ETV Bharat / state

মীনাক্ষী সিনহালৈ 'লিটিল চেম্পিয়ন'ৰ সন্মান - মীনাক্ষী সিনহা

১৫ বছৰীয়া মীনাক্ষী সিনহালৈ উশ্বু চেম্পিয়নশ্বিপ ২০২০ৰ 'লিটিল চেম্পিয়ন'ৰ সন্মান ৷ মিনাক্ষীক উৎসাহিত কৰাৰ বাবেই কামৰূপ মহানগৰ উশ্বু সন্থাই কিশোৰী গৰাকীক প্ৰদান কৰে এই বঁটা ।

Meenakshi Sinhalai honors 'Littil Champion'
মীনাক্ষী সিনহালৈ 'লিটিল চেম্পিয়ন'ৰ সন্মান
author img

By

Published : Nov 30, 2020, 9:56 PM IST

কামৰূপ মেট্ট, 30 নৱেম্বৰ: মালিগাঁৱত অনুষ্ঠিত উশ্বু চেম্পিয়নশ্বিপ, ২০২০ ত মীনাক্ষী সিনহালৈ আগবঢ়োৱা হয় বিশেষ বঁটা । ১৫ বছৰীয়া কিশোৰী গৰাকীয়ে শেহতীয়াকৈ অঞ্চলটোত বিনামূলীয়াকৈ প্ৰদান কৰিছিল আত্মৰক্ষাৰ প্ৰশিক্ষণ । মিনাক্ষীৰ এই কাৰ্যত অভিভূত হৈ 'লিটিল চেম্পিয়ন'ৰ সন্মান প্ৰদান কৰে কামৰূপ মহানগৰ উশ্বু সন্থাই ।

Meenakshi Sinhalai honors 'Littil Champion'
মীনাক্ষী সিনহালৈ 'লিটিল চেম্পিয়ন'ৰ সন্মান

উল্লেখ্য যে, মালিগাঁও উশ্বু প্ৰশিক্ষণ কেন্দ্ৰৰ উদ্যোগত মালিগাঁও ৰেষ্টকেম্প কালীবাৰীত এদিনীয়াকৈ অনুষ্ঠিত হৈছিল কামৰূপ মহানগৰ জিলা উশ্বু চেম্পিয়নশ্বিপ, ২০২০ । য'ত জিলাখনৰ ১২৭ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল । ছাব-জুনিয়ৰ, জুনিয়ৰ, চিনিয়ৰ শাখাত অনুষ্ঠিত হৈছিল এই প্ৰতিযোগিতাখন । এই চেম্পিয়নশ্বিপতে পাণ্ডুৰ মিনাক্ষী সিনহাক সন্মানিত কৰা হয় বিশেষ বঁটাৰে ।

কিশোৰীগৰাকীৰ এই মহৎ প্ৰচেষ্টাক শলাগে উদ্যোক্তাসকলে । মিনাক্ষীক উৎসাহিত কৰাৰ বাবেই কামৰূপ মহানগৰ উশ্বু সন্থাই কিশোৰীগৰাকীক প্ৰদান কৰে এই বঁটা ।

অন্য এক খবৰৰ বাবে: আছুৰ নতুন ৰাজ্যিক কাৰ্যনিৰ্বাহক কমিটিৰ শপত গ্ৰহণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.