ETV Bharat / state

Assam Startup Fest 2023: তিনিদিনীয়া ষ্টাৰ্ট আপ মহোৎসৱ মুকলি মন্ত্ৰী বিমল বড়াৰ

author img

By ETV Bharat Assamese Team

Published : Aug 23, 2023, 5:43 PM IST

গুৱাহাটীৰ আমবাৰীস্থিত অসম ষ্টাৰ্ট আপ নেষ্টত উদ্যমীৰ সমাগম । তিনিদিনীয়া ষ্টাৰ্ট আপ মহোৎসৱৰ শুভাৰম্ভণি কৰে মন্ত্ৰী বিমল বড়াই ৷ তেওঁ কয় যে, ষ্টাৰ্ট আপৰ দ্বাৰা ৰাজ্যত বৰ্তমানলৈ লাভান্বিত হৈছে ১৪ লাখতকৈ অধিক লোক।

Assam Startup Fest 2023
তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ’ল ষ্টাৰ্ট আপ মহোৎসৱ
ষ্টাৰ্ট আপ মহোৎসৱ মুকলি মন্ত্ৰী বিমল বড়াৰ

গুৱাহাটী, 23 আগষ্ট : অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ উদ্যোগত বুধবাৰ অৰ্থাৎ 23 আগষ্টৰ পৰা 25 আগষ্টলৈ গুৱাহাটীৰ আমবাৰীস্থিত অসম ষ্টাৰ্ট আপ নেষ্টত অনুষ্ঠিত হৈছে 'ষ্টাৰ্ট আপ মহোৎসৱ-2023' ৷ বুধবাৰে এই মহোৎসৱৰ শুভাৰম্ভণি কৰে ৰাজ্য চৰকাৰৰ মন্ত্ৰী বিমল বড়াই ৷

ষ্টাৰ্ট আপ মহোৎসৱ-2023 সন্দৰ্ভত মন্ত্ৰী বিমল বড়াই কয় যে ৰাজ্যৰ সকলো ষ্টাৰ্ট আপ গোটক একত্ৰিত কৰি তেওঁলোকৰ উৎপাদিত সামগ্ৰীৰ প্ৰদৰ্শন তথা বিক্ৰীৰ এখন মঞ্চ প্ৰদান কৰাৰ উদ্দেশ্যে এই ষ্টাৰ্ট আপ মহোৎসৱ আয়োজন কৰা হৈছে ৷ এই ষ্টাৰ্ট আপ মহোৎসৱত ৰাজ্যৰ বাহিৰৰ বিশিষ্ট উদ্যমী সকলৰ সৈতে আমাৰ ষ্টাৰ্ট আপ সমূহে মত-বিনিময়ৰ সুবিধা লাভ কৰিব ৷

তদুপৰি বহু বিশেষজ্ঞৰ উপস্থিতিত একাধিক আলোচনা চক্ৰও এই মহোৎসৱত অনুষ্ঠিত হ'ব ৷ দেশৰ উদ্যমী যুৱক-যুৱতী সকলৰ সৃষ্টিশীলতা আৰু শক্তিশালী উদ্ভাৱনী মানসিকতাক অধিক ফলপ্ৰসু কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 2016 চনত গ্ৰহণ কৰা ষ্টাৰ্ট আপে উদ্যোগ ক্ষেত্ৰখনলৈ উল্লেখনীয় বৰঙণি আগবঢ়াই আহিছে বুলি তেওঁ কয় ৷

মন্ত্ৰীগৰাকীয়ে কয় যে, ভাৰতবৰ্ষত বৰ্তমান 80,000 ৰো অধিক স্বীকৃতিপ্ৰাপ্ত ষ্টাৰ্ট আপে উদ্ভাৱনীমূলক সমাধান আগবঢ়োৱাৰ লগতে নিয়োগৰ সুযোগ বৃদ্ধি কৰিছে আৰু দেশৰ অৰ্থনীতিৰ সামগ্ৰিক উন্নয়নৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে ৷ তেওঁ কয় যে 'নতুনৰ উন্মেষ, সৃষ্টিৰ প্ৰেৰণাৰে ষ্টাৰ্ট আপ অসম' শ্ল'গানেৰে অসম ষ্টাৰ্ট আপ ফেষ্ট মহোৎসৱৰ আয়োজন কৰা হৈছে ৷ এই মহোৎসৱত 35 জন উদ্যোগীৰ ষ্টাৰ্ট আপ প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে ৷

তেওঁ লগতে কয় যে ষ্টাৰ্ট আপৰ দ্বাৰা ৰাজ্যত বৰ্তমানলৈ 14 লাখতকৈ অধিক লোক লাভান্বিত হৈছে ৷ বুধবাৰে অনুষ্ঠিত হোৱা এই উদ্বোধনী অনুষ্ঠানত সাংসদ কামাখ্যা প্ৰসাদ তাছা, উদ্যোগ আৰু বাণিজ্য বিভাগৰ আয়ুক্ত ঐনাম চৰণ কুমাৰ সিং, অসম ঔদ্যোগিক উন্নয়ন নিগমৰ সঞ্চালক মানবেন্দ্ৰ প্ৰতাপ সিং, অসম ঔদ্যোগিক আন্তঃগাথঁনি উন্নয়ন নিগমৰ সঞ্চালক চিন্ময় ফুকনকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত আছিল ৷

লগতে পঢ়ক : Chandrayaan-3: ৰাজ্যবাসীক গৌৰৱান্বিত কৰি চন্দ্ৰযান-৩ অভিযানৰ অংশ তিনিচুকীয়াৰ বোৱাৰী নিধি শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.