ETV Bharat / state

Silsako Eviction Drive: চতুৰ্থ দিনাও শিলসাঁকোত চলিল প্ৰশাসনৰ বুলড’জাৰ - Mega eviction drive in Silsako lake

শিলসাঁকো বিলৰ পাৰত প্ৰশাসনে অব্যাহত ৰাখিছে উচ্ছেদ অভিযান (Silsako Eviction drive) ৷ প্ৰশাসনৰ বুলড’জাৰৰ কোবত নিমিষতে খহি পৰিল শ শ বাসগৃহ ৷ কিন্তু বহিৰাগত বণিয়াক বৰপীৰা পাৰি দিছে হিমন্ত বিশ্ব শৰ্মাই ৷ এগৰাকী উচ্ছেদিত মহিলাই দিছে আত্মজাহৰো হুংকাৰ ৷

Silsako Eviction Drive
চতুৰ্থ দিনাও শিলসাঁকোত চলিলত প্ৰশাসনৰ বুলড’জাৰ
author img

By

Published : Mar 2, 2023, 8:27 PM IST

চতুৰ্থ দিনাও শিলসাঁকোত চলিলত প্ৰশাসনৰ বুলড’জাৰ

গুৱাহাটী, 2 মাৰ্চ: বহিৰাগত বণিয়াক বৰপীৰা পাৰি দি অসমৰ খিলঞ্জীয়াক নিঃশেষ কৰি পেলোৱাৰ এক গভীৰ ষড়যন্ত্ৰ ৰচনা কৰিছে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে ৷ একমাত্ৰ ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ বাবে এগৰাকী একনায়কত্ববাদী মুখ্যমন্ত্ৰীৰ ৰূপত অৱতীৰ্ণ হৈছে হিমন্ত বিশ্ব শৰ্মা ৷ শিলসাঁকোত চলোৱা উচ্ছেদ অভিযানে সেই কথাকে পুনৰবাৰ প্ৰমাণ কৰিলে ৷

শিলাসাঁকো পাৰত প্ৰশাসনে চলোৱা উচ্ছেদ অভিযানৰ বাবে এতিয়া হাহাকাৰ অৱস্থা হৈছে উচ্ছেদিতৰ ৷ যাৰবাবে এতিয়া চৰকাৰৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰিছে উচ্ছেদিতসকল (Silsako Beel eviction) ৷

‘‘চৰকাৰে আমাক আগতীয়াকৈ কোনো ধৰণৰ জাননী নিদিয়াকৈ উচ্ছেদ কৰিছে । আমাৰ থাকিবলৈ ক’তো ঠাই নাই । এতিয়া আমি ক’লৈ যাম ? প্ৰয়োজন হ’লে গাত জুই লগাই মৰি যাম তথাপিও এই ঠাই এৰি নাযাওঁ ।’’ এয়া হাচিনা বেগম নামৰ এগৰাকী উচ্ছেদিত মহিলাৰ ভাষ্য ৷

জিলা প্ৰশাসনে বৃহস্পতিবাৰে চলোৱা উচ্ছেদ অভিযানত 1999 চনৰ পৰা বসবাস কৰি থকা দুৰ্ভগীয়া মহিলাগৰাকীৰ বহু কষ্টোপাৰ্জিত ধনেৰে নিৰ্মাণ কৰা আপোন পকী ঘৰটো বুলড’জাৰৰ খুন্দাত তাচপাতৰ দৰে খহি পৰিল ৷ যাৰবাবে এতিয়া শোকত ভাগি পৰিছে তিনি সন্তানৰ মাতৃ হাচিনা বেগম (Massive eviction drive in Guwahati) ।

উল্লেখ্য যে, গুৱাহাটীৰ শিলসাঁকো বিলত আজি অৰ্থাৎ চতুৰ্থ দিনাও উচ্ছেদক কেন্দ্ৰ কৰি সৃষ্টি হয় এক আতংকময় পৰিবেশ । উচ্ছেদিতৰ কৰুণ বিননি, কাকূতি-মিনতিকো ভ্ৰূক্ষেপ নকৰি প্ৰশাসনৰ বজ্ৰ কঠিন বুলডজাৰৰ আঘাতত চকুৰ পচাৰতে চূৰ্ণ-বিচূৰ্ণ হল শ শ পৰিয়ালৰ সপোনৰ ঘৰখন ।

জানিব পৰা মতে বৃহস্পতিবাৰলৈকে বিলখনৰ প্ৰায় 327 বিঘা ভূমি বেদখল মুক্ত কৰিলে প্ৰশাসনে । গুৱাহাটী মহানগৰীক বানমুক্ত কৰাৰ স্বাৰ্থত শিলসাঁকোৰ উক্ত ভূমিৰ পৰা বিগত চাৰিদিনত তৰ্জা,টিনপাটৰ উপৰিও দুই আৰু তিনি মহলিয়া প্ৰায় 600 গৃহ উচ্ছেদ কৰে জিলা প্ৰশাসনে (Mission Flood Free Guwahati) । বৃহস্পতিবাৰৰ দিনটোত সাতগাঁৱৰ আমবাৰী পাৰ্লিতল,দলবাৰী,জোনাকী নগৰ আৰু বৰবাৰী মিলন নগৰ আদি অঞ্চলত প্ৰায় দুশ গৃহ উচ্ছেদ কৰে প্ৰশাসনে ।

প্ৰশাসনৰ এনে উচ্ছেদৰ মাজতে বৃহস্পতিবাৰে দিনৰ 10.30 বজাত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত চৰকাৰৰ এনে অমানৱীয় উচ্ছেদৰ বিৰোধিতা কৰি শতাধিক উচ্ছেদিতক লগত লৈ এক প্ৰতিবাদি কাৰ্যসূচী ৰূপায়ন কৰে (Mega eviction drive in Silsako lake) । কাৰ্যসূচীত অংশ গ্ৰহণ কৰি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি দেবেন শৰ্মা, সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া আৰু মুখ্য সাংগঠনিক সম্পাদক আকাশ দলেৰ মুখ্যমন্ত্ৰী লৈ প্ৰশ্ন, খিলঞ্জীয়া তথা দুখীয়া মানুহৰ ঘৰ উচ্ছেদ কৰি এক প্ৰকাৰ হিটলাৰী শাসন চলোৱা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শিলসাঁকো বিলৰ ভূমিত থকা হিম্মত সিংকাৰ আইডেল ভিউ ,জিনজাৰ হোটেল,অমিয় কুমাৰ দাস ইনষ্টিটিউট আদি ভাঙিবলৈ কেতিয়া সাহস কৰিব ?

লগতে পঢ়ক: Eviction in Silsako Beel: শিলসাঁকোৰ ভূমি দখল সন্দৰ্ভত কংগ্ৰেছৰ গাত দোষ জাপি নিষ্কণ্টক হ’ব খুজিছে নেকি ড৹ শৰ্মা !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.