ETV Bharat / state

ঠিকাদাৰক এসপ্তাহৰ ভিতৰত জলজীৱন মিছনৰ এশ শতাংশ সম্পূর্ণ কৰাৰ নিৰ্দেশ

পর্যালােচনা সভাত ঠিকাদাৰক সকিয়নী মন্ত্রীৰ । এসপ্তাহৰ ভিতৰত ঠিকাদাৰক জলজীৱন মিছনৰ এশ শতাংশ সম্পূর্ণ কৰাৰ নিৰ্দেশ মন্ত্ৰীগৰাকীৰ ৷ মহানগৰ জিলাত ক’ভিডত স্বামীহাৰা হোৱা বিধৱা মহিলাক চেক বিতৰণ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ ৷

author img

By

Published : Aug 28, 2021, 6:16 PM IST

chandra mohan patowary distributes cheque to widow
ক’ভিডত স্বামীহাৰা হোৱা বিধৱা মহিলাক চেক বিতৰণ

গুৱাহাটী , ২৮ আগষ্ট : ক'ভিডত স্বামীৰ মৃত্যু হোৱা বিধৱা মহিলালৈ মুখ্যমন্ত্ৰী সাহায্য আঁচনিৰ অধীনত দ্বিতীয় পৰ্যায়ত কামৰূপ মহানগৰ জিলাৰ ৯ গৰাকী মহিলাক শনিবাৰে আঢ়ৈ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰে জিলাখনৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৷ মহানগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত আয়োজন কৰা অনুষ্ঠানত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে উপায়ুক্ত বিশ্বজিৎ পেগুকে ধৰি প্ৰশাসনৰ কেইবাগৰাকী বিষয়াৰ উপস্থিতিত মহিলা কেইগৰাকীক আৰ্থিক সাহায্যৰ চেক প্ৰদান কৰে ৷

chandra mohan patowary distributes cheque to widow
এসপ্তাহৰ ভিতৰত ঠিকাদাৰক জলজীৱন মিছনৰ এশ শতাংশ সম্পূর্ণ কৰাৰ নিৰ্দেশ মন্ত্ৰীগৰাকীৰ

লগতে পঢ়ক : বিশ্ব স্বাস্থ্য সংস্থাৰ ওপৰত নাৰাজ চন্দ্ৰমোহন পাটোৱাৰী

ভাষণ প্ৰসংগত মন্ত্ৰী পাটোৱাৰীয়ে অনাগত সময়ত মানসিকভাৱে অধিক শক্তিশালী হৈ তেওঁলোকক সংসাৰৰ দায়িত্ব ল'বলৈ ভগৱানে সহায় কৰিব বুলি কামনা কৰে ৷ আৰ্থিক সাহায্য লাভ কৰা মহিলাকেইগৰাকী হ'ল সোণাপুৰৰ কমিয়া বেগম আৰু গীতা দাস, বশিষ্ঠৰ আকলিমা বেগম, শিলপুখুৰীৰ ইমৰানা বেগম, হেঙেৰাবাৰীৰ উজ্জলা দাস, চানমাৰিৰ বিনিতা চৌধুৰী বড়ো, ধীৰেনপাৰাৰ সুনিতি চৌধুৰী, জালুকবাৰীৰ মেৰিনা বেগম আৰু দক্ষিন শৰণীয়াৰ টাৰা জিল্লী ৷

কামৰূপ মহানগৰ জিলাৰ ৯ গৰাকী মহিলাক শনিবাৰে আঢ়ৈ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান

অনুষ্ঠানত জিলা উন্নয়ন আয়ুক্ত নিবেদন দাস পাটোৱাৰী, অতিৰিক্ত উপায়ুক্ত গৌৰীশংকৰ দাস, সদৰ মহকুমাধিপতি ত্ৰিদীব ৰয়ৰ উপৰিও প্ৰশাসনৰ শীর্ষ বিষয়াসকল উপস্থিত আছিল ৷ আনহাতে আৰ্থিক সাহায্য প্ৰদান অনুষ্ঠানৰ পাচতে মন্ত্ৰীগৰাকীয়ে জিলাখনত চলি থকা জলজীৱন মিছনৰ কাম-কাজৰ অগ্ৰগতিৰ বুজ লোৱাৰ অৰ্থে এখন পৰ্যালোচনা সভাত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়াবর্গ আৰু ঠিকাদাৰসকলৰ সৈতে মিলিত হয় ৷

পর্যালােচনা সভাত ঠিকাদাৰক সকিয়নী মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ

লগতে পঢ়ক : পৰিবহন মন্ত্ৰীৰ গৃহ সমষ্টিত পথৰ পয়ালগা অৱস্থা

তেওঁ প্ৰতিজন ঠিকাদাৰকে পোনপটীয়াকৈ প্ৰশ্ন কৰি হাতত লোৱা কামৰ কিমান শতাংশ সমাপ্ত হৈছে আৰু কিবা সমস্যা আছে নেকি জানিবলৈ চেষ্টা কৰে ৷ পৰৱর্তী এসপ্তাহৰ ভিতৰত তেওঁ ঠিকাদাৰসকলক জলজীৱন মিছনৰ নির্ধাৰিত কামৰ এশ শতাংশ সম্পূর্ণ কৰিবলৈ সময়সীমা বান্ধি দিয়ে আৰু এই ক্ষেত্ৰত ঠিকাদাৰসকলৰ যাতে কোনো অজুহাত থাকিব নোৱাৰে তাৰবাবে আঁচনিৰ তদাৰকৰ দায়িত্বত থকা জিলাৰ অতিৰিক্ত উপায়ুক্ত গৌৰীশংকৰ দাসক অধিক কঠোৰ হবলৈ আহ্বান জনায় ৷

সভাত উপায়ুক্ত বিশ্বজিৎ পেগুৱে কয় যে, কাৰিকৰী যিকোনো সমস্যাৰ সমাধান কৰিবলৈ জিলা প্ৰশাসন সদায় সাজু আছে ৷ কিন্তু, পৰৱৰ্তী এসপ্তাহৰ ভিতৰত ঠিকাদাৰসকলে সদ্যহতে হাতত লোৱা আঁচনিখনৰ কাম সমাপ্ত কৰি দিব লাগিব আৰু এইক্ষেত্ৰত কোনো অজুহাত নচলিব বুলি উপায়ুক্তগৰাকী মন্তব্য কৰে ৷

লগতে পঢ়ক : উদ্যোগ মন্ত্ৰীৰ গৃহজিলাত বাজিছে উদ্যোগৰ মৃত্যুঘণ্টা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.