ETV Bharat / state

The International Fair and Museum: দিল্লীৰ প্ৰগতি ময়দানৰ আন্তঃৰাষ্ট্ৰীয় সংগ্ৰহালয় প্ৰদৰ্শনীত মন্ত্ৰী কেশৱ মহন্ত - কেন্দ্ৰীয় সংস্কৃতি মন্ত্ৰী জি কিষাণ ৰেড্ডী

আন্তঃৰাষ্ট্ৰীয় সংগ্ৰহালয় দিৱসৰে সংগতি ৰাখি কেন্দ্ৰীয় মন্ত্ৰালয়ৰ সংগ্ৰহালয় শাখাই আয়োজন কৰা আন্তঃৰাষ্ট্ৰীয় সংগ্ৰহালয় প্ৰদৰ্শনীত মন্ত্ৰী কেশৱ মহন্ত ৷ কেন্দ্ৰীয় সংস্কৃতি মন্ত্ৰী জি কিষাণ ৰেড্ডীৰ বিশেষ আমন্ত্ৰণত 'সংগ্ৰহালয়ৰ ভৱিষ্যত-পৰিকল্পনা বিষয়ক মন্ত্ৰীস্তৰীয় আলোচনা'ত অংশগ্ৰহণ মন্ত্ৰীগৰাকীৰ ।

The International Fair and Museum
আন্তঃৰাষ্ট্ৰীয় সংগ্ৰহালয় প্ৰদৰ্শনীত মন্ত্ৰী কেশৱ মহন্ত
author img

By

Published : May 20, 2023, 10:30 AM IST

গুৱাহাটী, ২০ মে': 'আজাদী কা অমৃত মহোৎসৱ'ৰ (Azadi Ka Amrita Mohotsav) দ্বিতীয় পৰ্যায়ৰ অংশ হিচাপে ভাৰত চৰকাৰৰ সংস্কৃতি মন্ত্ৰালয়ে নতুন দিল্লীৰ প্ৰগতি ময়দানত বৃহস্পতিবাৰৰ পৰা অনুষ্ঠিত হৈছে তিনিদিনীয়া 'আন্তঃৰাষ্ট্ৰীয় সংগ্ৰহালয় প্ৰদৰ্শনী-২০২৩' ৷ এই কাৰ্যসূচীত শুকুৰবাৰে অংশগ্ৰহণ কৰে অসমৰ বিজ্ঞান, প্ৰযুক্তি তথা জলবায়ু পৰিবৰ্তন দপ্তৰৰ মন্ত্ৰী কেশৱ মহন্তই (Minister Keshab Mahanta at Delhi)। ১৮ মে'ৰ আন্তঃৰাষ্ট্ৰীয় সংগ্ৰহালয় দিৱসৰে সংগতি ৰাখি কেন্দ্ৰীয় মন্ত্ৰালয়টোৰ সংগ্ৰহালয় শাখাই আয়োজন কৰা আন্তঃৰাষ্ট্ৰীয় সংগ্ৰহালয় প্ৰদৰ্শনীখনৰ দ্বিতীয় দিনাৰ প্ৰথম কাৰ্যসূচী 'সংগ্ৰহালয়ৰ ভৱিষ্যত-পৰিকল্পনা বিষয়ক মন্ত্ৰীস্তৰীয় আলোচনা'ত কেন্দ্ৰীয় সংস্কৃতি মন্ত্ৰী জি কিষাণ ৰেড্ডীৰ বিশেষ আমন্ত্ৰণত অসমৰ মন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰে ।

The International Fair and Museum
আন্তঃৰাষ্ট্ৰীয় সংগ্ৰহালয় প্ৰদৰ্শনীত মন্ত্ৰী কেশৱ মহন্ত

প্ৰগতি ময়দানৰ ৩ নং সভাগৃহত শুকুৰবাৰে কেন্দ্ৰীয় সংস্কৃতি দপ্তৰৰ মন্ত্ৰী কিষাণ ৰেড্ডীৰ সঞ্চালনাত হোৱা অনুষ্ঠানত কেন্দ্ৰীয় আইন আৰু ন্যায় দপ্তৰৰ মন্ত্ৰী অৰ্জুন ৰাম মেঘৱাল আৰু সংস্কৃতি তথা বৈদেশিক পৰিক্ৰমা দপ্তৰৰ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী ড৹ মীনাক্ষী লেখী আদিও উপস্থিত থাকে । এই গুৰুত্বপূৰ্ণ আলোচনাত ভাগলৈ মন্ত্ৰী মহন্তই 'পাৱাৰ পইণ্ট' উপস্থাপনাৰ সহায়ত অসমৰ ঐতিহ্য-সংস্কৃতি তথা ঐতিহাসিক সমল বিষয়ক সংগ্ৰহালয়ৰ লগতে বিজ্ঞান আৰু প্ৰযুক্তি সংগ্ৰহালয়ৰ বৰ্তমানৰ স্বৰূপ আৰু ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে বিস্তাৰিতভাৱে দাঙি ধৰে ।

সাংস্কৃতিক ঐতিহ্য তথা ঐতিহাসিক সমলৰ সংগ্ৰহালয়ৰ শ্ৰেণীত তেওঁ অসম ৰাজ্যিক সংগ্ৰহালয়ৰ জৰিয়তে ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অধীনৰ সংগ্ৰহালয় সঞ্চালকালয়ে অসমৰ পুৰণি ঐতিহাসিক আৰু সামাজিক-সাংস্কৃতিক সমলসমূহৰ উপযুক্ত সংৰক্ষণৰ বাবে লৈ অহা ব্যৱস্থাৱলীৰ কথা সদৰি কৰে । লগতে অসম ৰাজ্যিক বিজ্ঞান প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদ (এছটেক)ৰ অধীনত ৰাজ্যৰ ২২খন জিলাত বিজ্ঞান সংগ্ৰহালয়ৰ শ্ৰেণীয়ে সামৰা বিজ্ঞান কেন্দ্ৰ তথা তাৰকাগৃহ আৰু সোণাপুৰত নিৰ্মীয়মান বিজ্ঞান নগৰীৰ বিষয়েও প্ৰকাশ কৰে ।

এই বিজ্ঞান সংগ্ৰহালয়সমূহৰ জৰিয়তে নৱপ্ৰজন্ম আৰু জনসাধাৰণৰ মাজত বিজ্ঞান-প্ৰযুক্তিক জনপ্ৰিয় কৰিবলৈ ৰাজ্য চৰকাৰে লোৱা পৰিকল্পনাৰ বিষয়েও কেন্দ্ৰীয় সংস্কৃতি মন্ত্ৰালয়ৰ লগতে বিভিন্ন ৰাজ্যৰ প্ৰতিনিধিসকলক অৱগত কৰে মন্ত্ৰী মহন্তই । এই অনুষ্ঠানত মেঘালয়ৰ বিজ্ঞান-প্ৰযুক্তি মন্ত্ৰী পল লিংডো, উৰিষ্যাৰ বিজ্ঞান-প্ৰযুক্তি মন্ত্ৰী অশোক চন্দ্ৰ পাণ্ডা, পুডুচেৰীৰ শিল্প আৰু সংস্কৃতি মন্ত্ৰী এছ চন্দ্ৰিকা প্ৰিয়াংগনা, পৰ্যটন মন্ত্ৰী কে লক্ষ্মীনাৰায়ণ, ৰাজস্থানৰ বিজ্ঞান-প্ৰযুক্তি মন্ত্ৰী ঝাহিদা খান, কেন্দ্ৰীয় সংস্কৃতি মন্ত্ৰালয়ৰ যুটীয়া সচিব মুগ্ধা সিনহায়ো ভাগ লয় ।

এই মন্ত্ৰীস্তৰীয় আলোচনা কাৰ্যসূচীৰ পাচতে কেন্দ্ৰীয় মন্ত্ৰী ৰেড্ডী, কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী ড৹ লেখী আৰু বিভিন্ন ৰাজ্যৰ মন্ত্ৰীসকলৰ সৈতে প্ৰগতি ময়দানৰ ২ নং সভাকক্ষত 'লাইট ফ'ৰ কালচাৰ, কালচাৰ ফ'ৰ লাইট' শীৰ্ষক সংগ্ৰহালয়ত সঠিক আলোক ব্যৱস্থাৰ মহত্ব সম্পৰ্কীয় কাৰিকৰী উপস্থাপনাৰ এক কাৰ্যসূচীতো অসমৰ বিজ্ঞান প্ৰযুক্তি মন্ত্ৰীগৰাকী উপস্থিত থাকে । ইয়াৰ পাছতে কেন্দ্ৰীয় চৰকাৰৰ সংস্কৃতি মন্ত্ৰী জি কিষাণ ৰেড্ডী আৰু কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী ড৹ মীনাক্ষী লেখীৰ সৈতে মন্ত্ৰী মহন্তই সুবিশাল সভাগৃহটোৰ বাকৰিত আয়োজিত সংগ্ৰহালয় বিষয়ক আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনীখনো দৰ্শন কৰে ।

নতুন দিল্লীৰ প্ৰগতি ময়দানত ১৮ মে'ৰ পৰা ২০ মে'লৈ আয়োজিত 'আন্তঃৰাষ্ট্ৰীয় সংগ্ৰহালয় প্ৰদৰ্শনী-২০২৩'ৰ (International Museum Expo 2023) অনুষ্ঠানৰ মূল প্ৰদৰ্শনীৰ বিভিন্ন ষ্টল দৰ্শনৰ সময়ত পুডুচেৰীৰ শিল্প আৰু সংস্কৃতি মন্ত্ৰী এছ চন্দ্ৰিকা প্ৰিয়াংগনা আৰু পৰ্যটন মন্ত্ৰী কে লক্ষ্মীনাৰায়ণেও কেন্দ্ৰীয় মন্ত্ৰীদ্বয় তথা অসমৰ মন্ত্ৰীগৰাকীৰ সৈতে অংশগ্ৰহণ কৰে । ইফালে এই আন্তঃৰাষ্ট্ৰীয় সংগ্ৰহালয় প্ৰদৰ্শনীখনত অসম ৰাজ্যিক সংগ্ৰহালয়েও অংশগ্ৰহণ কৰিছে ।

এছটেকৰ সঞ্চালক ড৹ জয়দ্বীপ বৰুৱাৰ সৈতে অসমৰ ষ্টলটিও দৰ্শন কৰি মন্ত্ৰী কেশৱ মহন্তই ৰাজ্যিক সংগ্ৰহালয়ক প্ৰতিনিধিত্ব কৰা দলটোৰ সৈতে মত বিনিময় কৰে । তদুপৰি ৰাষ্ট্ৰীয় বিজ্ঞান সংগ্ৰহালয় পৰিষদ (এনচিএছএম)ৰ প্ৰদৰ্শনী ষ্টলো দৰ্শন কৰি মন্ত্ৰী মহন্তই এনচিএছএমৰ শীৰ্ষ বিষয়াবৰ্গৰ সৈতে অসমৰ সোণাপুৰত নিৰ্মীয়মান বিজ্ঞান নগৰী (ছায়েন্স চিটি)ত সংযোজন হ'ব লগা বিজ্ঞান আৰু প্ৰযুক্তিৰ এটি বিশ্বমানৰ সংগ্ৰহালয়ৰ বিষয়ে চৰ্চা কৰে ।

লগতে পঢ়ক: Jan Sampark Abhiyan: বিজেপিৰ ক'ৰ কমিটিৰ গুৰুত্বপূৰ্ণ বৈঠক, অসমলৈ আহি আছে প্ৰধানমন্ত্ৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.