গুৱাহাটী, 19 ডিচেম্বৰ : ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ তথা নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহলে আজি অৰ্থাৎ সোমবাৰে মেয়ৰ মৃগেন শৰণীয়া আৰু গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত মেঘনিধি দাহালক লগত লৈ গুৱাহাটী মহানগৰীৰ বৰাগাঁও আৰু কাহিলীপাৰাত গুৱাহাটী পৌৰ নিগমৰ বৰ্তমানে থকা আৰু প্ৰস্তাৱিত আৱৰ্জনা ব্যৱস্থাপনা স্থলী (ডাম্পিং গ্ৰাউণ্ড)ৰ (Minister Ashok Singhal visit Guwahati dumping ground) লগতে কাহিলীপাৰা এলেকাৰ পথৰ কাষৰ নিৰ্মিয়মান পদপথ আৰু নলাৰ কাম-কাজো পৰিদৰ্শন কৰে ।
আনকি অঞ্চলটোৰ কেইবাটাও স্থানৰ পদপথত পদব্ৰজে ভ্ৰমণ কৰে মন্ত্ৰীগৰাকীয়ে ৷ লগতে নলা-নর্দমা নিৰ্মাণৰ কাম খৰতকীয়া কৰা, কামত গুণগত মান অটুট ৰখা তথা সম্ভাব্য দুর্ঘটনা প্ৰতিৰোধৰ বাবে উন্মুক্ত মেনহ’লসমূহ যথাসম্ভৱ সোনকালে বন্ধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে ।
ইয়াৰ পূৰ্বে মন্ত্ৰী সিংহলে জনতা ভৱনস্থিত নিজ কাৰ্যালয়ৰ সভাকক্ষত গুৱাহাটী পৌৰ নিগমৰ নৱ নিযুক্ত বিষয়া আৰু অভিযন্তাসকলৰ সৈতে এখনি পৰিচয়মূলক বৈঠকতো অংশগ্ৰহণ কৰে । বৈঠকত নিগমত নতুনকৈ নিযুক্ত অসম অসামৰিক সেৱাৰ বিষয়াসকলৰ লগতে লোক নিৰ্মাণ, জলসিঞ্চন, জনস্বাস্থ্য কাৰিকৰী, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আদি বিভাগৰ পৰা ডেপুটেশ্যনত অনা সহকাৰী অভিযন্তা তথা কনিষ্ঠ অভিযন্তাসকলো উপস্থিত থাকে ।
লগতে পঢ়ক : Erosion in Barpeta: চাউলখোৱা নৈৰ খহনীয়াই ভাবুকি কঢ়িয়াইছে বৰপেটা চহৰলৈ
তদুপৰি ৰাজ্য চৰকাৰে শেহতীয়াকৈ গুৱাহাটী পৌৰ নিগমৰ বানমুক্তকৰণৰ কাম-কাজ (Flood free Guwahati) নিৰীক্ষণৰ বাবে অতিৰিক্তভাৱে দায়িত্ব অর্পণ কৰা জ্যেষ্ঠ প্ৰশাসনিক বিষয়াসকল ক্ৰমে পৰিবহণ বিভাগৰ আয়ুক্ত আদিল খান, উদ্যোগ আৰু বাণিজ্য বিভাগৰ আয়ুক্ত ঐনাম চৰণ সিং, কৰ্মচাৰী বিভাগৰ সচিব ঘনশ্যাম দাস, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ আয়ুক্ত বিক্ৰম কৈৰী আদিও আজিৰ এই বৈঠকত উপস্থিত থাকে ।
বৈঠকত মন্ত্ৰীগৰাকীয়ে নৱ নিযুক্ত বিষয়াসকলক প্ৰতিদিনাই নিজৰ দায়িত্ব প্ৰাপ্ত এলেকাসমূহ ভ্ৰমণ কৰি কাম-কাজৰ নিৰন্তৰ তদাৰকীৰ বাবে নিৰ্দেশ দিয়ে । তেওঁ কয়, ‘‘গুৱাহাটী মহানগৰীক বানমুক্ত কৰাটো এক বৃহৎ প্ৰত্যাহ্বান ৷ এতিয়াৰে পৰা নিয়মীয়াকৈ নলা-নর্দমাসমূহ পৰিষ্কাৰ কৰাৰ অবিহনে এই সমস্যা সমাধানৰ গত্যন্তৰ নাই’’ ।
লগতে ভৰলু বাহিনীকে ধৰি মহানগৰীৰ প্ৰধান নলাসমূহৰ পৰা নিয়মীয়াকৈ আৱৰ্জনা, গেদ আদি উঠোৱাৰ লগতে এই বোকাসমূহ উপযুক্ত ৰূপত স্থানান্তৰৰ ওপৰত তেওঁ বিশেষভাৱে গুৰুত্ব আৰোপ কৰে । নলাৰ পৰা উঠোৱা বোকাসমূহৰ সঠিক শোধন কৰাৰ বাবে এক বিজ্ঞানসন্মত পদ্ধতি উদ্ভাৱনৰ বাবেও তেওঁ বিষয়াসকলক নিৰ্দেশ দিয়ে ।
বৈঠকত মন্ত্ৰী সিংহলে নৱ নিযুক্ত বিষয়াসকলক কেতবোৰ গুৰুত্বপূৰ্ণ দায়িত্ব ভগাই দিয়াৰ লগতে কাম কাজৰ অগ্ৰগতিৰ সবিশেষ নিয়মীয়াকৈ তেওঁক অৱগত কৰাৰ বাবে বিষয়াসকলক নিৰ্দেশ দিয়ে ৷
লগতে পঢ়ক : Protest in Guwahati : সাহিত্য সভাৰ কৰ্মচাৰীৰ দৰমহা মোকলাই দিয়াৰ দাবীত প্ৰতিবাদ