ETV Bharat / state

Illegal bulls seized in Basistha: বশিষ্ঠত উদ্ধাৰ ৩৫ টাকৈ ম'হ, আটক তিনি সৰবৰাহকাৰী - ম’হৰ অবৈধ সৰবৰাহ

ৰাজ্যত অব্যাহত গৰু, ম’হৰ অবৈধ সৰবৰাহ ৷ নিতৌ নতুন কৌশল অৱলম্বন কৰি সৰবৰাহকাৰীয়ে কঢ়িয়াইছে গৰু, ম’হ ৷ শেহতীয়াকৈ তেনে এক চক্ৰ জালত পৰিল বশিষ্ট আৰক্ষীৰ ৷ লগতে উদ্ধাৰ হয় ৩৫ টাকৈ ম'হ (Illegal bulls seized in Basistha) ৷

Many Illegal bulls seized in Basistha Guwahati
বশিষ্ঠত উদ্ধাৰ ৩৫ টাকৈ ম'হ
author img

By

Published : Feb 7, 2023, 2:30 PM IST

বশিষ্ঠত উদ্ধাৰ ৩৫ টাকৈ ম'হ

গুৱাহাটী, ৭ ফেব্ৰুৱাৰী: ৰাজ্যত এতিয়াও অব্যাহত আছে গৰু, ম’হৰ অবৈধ সৰবৰাহ (Cattle syndicate in Assam)। ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰতিদিনে গৰু, ম'হ আদি অবৈধভাৱে সৰবৰাহ হৈ আছে । ইফালে ছিণ্ডিকেট চক্ৰটোৰ বিৰুদ্ধে আৰক্ষীয়েও ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে । বিভিন্ন স্থানত অভিযান চলাই ইতিমধ্যে আৰক্ষীয়ে বহু চোৰাং গৰু উদ্ধাৰ কৰাৰ লগতে সৰবৰাহকাৰীকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ।

কিন্তু আৰক্ষীৰ চকুত ধূলি দি এতিয়াও ৰাজ্যৰ বিভিন্ন প্ৰান্তত চক্ৰটোৱে গৰু, ম’হ সৰবৰাহৰ ক্ষেত্ৰত বহু নতুন নতুন কৌশল অৱলম্বন কৰা দেখা গৈছে । কেতিয়াবা যদি নৈশ বাছৰ ভিতৰত, কেতিয়াবা কণ্টেইনাৰ বাহনৰ ভিতৰত লুকাই গৰু, ম’হ সৰবৰাহ কৰিছে চক্ৰটোৱে । শেহতীয়াকৈ মহানগৰীৰ বশিষ্ঠ আৰক্ষীয়ে উদ্ধাৰ কৰে অবৈধভাৱে সৰবৰাহ কৰা কেইবাটাও ম’হ (Illegal bulls seized in Basistha) ৷

সোমবাৰে মহানগৰীৰ বশিষ্ঠ আৰক্ষীয়ে (Basistha Police) চলোৱা অভিযানত উদ্ধাৰ কৰিবলৈ সক্ষম এটা বা দুটা নহয় ৩৫ টাকৈ ম’হ । লগত এই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে চাৰিটা সৰবৰাহকাৰীক । ঘটনাৰ বিৱৰণী মতে সোমবাৰে পশ্চিমবংগৰ পৰা মেঘালয় অভিমুখী NL01 AF 5613 নম্বৰৰ এখন কণ্টেইনাৰ বাহন মহানগৰীৰ নালাপাৰাত দুৰ্ঘটনাত পতিত হয় ।

দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত বাহনখনৰ চালক ৷ ফলত চিকিৎসালয়ত ভৰ্তি কৰাব লগা হয় বাহনখনৰ চালকজনক । এই ঘটনাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় বশিষ্ঠ আৰক্ষী । ঘটনাস্থলী পৰিদৰ্শন কৰিবলৈ লওতেই চকু কপালত উঠে বশিষ্ঠ আৰক্ষীৰ ৷ কাৰণ বাহনখনত প্ৰত্যক্ষ কৰে ৩৫ টাকৈ ম’হ । তাৰ পিছতে ওলাই পৰে ওৰহি গছৰ ওৰ ।

লগে লগে দুৰ্ঘটনাগ্ৰস্ত কন্টেইনাৰ বাহনখনৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে ৩৫ টা ম'হ । লগে লগে এই সৰবৰাহ জড়িত চাৰি সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে । সৰবৰাহকাৰী কেইটা ক্ৰমে জসৱীৰ সিং , আনোৱাৰ খান, বাছা মণ্ডল আৰু হসৰত আলী । ম’হ কেইটা মেঘালয়ত বিক্ৰীৰ বাবে পশ্চিম বংগৰ পৰা লৈ অহা হৈছিল বুলি জানিব পৰা গৈছে ।

ইতিমধ্যে দুৰ্ঘটনাৰ ফলত এটা ম’হৰ মৃত্যু হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে । সমগ্ৰ ঘটনা সন্দৰ্ভত বশিষ্ট আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত প্ৰক্ৰিয়া । উল্লেখযোগ্য যে কিছুদিন পূৰ্বে ৰঙিয়া আৰক্ষীয়ে অৰ্ধ শতাধিক দুষ্প্ৰাপ্য বন্যপ্ৰাণী জব্দ কৰিছিল । আজি বশিষ্ঠ আৰক্ষীয়ে পুনৰ উদ্ধাৰ কৰে ৩৫ টাকৈ ম’হ । ইয়াৰ পৰাই বুজিব পাৰি যে বন্যপ্ৰাণী কঢ়িৱাৰ সকলো নীতি নিয়ম ভংগ কৰি একাংশই এতিয়াও চলাই আছে অবৈধ বেহা ।

লগতে পঢ়ক: Cattle syndicate: বিলাসী বাহনৰ ভিতৰৰ পৰা ওলাল ৪ টাকৈ চোৰাং গৰু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.