ETV Bharat / state

PM Modi Statue: এগৰাকী অসমীয়া ব্যৱসায়ীয়ে গুৱাহাটীত স্থাপন কৰিব প্ৰধানমন্ত্ৰী মোদীৰ ১৯০ ফুট উচ্চতাৰ বিশাল প্ৰতিমূৰ্তি

জালুকবাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 190 ফুট উচ্চতাৰ এটা বিশাল প্ৰতিমূৰ্তি নিৰ্মাণ হ’ব ৷ ইতিমধ্য়ে ইয়াৰ বাবে যাৱতীয় কাম-কাজো আৰম্ভ কৰা হৈছে ৷ ব্ৰঞ্জেৰে নিৰ্মাণ কৰিবলগীয়া প্ৰতিমূৰ্তিটোৰ নিৰ্মাণ ব্যয় হ’ব 200 কোটি টকা ৷ কিন্তু কোনে নিৰ্মাণ কৰিব এই প্ৰতিমূৰ্তি ? সৱিশেষ জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷

author img

By ETV Bharat Assamese Team

Published : Sep 8, 2023, 8:19 PM IST

Updated : Sep 8, 2023, 10:01 PM IST

PM Modi Statue
PM Modi Statue
জালুকবাৰীত প্ৰধানমন্ত্ৰী মোদী নৰেন্দ্ৰ মোদীৰ 190 ফুট উচ্চতাৰ এটা বিশাল প্ৰতিমূৰ্তি নিৰ্মাণ হ’ব

গুৱাহাটী, ৮ ছেপ্টেম্বৰ: গুৱাহাটী মহানগৰীত এজন ব্যক্তিৰ একক প্ৰচেষ্টাত স্থাপন হোৱাৰ দিশত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ১৯০ ফুট উচ্চতাৰ এক বিশাল প্ৰতিমূৰ্তি । নিজা উপাৰ্জনৰ প্ৰায় ২০০ কোটি টকাৰ বাজেটেৰে ব্যক্তিগত উদ্যোগত নিজা ভূমিত এই প্ৰতিমূৰ্তি স্থাপনৰ বাবে পৰিকল্পনা সাজু কৰিছে এজন অসমীয়া ব্যৱসায়ীয়ে ৷

জালুকবাৰীৰ ঘূৰণীয়া চকৰ মূল ৰাস্তাৰ কাষৰ এবিঘাতকৈয়ো অধিক নিজা ভুমিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিশাল প্ৰতিমূৰ্তি স্থাপনৰ পৰিকল্পনা কৰিছে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গুণমুগ্ধ প্ৰতিষ্ঠিত ব্যৱসায়ী নবীন চন্দ্ৰ বৰা নামৰ ব্যৱসায়ীগৰাকীয়ে সদৰী কৰিছে নিজৰ পৰিকল্পনা ৷

ব্যৱসায়ী নবীন চন্দ্ৰ বৰাই সদৰী কৰা পৰিকল্পনা মতে মূল প্ৰতিমূৰ্তিটো ১৯০ ফুটৰ হ’ব ৷ ৬০ ফুটৰ এক নিৰ্মাণ বেদীৰ ওপৰত প্ৰতিমূৰ্তিটো স্থাপন কৰা হ’ব । এই ৬০ ফুটকে ধৰি মুঠ উচ্চতা হ’বগৈ ২৫০ ফুট ৷ ব্ৰঞ্জেৰে নিৰ্মাণ কৰিবলগীয়া প্ৰতিমূৰ্তিটোৰ বাবে প্ৰাৰম্ভিক নক্সা প্ৰস্তুত কৰিছে নবীন চন্দ্ৰ বৰাই ।

পৰিকল্পনা অনুসৰি এই ১৯০ ফুট উচ্চতাৰ প্ৰতিমূৰ্তিটোত ডিঙিত থাকিব অসমীয়াৰ জাত্যাভিমান এখন গামোচা । প্ৰকল্পস্থলীত তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মূৰ্তি স্থাপনৰ বাবে সংৰক্ষিত স্থান বুলি এখন যথেষ্ট ডাঙৰ চাইনবৰ্ডো লগাইছে ৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গুণমুগ্ধ নবীন চন্দ্ৰ বৰাই জনোৱা মতে প্ৰয়োজনীয় অনুমতি গ্ৰহণৰ কাম-কাজসমূহ তেওঁ আগবঢ়াইছে ৷ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়লৈয়ো ইতিমধ্যে মূৰ্তি স্থাপনৰ পৰিকল্পনাৰ সবিশেষ জনাই পত্ৰ প্ৰেৰণ কৰিছে ৷ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়লৈ সন্মতি বিচাৰি প্ৰেৰণ কৰা পত্ৰখনত তেওঁ নিজৰ কষ্টোপাৰ্জিত আয় আৰু সম্পত্তিৰ কি কি উৎসৰ পৰা এই ২০০ কোটি টকা খৰছ কৰিব সেয়াও উল্লেখ কৰিছে ৷

ধনৰ উৎস প্ৰসংগত কোনো প্ৰশ্ন উত্থাপন বা বিতৰ্ক যাতে নহয় তাৰ বাবেই প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়লৈ পত্ৰত ধনৰ স্বচ্ছ উৎসৰ কথা লিখা বুলি তেওঁ উল্লেখ কৰিছে । লগতে তথ্যসহ উল্লেখ কৰিছে বিশাল প্ৰতিমূৰ্তি নিৰ্মাণৰ বাবে প্ৰস্তাৱিত নিজা ভূমিৰ দাগ-পট্টা আদি ৷ মূৰ্তিটো নিৰ্মাণৰ বাবে প্ৰয়োজন সাপেক্ষে নিজৰ গুৱাহাটী মহানগৰীত থকা ভূ-সম্পত্তি আদিও বিক্ৰী কৰিবলৈ প্ৰস্তুত হৈ আছে বুলি জনাইছে অসমীয়া ব্যৱসায়ীজনে ৷

ব্ৰঞ্জেৰে নিৰ্মাণ হ’বলগীয়া এই প্ৰতিমূৰ্তিটো স্থাপনৰ বাবে পৰামৰ্শ ল’বৰ বাবে গুজৰাটৰ চৰ্দাৰ বল্লভ ভাই পেটেলৰ ষ্টেচু অব্ ইউনিটিৰ নিৰ্মাণকাৰী সংস্থা এল এণ্ড টিৰ সৈতে যোগাযোগ কৰা বুলি সদৰী কৰিছে মূলত নিৰ্মাণ ব্যৱসায়ৰ সৈতে কেইবা দশক ধৰি জড়িত ব্যৱসায়ী নবীন চন্দ্ৰ বৰাই ৷

গুৱাহাটী চহৰৰ মাজ মজিয়াৰ জালুকবাৰীত প্ৰধানমন্ত্ৰীগৰাকীৰ ১৯০ ফুট উচ্ছতাৰ প্ৰতিমূৰ্তি স্থাপনৰ বাবে নিজাকৈ মোদী প্ৰেমী ব্যক্তিজনে সাজু কৰিছে মাটি, নক্সা ৷ লগতে সাজু হৈ আছে ২০০ কোটি টকা ৷ এতিয়া তেঁও অপেক্ষা কৰিছে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা পত্ৰ অহালৈ ৷

উল্লেখ্য যে ২০১৬ চনতে প্ৰধানমন্ত্ৰীৰ পৰা এখন প্ৰশংসা পত্ৰ লাভৰ পিছতে তেওঁৰ এনে এটা বিশাল মূৰ্তি স্থাপনৰ পৰিকল্পনা কৰিছিল বুলি জনাইছে নবীন চন্দ্ৰ বৰাই । লগতে অনুমতি পালে শীঘ্ৰেই কাম আৰম্ভ কৰি প্ৰধানমন্ত্ৰীগৰাকীৰ হাতেৰেই এই মূৰ্তিটো উন্মোচন কৰোৱাৰ আশা পুহি ৰাখিছে মোদীৰ গুণমুগ্ধ ব্যৱসায়ীজনে ।

লগতে পঢ়ক: Bhupen Hazarika: জালুকবাৰীৰ সমাধিক্ষেত্ৰত সুধাকণ্ঠৰ অনুষ্টুপীয়া অনুষ্ঠান; মন্তব্য প্ৰদানৰ পৰা বিৰত সাংস্কৃতিক মন্ত্ৰী

Last Updated : Sep 8, 2023, 10:01 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.