ETV Bharat / state

সংকটত বিজেপি বিধায়ক: নতুন মুখে আউল লগাইছে সমষ্টিত - কেন্দ্ৰীয় মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰ

নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিজেপিৰ বহুকেইজন বিধায়কৰ অংকত লাগিছে আউল ৷ সমাগত অসম বিধানসভা নিৰ্বাচনত বৰ্তমানৰ বহু বিজেপি বিধায়কে টিকট লাভ নকৰাৰ ইংগিত দিছে অসমৰ নিৰ্বাচনী প্ৰভাৰী কেন্দ্ৰীয় মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে ৷ বৰ্তমানৰ বিধায়ক সকলৰ অৱস্থা একপ্ৰকাৰ বিপদজনক হৈ পৰাত টিকটৰ দাবীত নামি পৰিছে বহু নতুন মুখ ৷

as_ghy_03_all_bjp_mla_not_getting_ticket_vis_7206058
সংকটত বিজেপি বিধায়ক: নতুন মুখে আউল লগাইছে সমষ্টিত
author img

By

Published : Feb 21, 2021, 5:44 PM IST

গুৱাহাটী, 21 ফেব্ৰুৱাৰী: নতুন মুখে বিজেপিৰ বহুকেইজন বৰ্তমানৰ বিধায়কৰ অংকত আউল লগাইছে ৷ নিৰ্বাচনৰ দিন যিমানেই ওচৰ চাপিছে সিমানেই এই অংক যেন অধিক জটিল হৈ পৰিছে । কিয়নো বহুকেইজন বৰ্তমানৰ বিধায়কে সমষ্টিত জনপ্ৰিয়তা হেৰুওৱাৰ বাবে পুনৰ প্ৰাৰ্থিত্ব লাভ নকৰাটো প্ৰায় নিশ্চিত ৷ এই সমষ্টি সমূহত এতিয়া নতুন প্ৰাৰ্থিত্ব প্ৰত্যাশী টিকট লাভৰ বাবে উঠিপৰি লাগি পৰিছে ৷ ফলত প্ৰাৰ্থিত্ব হেৰুওৱাৰ শংকাত ভুগিছে বৰ্তমানৰ বহুকেইগৰাকী বিধায়ক ৷ বৰ্তমানৰ সকলো বিধায়কে যে পুনৰ টিকট নাপাব তাৰো ইংগিত দিছে অসমৰ নিৰ্বাচনী প্ৰভাৰী হিচাপে দলে নিযুক্তি দিয়া কেন্দ্ৰীয় মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে ।

সংকটত বিজেপি বিধায়ক

বিশেষকৈ মাৰ্ঘেৰিটা, ডিগবৈ, হোজাই, ডিব্ৰুগড়, থাওৰা, মৰাণ, বৰছলা, বিশ্বনাথ চাৰিআলি, বিহপুৰীয়া আদি সমষ্টিত বৰ্তমানৰ বিধায়ক সকলৰ অৱস্থা একপ্ৰকাৰ বিপদজনক হৈ পৰাত টিকটৰ দাবীত বহু নতুন মুখ নামি পৰিছে ৷ পুলক গোহাঁই, হেমন্ত নেওগ, ময়ুৰ বৰগোহাঁই, সুভাষ দত্ত, উজ্জ্বল ফুকন, লক্ষ্য কোঁৱৰ, ৰামকৃষ্ণ ঘোষ, অৰুণজ্যোতি মৰাণ, ইন্দ্ৰ গগৈ, ৰঞ্জিৎ বৰুৱাকে ধৰি ভালে সংখ্যক নতুন মুখ এতিয়া এই সমষ্টি সমূহত টিকটৰ দাবীত নামি পৰিছে ৷

বৰ্তমানৰ বিধায়ক আৰু এইসকল নতুন প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ মাজত যেন এতিয়া এই সমষ্টি সমূহত প্ৰভাৱ বিস্তাৰৰ বাবে প্ৰতিযোগিতাহে চলা যেন পৰিলক্ষিত হৈছে ৷ ইয়াৰে বহুজনে ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰো আৰম্ভ কৰি দিছে ৷

লগতে পঢ়ক: বিজেপিয়ে প্ৰলোভনৰ ৰাজনীতি কৰিছে: দেৱব্ৰত শইকীয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.