ETV Bharat / state

Assam-Mizoram Border dispute : দিল্লীত জোৰামথাংগাৰে আলোচনাত বহিব মুখ্যমন্ত্ৰী ড৹ শৰ্মা

author img

By

Published : Nov 24, 2021, 9:03 PM IST

সীমা বিবাদ নিষ্পত্তি কেনেকৈ কৰিব পাৰি তাৰ সূত্ৰ নিৰ্ণয়ৰ বাবে বৃহস্পতিবাৰে দিল্লীত আলোচনাত বহিব অসম আৰু মিজোৰাম উভয় ৰাজ্যৰ মুখ্যমন্ত্ৰীদ্বয়(Assam cm to meet Mizoram Cm on Delhi) । কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত অনুষ্ঠিত হ’ব এই আলোচনা ।

Cm himanta biswa sharma meeting with zoramthanga
দিল্লীত জোৰামথাংগাৰে বৈঠকত বহিব মুখ্যমন্ত্ৰী ড৹ শৰ্মা

গুৱাহাটী, ২৪ নৱেম্বৰ : মিজোৰামৰ মুখ্যমন্ত্ৰীৰে সীমা বিবাদক লৈ বৈঠক(meeting on border dispute)ত বহিব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ চুবুৰীয়া ৰাজ্য মিজোৰামৰ সৈতে অহৰ্নিশে চলি থকা সীমা বিবাদ নিস্পত্তি কেনেকৈ কৰিব পাৰি তাৰ সূত্ৰ নিৰ্ণয়ৰ বাবে বৃহস্পতিবাৰে দিল্লীত আলোচনাত বহিব অসম আৰু মিজোৰাম উভয় ৰাজ্যৰ মুখ্যমন্ত্ৰীদ্বয়(himanta biswa sharma will meet zoramthanga)। কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত অনুষ্ঠিত হ’ব এই আলোচনা ।

এই উদ্দেশ্য বৃহস্পতিবাৰে দিল্লী অভিমুখে ৰাওনা হ'ব মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মা । কেন্দ্ৰীয় গৃহ মন্ত্ৰী গৰাকীৰ আহ্বান মৰ্মেই ড৹ শৰ্মা আৰু মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগা দিল্লীলৈ যাবলৈ সাজু হৈছে । উল্লেখ্য যে, সীমাক লৈ শেহতীয়াকৈ অসম আৰু মিজোৰামৰ মাজত দিনক দিনে সংঘাত বৃদ্ধি পাইছে(border dispute in assam mizoram border) । মিজোৰ আগ্ৰাসনে ইতিমধ্যে বৰাক উপত্যকাত এক অশান্তিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে ।

আনকি অসমৰ ভূমিত মিজোৰামৰ বেদখল ৰোধ কৰিবলৈ যাওতে মিজো আৰক্ষী আৰু দুৰ্বৃত্তৰ হাতত অলপতে অসম আৰক্ষীৰ ছয় জনকৈ জোৱানে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল । এনে অৱস্থাত দুয়োখন ৰাজ্যৰ সীমা সমস্যা ক্ৰমাৎ জটিলৰ পৰা জটিলতৰ হৈ গৈ আছে ।

স্মৰ্তব্য যে, যি‌ সময়ত মিজোৰ আক্ৰমণত বৰাক উপত্যকাৰ সীমান্তত অসমৰ ছয় জনকৈ জোৱানে প্ৰাণ হেৰুৱাইছিল সেই সময়তে তাৎক্ষণিকভাৱে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু জোৰামথাংগাক দিল্লীলৈ তলৱ কৰিছিল । কিন্তু ক'ভিডত আক্ৰান্ত হৈ থকাৰ বাবেই সেই বৈঠকত ভাগ ল'বলৈ যোৱা নাছিল জোৰামথাংগা । ফলত তেতিয়াৰ পৰা এতিয়ালৈকে দুয়ো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে একেলগে বহি গৃহ মন্ত্ৰী গৰাকীয়ে বিষয়টো আলোচনা কৰিব পৰা নাছিল ।

লগতে পঢ়ক: Assam Cabinet decision : অসমৰ ৰাজ্যিক কৰ্মচাৰীয়ে লাভ কৰিব অতিৰিক্ত ছুটী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.