ETV Bharat / state

দীঘলীপুখুৰীৰ বুকুত জাক জাক শৰালী হাঁহ - দীঘলীপুখুৰীৰ বুকুত জাক জাক শৰালী হাঁহ

কভিড-১৯ কৰ'ণা ভাইৰাছ যাতে ৰাজ্যত তাণ্ডৱ চলাবলৈ সুযোগ নাপাই ইয়াৰ বাবে প্ৰশাসনে যোৱা ১৮ মাৰ্চৰ পৰা বন্ধ ৰাখিছে দীঘলীপুখুৰী।

শৰালী হাঁহ
শৰালী হাঁহ
author img

By

Published : Mar 30, 2020, 12:02 AM IST

গুৱাহাটী, 29 মাৰ্চঃ ঐতিহাসিক দীঘলীপুখুৰীৰ অভিজাত্যই পূৰ্ণতা লাভ কৰিলে। প্ৰথমবাৰৰ বাবে জাকে জাকে শৰালী হাঁহ দীঘলীপুখুৰীৰ বুকুলৈ নামি আহি পূৰ্ণতা প্ৰদান কৰিলে দীঘলীপুখুৰীৰ অভিজাত্যক। কভিড-১৯ কৰ'ণা ভাইৰাছৰ আতংকত স্তব্ধ হৈ পৰিছে সমগ্ৰ বিশ্ব। শান্ত হৈ পৰা পৃথিৱীত এতিয়া মুকলি মানে বিচৰণ কৰিছে পক্ষীকুলে। নাই কোনো যান্ত্ৰীকতা, নাই মানুহৰ সমাগম, সম্পূৰ্নৰ স্তব্ধ দীঘলীপুখুৰীৰ প্ৰকৃতি। দীঘলীপুখুৰীৰ স্তব্ধ প্ৰকৃতিক পৰিবেশে হাত বাউলি মাতিছে শ শ শৰালী হাঁহক। কভিড-১৯ কৰ'ণা ভাইৰাছ যাতে ৰাজ্যত তাণ্ডৱ চলাবলৈ সুযোগ নাপাই ইয়াৰ বাবে প্ৰশাসনে যোৱা ১৮ মাৰ্চৰ পৰা বন্ধ ৰাখিছে দীঘলীপুখুৰী। তলা বন্ধৰ বাবেও দীঘলীপুখুৰীৰ পাৰত নাই কোনো যান্ত্ৰীকতাৰ উচ্চ শব্দ। যুগ যুগ ধৰি মহানগৰীৰ অভিজাত্যৰ প্ৰমাণ দীঘলীপুখুৰী তলা বন্ধৰ সময়ত নিসংগ হৈ পৰিছিল। দীঘলীপুখুৰীৰ এই নিসংগতা আঁতৰ কৰিলে পুখুৰীৰ পানীত এইদৰে জলকেলি কৰি থকা শ শ শৰালী হাঁহৰ জাকে।

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.