ETV Bharat / state

Constituency Delimitation: সন্দেহযুক্ত বাংলাদেশীয়ে শিৱসাগৰত আহোমৰ আসন কমিছে বুলি প্ৰতিবাদ কৰিছে; জয়ন্ত মল্ল বৰুৱা - কৃষক মুক্তি সংগ্ৰাম সমিতি

ভাড়ালৈ অনা মানুহেৰে কলাক্ষেত্ৰত প্ৰতিবাদ কৰিছে ৰাইজৰ দল আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৷ এই মন্তব্য মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ৷ অজিত কুমাৰ ভূঞা AIUDF ৰ ভোটেৰে সাংসদ হোৱা বুলিও মন্তব্য মন্ত্ৰীগৰাকীৰ ৷

Constituency Delimitation
Constituency Delimitation
author img

By

Published : Jul 21, 2023, 9:06 PM IST

ৰাইজৰ দলৰ প্ৰতিবাদক লৈ প্ৰতিক্ৰিয়া মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

গুৱাহাটী ২১ জুলাই: মহানগৰীৰ কলাক্ষেত্ৰত সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ৰাইজৰ দলে কৰা আন্দোলনক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ৷ জয়ন্ত মল্ল বৰুৱাই প্ৰতিবাদকাৰীক কটাক্ষ কৰি কয়, ‘‘ভাড়ালৈ অনা প্ৰতিবাদকাৰীৰ প্ৰতিবাদত গুৰুত্ব দি কি লাভ । আহোমৰ বাবে প্ৰতিবাদ কৰিছে আলী, আহমেদ, ৰহমান, হুছেইনে ।’’

সন্দেহযুক্ত বাংলাদেশীয়ে শিৱসাগৰত আহোমৰ আসন কমিছে বুলি প্ৰতিবাদ কৰা বুলি উল্লেখ কৰি জয়ন্ত মল্ল বৰুৱাই কয় যে আহোম জনগোষ্ঠীৰ আসনৰ বাবে বৰফুকন, বৰপাত্ৰগোহাঁই, ফুকন, গগৈসকলে প্ৰতিবাদ কৰিব লাগে । কিন্তু তেনেকুৱা আহোম এজনৰো দেখা-দেখি নাই ।

তেওঁ আৰু কয়, ‘‘অসমৰ খিলঞ্জীয়া লোকৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত নিৰ্বাচনী আয়োগে এখন খচৰা প্ৰস্তুত কৰি দিছে । প্ৰতিবাদৰ নেতৃত্ব লোৱাসকলে মানুহ বিচাৰি নাপাই চৰ অঞ্চলৰ পৰা ভাড়াত প্ৰতিবাদকাৰী আনিছে ।’’

উল্লেখযোগ্য যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক লৈ শুকুৰবাৰে অন্তিম দিনৰ শুনানিৰ সময়চোৱাত কলাক্ষেত্ৰৰ সন্মুখত কেইবাটাও দাবী লৈ ৰাইজৰ দল আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰতিবাদ সাব্যস্ত কৰিছিল ৷ এই প্ৰতিবাদৰ প্ৰত্যুত্তৰ দি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এনেদৰে মন্তব্য প্ৰকাশ কৰে ৷

আনহাতে ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰোধিতা কৰাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে AIUDF ৰ ভোটেৰে সাংসদ হোৱা ব্যক্তিয়ে অসমীয়া খিলঞ্জীয়াৰ কথা কেতিয়াও চিন্তা কৰিব নোৱাৰে । বদৰুদ্দিন আজমলৰ ভৰিত পৰি সেৱা লোৱা অজিত কুমাৰ ভূঞাই আনক সমালোচনা কৰাৰ নৈতিক অধিকাৰ হেৰুৱাইছে ।

লগতে পঢ়ক: Lurinjyoti Gogoi: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাংলাদেশী প্ৰীতি আছে; লুৰীণজ্যোতি গগৈ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.