গুৱাহাটী, 2 মাৰ্চ : নুনমাটি থানাৰ অন্তৰ্গত নুনমাটি বিষ্ণু ৰাভা নগৰত বুধবাৰে বিয়লি ভাগত সংঘটিত হয় ভয়াৱহ অগ্নিকাণ্ড(Massive fire in Noonmati Bishnu Rabha Nagar) ৷ এই অগ্নিকাণ্ডৰ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।
জানিব পৰা মতে, বিয়লি প্ৰায় ৫.৩০ মান বজাত নুনমাটিৰ বিষ্ণু ৰাভা নগৰত থকা এখন বেকাৰীৰ দোকানত জুইৰ সূত্ৰপাত হয় । সমীপৰ দুই এক বাসিন্দাই বেকাৰীৰ দোকানখনৰ পৰা নিৰ্বাপন হোৱা জুই প্ৰত্যক্ষ কৰি লগে লগে অগ্নিনিৰ্বাপক বাহিনীৰ লগতে অন্য লোকক অৱগত কৰে । কিছু সময়ৰ ভিতৰতে দুইখনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী আহি এই জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় । অৱশ্যে জুই নিৰ্বাপিত হোৱাৰ সময়লৈ বেকাৰী খনৰ বিভিন্ন সামগ্ৰী, ফাৰ্নিচাৰ আদি সম্পূৰ্ণৰূপে ভস্মীভূত হয় ।
জানিব পৰা মতে বেকাৰীখনৰ গৰাকী হৈছে নুনমাটি অঞ্চলৰে নিবাসী আশীতোষ দাস । ইফালে, বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি অগ্নিনিৰ্বাপক বাহিনীয়ে প্ৰাথমিক তদন্তত সন্দেহ প্ৰকাশ কৰে ।
লগতে পঢ়ক : Massive Fire in Dibruagrh : ডিব্ৰুগড়ৰ লেজাই বৰ্দৈবাম গাঁৱত ভয়াৱহ অগ্নিকাণ্ড