ETV Bharat / state

দক্ষ যুৱক-যুৱতীক সংস্থাপিত কৰিবলৈ উদ্যোগ মন্ত্ৰীৰ নিৰ্দেশ - Minister of Industries

বহিঃৰাজ্যৰ পৰা অসমলৈ প্ৰত্যাৱৰ্তন কৰা দক্ষ যুৱক-যুৱতীক বেংকৰ সহায় আগবঢ়োৱাৰ লগতে সংস্থাপনৰ দিশত সহায় কৰিবলৈ জিলা উপায়ুক্তক নিৰ্দেশ উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ । শুকুৰবাৰে জনতা ভৱনৰ পৰা জিলা উদ্যোগ বিষয়াসকলৰ সৈতে এক ভিডিঅ' কনফাৰেঞ্চত ভাগ লৈ এই নিৰ্দেশ দিয়ে মন্ত্ৰীগৰাকীয়ে ।

চন্দ্ৰমোহন পাটোৱাৰী
প্ৰব্ৰজিত দক্ষ যুৱক-যুৱতীক সংস্থাপিত কৰিবলৈ উদ্যোগ মন্ত্ৰীৰ নিৰ্দেশ
author img

By

Published : May 22, 2020, 4:43 PM IST

গুৱাহাটী, ২২ মে': ইতিমধ্যে বহিঃৰাজ্যৰ পৰা অসমলৈ প্ৰত্যাৱৰ্তন কৰা দক্ষ যুৱক-যুৱতীসকলক বেংকৰ সহায় আগবঢ়োৱাৰ লগতে সংস্থাপনৰ দিশত সহায় কৰিবলৈ জিলা উপায়ুক্ত আৰু জিলা উদ্যোগ বিষয়াসকলক নিৰ্দেশ দিছে উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ।

চন্দ্ৰমোহন পাটোৱাৰী
প্ৰব্ৰজিত দক্ষ যুৱক-যুৱতীক সংস্থাপিত কৰিবলৈ উদ্যোগ মন্ত্ৰীৰ নিৰ্দেশ

শুকুৰবাৰে জনতা ভৱনৰ পৰা জিলা উদ্যোগ বিষয়াসকলৰ সৈতে এক ভিডিঅ' কনফাৰেঞ্চত ভাগ লৈ এই নিৰ্দেশ দিয়ে মন্ত্ৰীগৰাকীয়ে । লগতে দক্ষ শ্ৰমিকসকলৰ সম্পূৰ্ণ তথ্য সংগ্ৰহ কৰাৰ লগতে কোনগৰাকী যুৱক-যুৱতী কি ক্ষেত্ৰত পাকৈত তাৰ এখন তালিকা প্ৰস্তুত কৰিবলৈ জিলা উদ্যোগ মন্ত্ৰী গৰাকীয়ে নিৰ্দেশ দিয়ে । তালিকা অনুসৰিয়েই যুৱক-যুৱতীক সংস্থাপনৰ ব্যৱস্থা কৰি দিয়া হ'ব বুলি জানিবলৈ দিয়ে । লগতে জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ মহাপ্ৰবন্ধক সকলক ভিডিঅ' কনফাৰেঞ্চতে প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰা আত্মনিৰ্ভৰ ভাৰত অভিযানৰ আধাৰত উদ্যোগীকৰণৰ বিষয়টো আগবঢ়াই নিয়াৰ বাবে পৰামৰ্শ আগবঢ়াই ।

তাৰোপৰি বৈঠকতে উদ্যোগ মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে যে, ৰাজ্যৰ মুঠ জি ডি পিৰ ৩৯ শতাংশ বৰঙনি আগবঢ়াই আহিছে ৰাজ্যখনৰ ৬৬ হাজাৰ উদ্যোগে আৰু এইসমূহৰ ভিতৰত অধিকাংশই হৈছে ক্ষুদ্ৰ বা মজলীয়া উদ্যোগ ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.