ETV Bharat / state

কৰ্কট ৰোগ প্ৰতিৰোধ আৰু আগতীয়া চিনাক্তকৰণৰত গুৰুত্ব আৰোপ মন্ত্রী কেশৱ মহন্তৰ

author img

By

Published : Aug 18, 2022, 10:24 PM IST

ভুৱনেশ্বৰ বৰুৱা কৰ্কট প্ৰতিষ্ঠানত মহিলাৰ কৰ্কট ৰোগ চিনাক্তকৰণ শিবিৰ উদ্বোধন স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ (Inauguration of Women Cancer Screening Camp)। কামৰূপ জিলাৰ এক লাখ মহিলাক সামৰি চলোৱা হ'ব ৰোগ চিনাক্তকৰণৰ পৰীক্ষা।

Health Minister Keshav Mahanta inaugurated womens cancer screening camp at Bhubaneswar Barua Cancer Institute
কৰ্কট ৰোগ প্ৰতিৰোধ আৰু আগতীয়া চিনাক্তকৰণৰত গুৰুত্ব আৰোপ মন্ত্রী কেশৱ মহন্তৰ

গুৱাহাটী, ১৮ আগষ্ট: স্বাধীনতাৰ অমৃত মহোৎসৱৰ সৈতে সংগতি ৰাখি কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে মুম্বাইৰ টাটা মেম’ৰিয়েল কেন্দ্ৰৰ সহযোগত কৰ্কট ৰোগ নিৰাময় আৰু প্ৰতিৰোধ সন্দৰ্ভত জনসজাগতা বৃদ্ধিৰ উদ্দেশ্যে দেশৰ তিনিখন জিলাত এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে।

এই পদক্ষেপৰ অংশ হিচাপে অসমৰ কামৰূপ জিলাৰ লগতে উত্তৰ প্ৰদেশৰ বাৰানসী আৰু পঞ্জাৱৰ চাংগোৰ জিলাৰ মুঠ ৫ লাখ মহিলাৰ মাজত কৰ্কট ৰোগ চিনাক্তকৰণ শিবিৰৰ আয়োজন কৰা হৈছে । অসমত কামৰূপ জিলাৰ বাবে নিৰ্ধাৰণ কৰা এই কৰ্কট ৰোগ চিনাক্তকৰণ শিবিৰৰ আজি গুৱাহাটীৰ ভুৱনেশ্বৰ বৰুৱা কৰ্কট প্ৰতিষ্ঠানত আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কেশৱ মহন্তই (Womens cancer screening camp at Bhubaneswar Barua Cancer Institute)।

এই শিবিৰৰ জৰিয়তে কামৰূপ জিলাৰ ১ লাখ গৰাকী মহিলাৰ মাজত কৰ্কট ৰোগৰ চিনাক্তকৰণৰ পৰীক্ষা সম্পন্ন কৰাৰ লগতে চিনাক্ত হোৱা কৰ্কট ৰোগীৰ বাবে চিকিৎসাৰ ব্যৱস্থা কৰা হ’ব (Bhubaneswar Barua Cancer Institute)। কৰ্কট ৰোগৰ নিৰাময় আৰু প্ৰতিৰোধৰ লগতে জনসাধাৰণৰ মাজত কৰ্কট ৰোগ কাৰক, লক্ষণ, প্ৰতিকাৰৰ উপৰি আগতীয়া চিনাক্তকৰণৰ জৰিয়তে এই ৰোগৰ ফলপ্ৰসূ চিকিৎসা যে সম্ভৱ সেই বিষয়ে সজাগতা সৃষ্টিৰ লক্ষ্যৰে এই শিবিৰৰ আয়োজন কৰা বুলি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই উদ্বোধনী ভাষণত উল্লেখ কৰে (Keshav Mahanta inaugurates of Women Cancer Screening Camp)।

ভাষণত স্বাস্থ্যমন্ত্ৰী মহন্তই লগতে কয় যে মুখ, স্তন আৰু জৰায়ুৰ কৰ্কট ৰোগৰ দৰে সাধাৰণ কৰ্কট ৰোগ প্ৰতিৰোধ আৰু আগতীয়াকৈ চিনাক্ত কৰণৰ ওপৰত অধিক গুৰুত্ব দিয়া উচিত। তেওঁ ৰাইজক এটা স্বাস্থ্যকৰ জীৱন জীয়াবলৈ ধঁপাত আৰু সুৰা সেৱনৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায়।

ইফালে আজিৰ এই অনুষ্ঠানতে ভুৱনেশ্বৰ বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ বাৰ্ষিক প্ৰতিবেদনখনো উন্মোচন কৰে মন্ত্ৰীগৰাকীয়ে। অনুষ্ঠানত অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিন, পূৱ গুৱাহাটীৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য, গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত দেৱাশীষ শৰ্মা, ভুৱনেশ্বৰ বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ সঞ্চালক ডাঃ অমল চন্দ্ৰ কটকী আৰু উপসঞ্চালক (গৱেষণা) ডাঃ মৌচুমী ভট্টাচাৰ্য উপস্থিত আছিল ।

লগতে পঢ়ক: অসম কৃষি বিশ্ববিদ্যালয়ৰ খানাপাৰা চৌহদত সম্প্ৰসাৰণ শিক্ষা প্ৰতিষ্ঠানৰ নতুন ভৱন উদ্ধোধন

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.