ETV Bharat / state

Transport Department programme: শিক্ষানুষ্ঠানৰ মূৰব্বীৰে পৰিবহণ বিভাগৰ জৰুৰী সভা

author img

By

Published : Jun 18, 2023, 4:01 PM IST

ধাৰাবাহিক দুৰ্ঘটনাৰ পিছতে চৰকাৰী, বেচৰকাৰী সকলো শিক্ষানুষ্ঠানৰ মূৰব্বীসকলক লগত পৰিবহণ বিভাগৰ জৰুৰী সভা সম্পন্ন । এনফ'ৰ্চমেন্ট বিভাগে বিভিন্ন ঠাইত স্কুলবাছত অভিযান চলাই পৰীক্ষা কৰিছে নীতি-নিয়ম ।

Transport Department programme
ছাত্ৰ-ছাত্ৰী পৰিবহণত ব্যৱহৃত স্কুলবাছ সন্দৰ্ভত সভা

গুৱাহাটী, ১৮ জুন : ছাত্ৰ-ছাত্ৰী পৰিবহণত ব্যৱহৃত স্কুলবাছে উচ্চতম ন্যায়ালয় আৰু ৰাষ্ট্ৰীয় শিশু অধিকাৰ আয়োগে জাৰি কৰা কঠোৰ নির্দেশনাসমূহ সঠিকভাৱে মানি চলিছেনে ? সেয়া নিৰীক্ষণ কৰাৰ বাবে মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাই জিলা প্ৰশাসন, আৰক্ষী, শিক্ষা আৰু পৰিবহণ বিভাগক দিয়া নিৰ্দেশনাৰ ভিত্তিত শনিবাৰে চৰকাৰী, বেচৰকাৰী সকলো শিক্ষানুষ্ঠানৰ মূৰব্বীসকলক একত্ৰিত কৰি জৰুৰীভাৱে পথ-সুৰক্ষা সজাগতা কৰ্মশালাৰ আয়োজন কৰা হয় ।

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰীমাধৱদেৱ আন্তর্জাতিক প্ৰেক্ষাগৃহত কালি দিনৰ ২ বজাৰ পৰা অনুষ্ঠিত কৰ্মশালাত ছাত্ৰ-ছাত্ৰীৰ পথ-সুৰক্ষা বিষয়ক গুৰুত্বপূৰ্ণ নীতি- নির্দেশনাসমূহ সঠিকভাৱে প্রয়োগ হৈছে নে নাই সেই সন্দৰ্ভত বিশদভাৱে আলোচনা কৰা হয় ।

এই সন্দৰ্ভত ৰাজ্যৰ সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসে কয় যে, ছাত্র-ছাত্রীসকল যান-বাহনত যাতায়াত কৰা সময়ত যাতে সদাসুৰক্ষিত হৈ থাকে তাৰ বাবে কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিয়ে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু পৰিবহণ বিভাগে এইক্ষেত্ৰত কোনো আপোচ নকৰে ।

সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াগৰাকীয়ে পুনৰ কয় যে, ইতিমধ্যে এনফ'ৰ্চমেন্ট বিভাগে বিভিন্ন ঠাইত স্কুল বাছত অতর্কিতে অভিযান চলাইছে । যান-বাহন পৰিদৰ্শকৰ দল বিভিন্ন বিদ্যালয়লৈ গৈ স্কুলবাছে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাসমূহ মানি চলিছে নে নাই সেই সন্দৰ্ভত পুংখানুপুংখ পৰীক্ষা-নিৰীক্ষা অব্যাহত ৰাখি অভিযান খৰতকীয়া কৰা বুলিও কয় সহকাৰী পৰিবহণ আয়ুক্তগৰাকীয়ে ।

উল্লেখ্য যে, গুৱাহাটী মহানগৰীৰ জালুকবাৰীত অসম অভিযান্ত্রিক মহাবিদ্যালয়ৰ ৭ জনকৈ মেধাৱী ছাত্ৰই ভয়ংকৰ পথ দুৰ্ঘটনাত অকাল মৃত্যুক সাবটি লবলগীয়া ঘটনাৰ কেইদিনমান পিছতে গণেশগুৰিত এগৰাকী মেধাবী ছাত্ৰী পথ দুৰ্ঘটনাত নিহত হয় । ইয়াৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ নিশ্চিত নিৰাপত্তা আৰু সুৰক্ষিত যাতায়াতত অধিক গুৰুত্ব প্ৰদান কৰি পথ সুৰক্ষাৰ লগত জড়িত বিভাগসমূহক এইক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে ।

লগতে পঢ়ক: Guwahati double murder: নুনমাটিৰ ডাবল মাৰ্ডাৰ ঘটনা, বন্দনা কলিতা আৰু দুই সহযোগীৰ জামিন আবেদন নাকচ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.