ETV Bharat / state

Unified Web Portal : কাৰ্যালয়লৈ নোযোৱাকৈ সকলো পৌৰ সেৱা লাভ কৰিব পৰাকৈ প'ৰ্টেল মুকলি - পৌৰসভা

ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগে মুকলি কৰিলে ইউনিফাইড ৱেব প'ৰ্টেল নামৰ এটা প'ৰ্টেল ৷ জনতা ভৱনৰ কাৰ্যালয়ত আয়োজন কৰা এটা অনুষ্ঠানত প'ৰ্টেলটো আনুষ্ঠানিকভাৱে মুকলি কৰে মন্ত্ৰী অশোক সিংহলে ৷

Minister Ashok Singhal
মন্ত্ৰী অশোক সিংহল
author img

By ETV Bharat Assamese Team

Published : Nov 10, 2023, 3:29 PM IST

ইউনিফাইড ৱেব প'ৰ্টেল মুকলি গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ

গুৱাহাটী, 10 নৱেম্বৰ : অসমৰ ৰাইজৰ সুবিধাৰ্থে শুকুৰবাৰে ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগে মুকলি কৰিলে 'ইউনিফাইড ৱেব প'ৰ্টেল' (Unified Web Portal) নামৰ এটা প'ৰ্টেল ৷ নগৰাঞ্চলত চৰকাৰে আগবঢ়োৱা সেৱাসমূহক এটা মঞ্চ দিয়াৰ উদ্দেশ্যে এই প'ৰ্টেলটো মুকলি কৰা হৈছে ৷ শুকুৰবাৰে জনতা ভৱনৰ কাৰ্যালয়ত আয়োজন কৰা এটা অনুষ্ঠানত প'ৰ্টেলটো আনুষ্ঠানিকভাৱে মুকলি কৰে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহলে ৷

সংবাদ মাধ্যমক সম্বোধন কৰি মন্ত্ৰী সিংহলে কয় যে চৰকাৰী বিভিন্ন সেৱা লাভৰ ক্ষেত্ৰত চহৰাঞ্চলৰ ৰাইজে বিভিন্ন বিভাগলৈ যাব লগীয়া হয় ৷ বিভিন্ন বিভাগত বিভিন্ন সেৱাৰ বাবে পৃথকে পৃথকে আবেদন কৰিবলগীয়া হয় ৷ যাৰ প্ৰতি লক্ষ্য ৰাখি ৰাইজৰ সুবিধাৰ্থে সকলো সেৱা এটা স্থানত একত্ৰিত কৰা হৈছে আৰু এই প'ৰ্টেলটোৰ যোগেদি ৰাইজে সকলোখিনি সেৱা লাভ কৰিব পাৰিব ৷ এই প'ৰ্টেলৰ যোগেদি অসমৰ ৰাইজে 103 টা পৌৰ সেৱা লাভ কৰিব পাৰিব ৷ ইয়াত 100 খন পৌৰসভা আৰু তিনিখন পৌৰ নিগমক একত্ৰিত কৰা হৈছে ৷

মন্ত্ৰীগৰাকীয়ে কয় যে এই প'ৰ্টেলৰ যোগেদি ঘৰতে বহি সকলো সেৱাৰ সুবিধা লাভৰ বাবে আবেদন কৰিব পৰা যাব ৷ সম্পত্তি কৰ, গৃহ নিৰ্মাণৰ অনুমতি, পানীৰ সংযোগ আদি নগৰাঞ্চলৰ বিভিন্ন সেৱা এই প'ৰ্টেলৰ যোগেদি ৰাইজে গ্ৰহণ কৰিব পাৰিব ৷ কেন্দ্ৰীয় চৰকাৰৰ সংস্কাৰ সাধনৰ পদক্ষেপৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে পৰ্যায়ক্ৰমে সকলো সেৱা সহজলভ্য কৰাৰ বাবে উদ্যোগ গ্ৰহণ কৰি আহিছে বুলি মন্ত্ৰীগৰাকীয়ে সদৰী কৰে ৷

পৌৰ সেৱাসমূহ উন্নত কৰাৰ বাবে লোৱা পদক্ষেপৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ৰাইজে যাতে কষ্ট নকৰাকৈ সেৱা সমূহ লাভ কৰিব তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ গুৱাহাটীৰ পৌৰ ব্যৱস্থাটো উন্নত কৰাৰ বাবে লোৱা পদক্ষেপৰ কথা সদৰী কৰি তেওঁ কয় যে গুৱাহাটীত জাৱৰ নিষ্কাষণ কৰা বাহন সমূহ মনিটৰিং কৰাৰ বাবে ট্ৰেকিঙৰ ব্যৱস্থা কৰা হৈছে ৷ যাতে কোনো ধৰণৰ গাফিলতি কোনেও কৰিব নোৱাৰে ৷ প'ৰ্টেলত ডাটা এণ্ট্ৰিৰ কাম চলি থকাৰ কথা সদৰী কৰি মন্ত্ৰীগৰাকীয়ে কয় পহিলা জানুৱাৰীৰ পৰা প'ৰ্টেলটো সম্পূৰ্ণৰূপে কাৰ্যক্ষম হ'ব ৷

লগতে পঢ়ক : Khel Maharan 2023: মন্ত্রী পীযুষ হাজৰীকাই লখিমপুৰত আৰম্ভ কৰিলে মহাৰণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.