গুৱাহাটী, ৭ জুন : অসমীয়া চলচ্চিত্ৰৰ জনপ্ৰিয় তথা বিশিষ্ট সংগীত পৰিচালক ৰমেন বৰুৱাৰ আজি ৮১ সংখ্যক জন্মদিন ৷ এই উপলক্ষে সংগীত পৰিচালক ৰমেন বৰুৱাৰ ঘৰত উপস্থিত হৈ শুভেচ্ছা জ্ঞাপন কৰে সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই।
![Raman Baruah birthday](https://etvbharatimages.akamaized.net/etvbharat/prod-images/12045623_gsgs.jpg)
শিল্পীগৰাকীক এখন ফুলাম গামোচাৰে আদৰাৰ লগতে এটা কাঁহৰ বান বটা, এটা কেক আৰু এটি মিঠাই টোপোলা উপহাৰ দিয়ে মন্ত্ৰী গৰাকীয়ে । তদুপৰি মন্ত্ৰী বিমল বৰাই শিল্পীগৰাকীৰ স্বাস্থ্যৰ খবৰ লোৱাৰ লগতে কিছু কথাৰ মন বিনিময় কৰে মন্ত্ৰীগৰাকীয়ে ৷
চলচ্চিত্ৰ জীৱনৰৰ সুদীৰ্ঘ কালছোৱাত তেওঁ ৩০ খন অসমীয়া ছবিৰ সংগীত পৰিচালনা কৰাৰ লগতে হিন্দী ছবি 'শিৱম'তো সংগীত পৰিচালনা কৰিছে ৰমেন বৰুৱাই। শিল্পীগৰাকীৰ সুস্বাস্থ্য কামনা কৰাৰ লগতে দীৰ্ঘায়ু কামনা কৰে সাংস্কৃতিক মন্ত্ৰীগৰাকীয়ে।
লগতে পঢ়ক: গহপুৰত নাঙল-যুঁৱলি লৈ অভিনৱ প্ৰতিবাদ ৰাইজৰ