেষ্ঠতা/পদোন্নতিৰ বাবে দাবী:
পাৰস্পৰিক বদলিৰ সুবিধা গ্ৰহণ কৰা কৰ্মচাৰীসকলে নতুন কার্যালয়ত জ্যেষ্ঠতা বা তাৎক্ষণিক পদোন্নতিৰ বাবে দাবী জনাব নোৱাৰিব । যদি এটা কেডাৰৰ বাবে ৰাজ্যিক পৰ্যায়ৰ জ্যেষ্ঠতা উপলব্ধ নহয়, তেতিয়া পৰৱৰ্তী একেৰাহে থকা নিযুক্তি বৰ্ষৰ ওপৰত একে বৰ্ষৰ কেডাৰ উপলব্ধ হোৱা সাপেক্ষে একেটা নিযুক্তি বৰ্ষৰ তলত স্থান প্ৰদান কৰি নতুন কাৰ্যালয়ত জ্যেষ্ঠতা নির্ধাৰণ কৰা হ'ব ।
(যদি ২০০৭ বৰ্ষৰ বেটছৰ কৰ্মচাৰী এগৰাকীয়ে বদলিৰ বাবে আবেদন কৰে আৰু যদি নতুনকৈ যোগদান কৰা স্থানত একে নিযুক্তি বর্ষ অর্থাৎ ২০০৭ৰ কোনো কেডাৰ উপলব্ধ নহয় আৰু আগৰ আৰু পিছৰ বেটছ নিযুক্তি বর্ষ যথাক্রমে ২০০৪ আৰু ২০০৯ হয়, তেতিয়া ২০০৭ বেটছৰ কৰ্মচাৰীগৰাকীক পিছৰ নিযুক্তি বর্ষ অর্থাৎ ২০০৯ ৰ ওপৰত স্থান প্ৰদান কৰা হ'ব ।)
- দৰমহাৰ সুবিধা:
পাৰস্পৰিক বদলিৰ সুবিধা লোৱা ব্যক্তিসকলে পূৰ্বৰ প্ৰতিষ্ঠানত পোৱা শেহতীয়া দৰমহা সুৰক্ষাৰ সুবিধা লাভকৰিব । অৱশ্যে নতুন প্রতিষ্ঠানটোত তেওঁৰ পাৰস্পৰিক জ্যেষ্ঠতা (inter-se-seniority) সম্পর্কে এনে দৰমহা সুৰক্ষাৰ কোনো সম্পর্ক নাথাকিব ।
- গ্রেডেচন তালিকা / পাৰস্পৰিক জ্যেষ্ঠতা (inter-se-seniority) তালিকাৰ তদাৰকীকৰণ:
পাৰস্পৰিক বদলি কার্যকৰী হ'লে ভৱিষ্যতে দৰমহাৰ সমতা, জ্যেষ্ঠতা, পদোন্নতি আৰু অন্যান্য সদৃশ বিষয়জনিত দাবী বা আপত্তি সম্বন্ধীয় বিভ্রান্তি এৰাই চলিবলৈ নতুনকৈ যোগদান কৰা কৰ্মচাৰীৰ নামসমূহ তেওঁলোকৰ যোগদানৰ তাৰিখসহ এক মন্তব্যৰ সৈতে চকুত পৰাকৈ উল্লেখ কৰি সংশ্লিষ্ট প্রতিষ্ঠানসমূহে নিজ নিজ গ্রেডেচন তালিকা/পাৰস্পৰিক জ্যেষ্ঠতা (inter-se-seniority) তালিকা উন্নীত কৰিব ।
- অন্যান্য চর্ত:
(ক) মুকলি কৰাৰ নিৰ্দেশনা জাৰি:
বদলিৰ নিৰ্দেশনা জাৰি কৰা তাৰিখৰ পৰা ৭ দিনৰ ভিতৰত নিয়ন্ত্ৰণ প্ৰাধিকাৰীয়ে বদলি হোৱা কৰ্মচাৰীগৰাকীক মুকলি কৰি দিব লাগিব ।
(খ) যোগদানৰ সময়:
কৰ্মচাৰীগৰাকীয়ে যোগদান কৰা প্ৰতিষ্ঠানৰ দ্বাৰা নিৰ্ধাৰিত ডিফল্ট (default) যোগদানৰ সময় অনুসৰি বদলি হোৱা কৰ্মচাৰীৰ যোগদানৰ সময় নির্ধাৰণ কৰা হ'ব । বদলিৰ পিছত কৰ্মচাৰীগৰাকীৰ স্থান পৰিৱৰ্তনৰ ক্ষেত্ৰত ই স্থিৰতা প্ৰদান কৰিব ।
(গ) পাৰস্পৰিক বদলিৰ বাবে কোনো টি এ আৰু ডি এ প্ৰদান কৰা নহ'ব ।
পাৰস্পৰিক বদলিকৰণত অনুমোদন জনোৱাৰ বাবে উপযুক্ত কর্তৃপক্ষ:
(i) পাৰস্পৰিক বদলিকৰণৰ বিষয়সমূহ প্ৰক্ৰিয়াকৰণ আৰু অনুমোদনৰ বাবে সঞ্চালকালয়/আয়ুক্তালয়ৰ মুৰব্বী বিষয়াগৰাকী তেওঁলোকৰ নিজ নিজ অধিকাৰ ক্ষেত্ৰত উপযুক্ত কর্তৃপক্ষ হিচাপে বিবেচিত হ'ব ।
(ii) যদি এনে কোনো সঞ্চালকালয়/আয়ুক্তালয় উপলব্ধ নহয়, তেতিয়া এনে বিষয়সমূহ অনুমোদৰ বাবে বিভাগৰ জ্যেষ্ঠতম সচিবগৰাকীয়ে উপযুক্ত প্ৰাধিকাৰী হিচাপে কাম কৰিব ।
(iii) বিভাগসমূহে বদলিকৰণৰ ক্ষেত্ৰত বিধি অনুসৰি আৱশ্যকীয় বিভাগীয় নির্দিষ্ট বাধা নিষেধ আৰোপ কৰিব পাৰিব ।