ETV Bharat / state

Mission Flood free Guwahati: আকাশ মাৰ্গৰে মহানগৰীৰ নৈ-জলাশয় পৰিদৰ্শন মন্ত্ৰী অশোক সিংহলৰ

author img

By

Published : Mar 1, 2023, 10:47 PM IST

মহানগৰীত বানমুক্ত গুৱাহাটী অভিযানৰ ব্যাপক তৎপৰতা দেখা গৈছে ৷ এই অভিযানৰ অংশস্বৰূপে মন্ত্ৰী অশোক সিংহলে (Minister Ashok Singhal ) আকাশ মাৰ্গেৰে শিলসাঁকো বিলকে ধৰি মহানগৰৰ বিভিন্ন নদী তথা জলাশয়সমূহ আৰু বিভিন্ন অঞ্চল পৰিদৰ্শন কৰে (Ashok Singhal inspects the river water bodies)।

Minister Ashok Singhal inspects the river water bodies of the city by helicopter
মন্ত্ৰী অশোক সিংহল
মন্ত্ৰী অশোক সিংহল

গুৱাহাটী,১ মাৰ্চ: গুৱাহাটী মহানগৰীৰ শিলসাঁকো বিলত সোমবাৰৰ পৰা ব্যাপক উচ্ছেদ অভিযান চলিছে । এই অভিযানৰ মাজতে আজি গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহলে (Minister Ashok Singhal ) হেলিকপ্টাৰেৰে শিলসাঁকো বিলকে ধৰি গুৱাহাটী মহানগৰৰ বিভিন্ন নদী তথা জলাশয়সমূহ আৰু বিভিন্ন অঞ্চল পৰিদৰ্শন কৰে (Ashok Singhal inspects the river water bodies)। মন্ত্ৰীগৰাকীয়ে বুধবাৰে আকাশী পথেৰে মহানগৰীৰ ভৰলু, মৰা ভৰলু, বশিষ্ঠ-বাহিনী আদি নদীকে ধৰি বিভিন্ন প্ৰান্তত চলি থকা 'বানমুক্ত গুৱাহাটী' অভিযানৰ(Mission Flood free Guwahati) কাম-কাজৰ বুজ লয় ।

খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰৰ অস্থায়ী হেলিপেডত সংবাদ মাধ্যমৰ আগত মন্ত্ৰী সিংহলে কয় যে গুৱাহাটী মহানগৰক কৃত্ৰিম বানৰ প্ৰকোপৰ পৰা ৰক্ষা কৰাৰ বাবে শিলসাঁকো বিল, দীপৰ বিল আদিৰ লগতে আন আন জলাশয়সমূহৰ সংৰক্ষণৰ গুৰুত্ব অপৰিসীম। কিন্তু এই জলাশয়সমূহৰ একাংশ ভূমিৰ লগতে ভৰলু, বাহিনী আদি নদীৰ কাষৰীয়া অঞ্চল দখলকাৰীৰ কবলত থকাৰ বাবে এইসমূহৰ পানী বহন ক্ষমতা কমি গৈছে । সেয়েহে বানমুক্ত গুৱাহাটীৰ স্বাৰ্থত ৰাজহ বিভাগৰ সহযোগত এনেধৰণৰ সকলো বেদখল উচ্ছেদৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব ।

মহানগৰীৰ নদী আৰু জলাশয়সমূহত হোৱা ব্যাপক বেদখলত উদ্বিগ্নতা প্ৰকাশ কৰি তেওঁ কয় যে গুৱাহাটীক পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰখাৰ দায়িত্ব প্ৰতিগৰাকী গুৱাহাটীবাসীয়েই ল'ব লাগিব । ৰাইজ সজাগ হ'লে নলা-নৰ্দমাত আৱৰ্জনা নেপেলালে আৰু পানী ওলাই যোৱাৰ পথসমূহ মুকলি হ’লে মহানগৰীৰ কৃত্ৰিম বানৰ (Artificial flood in Guwahati) সমস্যা স্বাভাৱিকভাৱেই সমাধান হ'ব বুলি তেওঁ মন্তব্য কৰে ।

আনহাতে ‘বানমুক্ত গুৱাহাটী অভিযান’ৰ সৈতে সংগতি ৰাখি মন্ত্ৰী সিংহলে আজি গুৱাহাটীৰ ৰুক্মিণীগাঁও আৰু দ্বাৰকা নগৰ অঞ্চলত চলি থকা আৱৰ্জনা নিষ্কাশনৰ কাম-কাজৰো পৰিদৰ্শন কৰে । উল্লেখ্য যে কৃত্ৰিম বান ৰোধৰ লক্ষ্যৰে সমাগত বাৰিষাৰ আগতেই মহানগৰীৰ নলা-নৰ্দমা, জলাশয়সমূহ পৰিষ্কাৰ কৰি তোলাৰ বাবে বিভিন্ন বিভাগৰ সহযোগত পূৰ্ণগতিত কাম অব্যাহত ৰখা হৈছে ।

মন্ত্রীগৰাকীয়ে কয় যে বাৰিষাৰ আগতেই বিভাগে সৰু-ডাঙৰ সকলো নলা, খাল, পুখুৰী ইত্যাদি পৰিষ্কাৰ কৰি তোলাৰ বাবে পূৰ্ণগতিত কাম অব্যাহত ৰাখিছে । নলা-নৰ্দমাসমূহত জমা হোৱা জাবৰ, গেদ আদি ভালদৰে নিষ্কাশন কৰিলেহে ইয়াৰ পানী বহণ ক্ষমতা অটুট থাকে আৰু বৰষুণৰ পানী অবিৰতভাৱে বৈ যাব পাৰে । কাৰ্যক্ষম নলাসমূহেই হৈছে কৃত্ৰিম বান ৰোধৰ প্ৰধান উপায় বুলি মন্ত্রীগৰাকীয়ে কয় ।

মন্ত্রীগৰাকীৰ এই পৰিদৰ্শনত গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ নাৰায়ণ ডেকা, কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝা (DC Pallab Gopal Jha) আৰু গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত মেঘনিধি দাহালেও (GMC Commissioner Meghnidhi Dahal) অংশ লয়।

লগতে পঢ়ক: Eviction in Silsako Beel: শিলসাঁকোৰ ভূমি দখল সন্দৰ্ভত কংগ্ৰেছৰ গাত দোষ জাপি নিষ্কণ্টক হ’ব খুজিছে নেকি ড৹ শৰ্মা !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.