গুৱাহাটী,২৯ জুন: ঐতিহাসিক অসম আন্দোলনৰ (Assam movement) অন্যতম অংশীদাৰী সংগঠন অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ (AJYCP) গুৱাহাটীস্থিত কেন্দ্ৰীয় কাৰ্যালয় বিষ্ণু ৰাভা ভৱনত বুধবাৰে উপস্থিত হয় অসম চুক্তি ৰূপায়ণ মন্ত্রী (Implementation of Assam Accord Minister) অতুল বৰা । কাৰ্যালয়ত উপস্থিত হৈ মন্ত্রীগৰাকীয়ে সংগঠনটোৰ বিষয়ববীয়াসকলৰ সৈতে এক আলোচনাত মিলিত হয় । উল্লেখ যে কিছুদিন পূৰ্বে মন্ত্রীগৰাকী সদৌ অসম ছাত্র সন্থাৰ (AASU) কাৰ্যালয় শ্বহীদ ন্যাসত উপস্থিত হৈ সংগঠনটোৰ নেতৃত্বৰে আলোচনাত মিলিত হৈছিল । বুধবাৰে জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ (AJYCP) নেতৃত্বৰে ঐতিহাসিক অসম চুক্তিৰ (Assam Accord) বিভিন্ন দফা ৰূপায়ণ সন্দৰ্ভত মন্ত্রীগৰাকীয়ে আলোচনা কৰে ।
মন্ত্রীগৰাকীয়ে কয়-"আমাৰ চৰকাৰে এন আৰ চিৰ (NRC) পুনৰীক্ষণৰ বাবে লোৱা পদক্ষেপৰ ক্ষেত্রত সংগঠনটোৱে দেখুওৱা সদিচ্ছা আৰু সমৰ্থনৰ বাবে তেওঁলোকক ধন্যবাদ জনাইছোঁ। লগতে অনাগত দিনবোৰতো তেওঁলোকৰ সহযোগিতা আন্তৰিকতাৰে কামনা কৰিলোঁ । আলোচনাকালত শ্বহীদৰ পৰিয়াল আৰু নিৰ্যাতিতৰ পৰিয়ালৰ সংস্থাপনৰ বিষয়টো তেওঁলোকে উত্থাপন কৰে । এইক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণৰ বিষয়ে তেওঁলোকক অৱগত কৰা হয় ।"
মন্ত্রী অতুল বৰা (Atul Bora) ই লগতে কয় যে কৃষকৰ উৎপাদিত ফচলৰ উচিত মূল্য, ৰাসায়নিক সাৰৰ মূল্যবৃদ্ধি, বজাৰ সংযোগীকৰণকে ধৰি কৃষিখণ্ডৰ সৈতে জড়িত কেইবাটাও বিষয় সংগঠনটোৱে আলোচনা কালত তেওঁৰ সন্মুখত উত্থাপন কৰে । এইক্ষেত্ৰত কৃষি বিভাগে লৈ থকা পদক্ষেপসমূহৰ বিষয়ে তেওঁলোকক সবিশেষ অৱগত কৰে মন্ত্ৰীগৰাকীয়ে ।
লগতে ক'ভিড-১৯ৰ (Covid) জটিল সময়ছোৱাত কৃষকসকলে সন্মুখীন হোৱা সমস্যাৰ পৰিপ্ৰেক্ষিতত খাজনা ৰেহাইৰ বাবে তেওঁলোকে আগবঢ়োৱা প্ৰস্তাৱটো মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ কৰোৱা হ'ব বুলিও মন্ত্ৰীগৰাকীয়ে আশ্বাস দিয়ে । আলোচনা কালত সংগঠনটোৰ নেতৃত্বই মন্ত্রীগৰাকীক বিভিন্ন দিহা-পৰামৰ্শ আগবঢ়ায় । মন্ত্রীগৰাকীৰ সৈতে হোৱা এই আলোচনাত সংগঠনটোৰ মুখ্য উপদেষ্টা কমল ভৰালী, সভাপতি ৰাণাপ্ৰতাপ বৰুৱা, উপ-সভাপতি বিশ্বজিৎ বৰুৱা, সাধাৰণ সম্পাদক পলাশ চাংমাই, সহকাৰী সম্পাদকদ্বয় জিতুল ৰাজখোৱা আৰু শিৱ কলিতা, যুটীয়া সম্পাদকদ্বয় প্ৰদীপ কলিতা আৰু প্ৰণৱ কলিতা প্ৰমুখ্যে কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক সদস্যসকল আৰু আন বিষয়ববীয়াসকল উপস্থিত আছিল ।
লগতে পঢ়ক :গুৱাহাটীৰ জাৱৰ নলয় চন্দ্ৰপুৰবাসীয়ে