ETV Bharat / state

2 অক্টোবৰত মহানগৰীত মেগা টীকাকৰণ কাৰ্যসূচী - অতিৰিক্ত উপায়ুক্ত গুণজিৎ ৰয়চৌধুৰী

অহা 2 অক্টোবৰ,শনিবাৰে মহানগৰী গুৱাহাটীত অনুষ্ঠিত হ'ব মেগা টীকাকৰণ কাৰ্যসূচী ৷ উক্ত দিনটোত গুৱাহাটীত অতি কমেও 42,000 পালি টীকা প্ৰদান কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে ৷

mega-vaccination-drive-to-be-held-again-on-october-2
2 অক্টোবৰত পুনৰ ৰাজ্যজুৰি মেগা টীকাকৰণ কাৰ্যসূচী
author img

By

Published : Sep 27, 2021, 9:05 PM IST

Updated : Sep 27, 2021, 10:42 PM IST

গুৱাহাটী, 27 ছেপ্টেম্বৰ : অহা 2 অক্টোবৰত মহানগৰী গুৱাহাটীত অনুষ্ঠিত হ'ব মেগা ক'ভিড টীকাকৰণ অভিযান ৷ উক্ত দিনটোত কামৰূপ মেট্ৰ’ জিলাত অতি কমেও 42,000 পালি টীকাকৰণৰ লক্ষ্য স্থিৰ কৰিছে জিলা প্ৰশাসনে ৷ এই অভিযানৰ সফল ৰূপায়ণৰ বাবে পূৰ্বৰ টীকাকৰণ কেন্দ্ৰসমূহৰ উপৰিও সোণাপুৰৰ গাঁও অঞ্চল সমূহত আৰু মহানগৰৰ শ্লাম এলেকাত অধিক টীকাকৰণ কেন্দ্ৰৰ সংখ্যা বৃদ্ধি কৰাৰ নিৰ্দেশ দিছে উপায়ুক্ত বিশ্বজিৎ পেগুৱে ৷

গান্ধী জয়ন্তীৰ দিনা অনুষ্ঠিত হ'বলগীয়া এই অভিযানৰ প্ৰস্তুতিৰ পৰ্যালোচনাৰ বাবে সোমবাৰে বিয়লি উপায়ুক্ত বিশ্বজিৎ পেগুৰ অধ্যক্ষতাত অনুষ্ঠিত হয় এখন গুৰুত্বপূৰ্ণ বৈঠক ৷ অঞ্চল বিশেষে গাঁও বুঢ়া, লাট মণ্ডল, MPW, গাঁওৰক্ষী বাহিনী, আশা কৰ্মী, অংগনবাদী কৰ্মীৰ সহযোগত মেগা টীকাকৰণ অভিযান সন্দৰ্ভত ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ নিৰ্দেশ দিয়ে উপায়ুক্ত বিশ্বজিৎ পেগুৱে ৷

লগতে পঢ়ক : মুকলি হ'ল যোৰহাট-মাজুলীৰ ফেৰী সেৱাৰ অনলাইন টিকট ব্যৱস্থা

এই বৈঠকখনত অতিৰিক্ত উপায়ুক্ত গুণজিৎ ৰয়চৌধুৰী, যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ গণেশ শইকীয়াৰ লগতে স্বাস্থ্য বিভাগৰ বিষয়াসকল উপস্থিত থাকে ৷ উল্লেখ্য যে, শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন উপলক্ষে যোৱা 17 ছেপ্টেম্বৰৰ দিনা ৰাজ্যত "মেগা ক'ভিড ভেকচিনেশ্যন" কাৰ্যসূচী গ্ৰহণ কৰিছিল ৰাজ্যৰ স্বাস্থ্য বিভাগে ৷ ক'ভিড টীকাকৰণৰ এই বিশাল অভিযানৰ জৰিয়তে ৰাজ্য চৰকাৰে একেদিনাই সমগ্ৰ ৰাজ্যত 8 লাখ লোকক টীকাকৰণ কৰাৰ লক্ষ্য স্থিৰ কৰিছিল ৷ এই কাৰ্যসূচীৰ পৰা ৰাজ্যত উপকৃত হৈছিল কেইবা লক্ষাধিক লোক ৷

লগতে পঢ়ক : অখিল গগৈ প্ৰাইভেট লিমিটেডত পৰিণত হৈছে নেকি ৰাইজৰ দল ?

Last Updated : Sep 27, 2021, 10:42 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.