গুৱাহাটী, 18 আগষ্টঃ ৰাজ্য চৰকাৰ আৰু প্ৰশাসনৰ ভূমিকাক লৈ সন্তুষ্ট নহয় শ্বহীদৰ পৰিয়াল ৷ স্বাধীনতা দিৱসত আৰক্ষী তথা ৰাজ্য চৰকাৰে শ্বহীদ গুলজাৰ হুছেইনক মনত নেপেলোৱাৰ অভিযোগ পত্নী ৰোচনাৰা বেগমৰ ৷ উল্লেখ্য যে, 5 বছৰ পূৰ্বে NDFB-ৰ বিৰুদ্ধে চলোৱা এক অভিযানৰ সময়ত তেজপুৰৰ বালিপৰা অঞ্চলত শ্বহীদ হৈছিল গুলজাৰ হুছেইন ৷ কিন্তু মৃত্যুৰ পাঁচ বছৰ পাচতো বৰ্তমান পৰ্যন্ত সন্মানিত কৰা ন'হল শ্বহীদ গৰাকীক ৷ স্বাধীনতা দিৱসত আৰক্ষী বিভাগৰ বহু আৰক্ষী অধিকাৰীৰ বাদেও শ্বহীদৰ পৰিয়ালক সম্মানিত কৰা হয় যদিও শ্বহীদ গুলজাৰ হুছেইনক আৰক্ষী বিভাগ তথা ৰাজ্য চৰকাৰৰ মনত নথকাত দুখ প্ৰকাশ কৰিছে পত্নীয়ে ৷
চৰকাৰ প্ৰশাসনে পাহৰিলে নেকি গুলজাৰ হুছেইনক ! - সন্মানিত কৰা ন'হল শ্বহীদ গৰাকীক
5 বছৰ পূৰ্বে NDFB বিৰুদ্ধে হোৱা এক অভিযানত তেজপুৰৰ বালিপৰা অঞ্চলত শ্বহীদ হৈছিল গুলজাৰ হুছেইন ৷ কিন্তু মৃত্যুৰ পাঁচ বছৰ পাচতো বৰ্তমান পৰ্যন্ত সন্মানিত কৰা ন'হল শ্বহীদ গৰাকীক
![চৰকাৰ প্ৰশাসনে পাহৰিলে নেকি গুলজাৰ হুছেইনক !](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4169801-thumbnail-3x2-kkskaa.jpg?imwidth=3840)
গুৱাহাটী, 18 আগষ্টঃ ৰাজ্য চৰকাৰ আৰু প্ৰশাসনৰ ভূমিকাক লৈ সন্তুষ্ট নহয় শ্বহীদৰ পৰিয়াল ৷ স্বাধীনতা দিৱসত আৰক্ষী তথা ৰাজ্য চৰকাৰে শ্বহীদ গুলজাৰ হুছেইনক মনত নেপেলোৱাৰ অভিযোগ পত্নী ৰোচনাৰা বেগমৰ ৷ উল্লেখ্য যে, 5 বছৰ পূৰ্বে NDFB-ৰ বিৰুদ্ধে চলোৱা এক অভিযানৰ সময়ত তেজপুৰৰ বালিপৰা অঞ্চলত শ্বহীদ হৈছিল গুলজাৰ হুছেইন ৷ কিন্তু মৃত্যুৰ পাঁচ বছৰ পাচতো বৰ্তমান পৰ্যন্ত সন্মানিত কৰা ন'হল শ্বহীদ গৰাকীক ৷ স্বাধীনতা দিৱসত আৰক্ষী বিভাগৰ বহু আৰক্ষী অধিকাৰীৰ বাদেও শ্বহীদৰ পৰিয়ালক সম্মানিত কৰা হয় যদিও শ্বহীদ গুলজাৰ হুছেইনক আৰক্ষী বিভাগ তথা ৰাজ্য চৰকাৰৰ মনত নথকাত দুখ প্ৰকাশ কৰিছে পত্নীয়ে ৷
Body:শ্বহীদ গুলজাৰ হুছেইনৰ পত্নী ৰোশনাৰা বেগমে নিজৰ স্বামীৰ কথা ভাৱি আজিও তেওঁৰ চকুলো বৈ আহে , নমস্কাৰ কৰি কথা বতৰা কওতে শ্বহীদ গুলজাৰ হুছেইনৰ পত্নী ৰোশনাৰা বেগমে কয় যে মোৰ স্বামী দেশ ৰক্ষাৰ্থে শ্বহীদ হৈছিল , তাক লৈ মই গৌৰৱ অনুভৱ কৰোঁ । কিন্তু তেওঁৰ মৃত্যুৰ পিছত ৰাজ্য চৰকাৰ আৰু আৰক্ষী প্ৰশাসনে যি কৰিছে তাক লৈ মই দুখিত । নেশ্যনেল ফ্ৰন্ট অৱ বড়োলেণ্ড আতংবাদী সংগঠনৰ (NDFB) বিৰুদ্ধে হোৱা অভিযানত গুলজাৰ হুছেইনৰ অসমৰ তেজপুৰ জিলাৰ বালিপৰা অঞ্চলত শ্বহীদ হৈছিল । মৃত্যুৰ পাঁচ বছৰ পাছতো চৰকাৰে অথবা আৰক্ষী বিভাগে শ্বহীদৰ পৰিয়ালক শ্বহীদ হোৱা বাবে সম্মানিত কৰে । ২৮ জানুৱাৰী ২০১৪ ত মোৰ স্বামী আতংকবাদী সকলৰ সৈতে হোৱা সংঘৰ্ষত শ্বহীদ হৈছিল । সেই সময়ত মোৰ সৰুপুত্ৰ মহজ ১৫ দিনৰ আছিল । তেতিয়াৰ পৰা বৰ্তমানলৈ মোৰ নিজৰ স্বামীৰ ওপৰত গৌৰৱ অনুভৱ কৰোঁ । কিন্তু স্বাধীনতা দিৱসৰ দিনা আৰক্ষী বিভাগৰ বহু আৰক্ষী অধিকাৰী ৰ বাদেও শ্বহীদৰ পৰিয়াল সকলক সম্মানিত কৰা হৈছে । কিন্তু গুলজাৰ হুছেইনৰ মৃত্যুৰ পিছত আৰক্ষী বিভাগ তথা ৰাজ্য চৰকাৰৰ মনত নাথাকিল , যাক লৈ মোৰ বহুত দুখ অনুভৱ হৈছে ।
Byte ৰোশনাৰা বেগমConclusion:Asrar Ansari
Guwahati