ETV Bharat / state

Dead at hotel in Guwahati: যুৱতীৰে নৈশ যাপনৰ পাছতেই যুৱকৰ সন্দেহজনক মৃত্যু - হোটেল ৰাজ পেলেচ

গুৱাহাটীৰ বিলাসী হোটেলত যুৱকৰ ৰহস্যজনক মৃত্যু (Youth dead at hotel in Guwahati) ৷ যুৱতীৰে নৈশ যাপনৰ পিছতেই উদ্ধাৰ হৈছে মৃতদেহ ৷ সন্ধানহীন অৱস্থাত আছে ৰহস্যময়ী তিনিগৰাকী যুৱতী ৷

Youth dead at hotel in Guwahati
যুৱতীৰে নৈশ যাপনৰ পাছতেই যুৱকৰ সন্দেহজনক মৃত্যু
author img

By

Published : Apr 6, 2022, 8:48 PM IST

গুৱাহাটী, ৬ এপ্ৰিল: গুৱাহাটী মহানগৰীৰ হাতীগাঁৱৰ সিজুবাৰীত হোটেলৰ বন্ধ কোঠাত যুৱকৰ ৰহস্যজনক মৃত্যু (Man found dead at hotel in Guwahati)। যুৱতীৰে নৈশ যাপনৰ উদ্দেশ্যে হাতীগাঁও সিজুবাৰীস্থ হোটেল ৰাজ পেলেচলৈ মঙলবাৰে সন্ধিয়া আহিছিল ধ্ৰুৱজ্যোতি ডেকা নামৰ মৃত যুৱকজন (Youth dead at Hotel Raj Palace of Guwahati) । প্ৰাপ্ত তথ্য অনুসৰি ৰঙিয়াত ঘৰ আছিল ধ্ৰুৱজ্যোতিৰ । কৰ্মসূত্ৰে গুৱাহাটীৰ কাহিলীপাৰাত থকা যুৱকজনে কাম কৰিছিল এটা ফাইনেন্স কোম্পানীত । প্ৰাপ্ত তথ্যমতে এগৰাকী মহিলাৰ সৈতে যোগাযোগ কৰি ধ্ৰুৱজ্যোতিসহ দুই বন্ধু দেৱৰাজ ছেত্ৰী আৰু বিকি কুণ্ডই হোটেলখনলৈ আহিছিল ।

মহিলাগৰাকীয়ে তিনি যুৱকক নৈশ যাপনৰ বাবে যোগান ধৰিছিল তিনিগৰাকী ৰহস্যময়ী যুৱতী । মহিলাগৰাকীৰ সৈতে এগৰাকী যুৱতীৰ বিনিময়ত নৈশ যাপনৰ বাবে ৩ হাজাৰ টকাত চুক্তিবদ্ধ হৈছিল । তিনি বন্ধুৱে নিশা প্ৰায় ১০ বজাত হোটেললৈ আহে । হোটেললৈ অহা পাছতেই অচিনাকি মহিলাগৰাকীয়ে তিনি বন্ধুক যোগান ধৰিছিল তিনি যুৱতী । যুৱকেইজনে প্ৰথমে তিনি যুৱতীৰে হোটেলৰ বাৰত আৰু পৰৱৰ্তী সময়ত কোঠাত মদ-ভাঙৰ পাৰ্টী কৰে ।

যুৱতীৰে নৈশ যাপনৰ পাছতেই যুৱকৰ সন্দেহজনক মৃত্যু

উল্লেখ্য যে, চাহিদুল ইছলাম নামৰ স্বতাধিকাৰীগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি হোটেলৰ ১০৮ নম্বৰ কোঠাত মৃত ধ্ৰুৱজ্যোতিৰে সৈতে নৈশ যাপন কৰিছিল এগৰাকী যুৱতীয়ে । ইফালে আন দুই বন্ধুয়ে হোটেলখনৰ অন্য কোঠাত নৈশ যাপন কৰিছিল । গুৰুত্বপূৰ্ণ কথা যে, নৈশ যাপন কৰা যুৱতীগৰাকী ধ্ৰুৱজ্যোতিৰ কোঠাৰ পৰা পুৱাই নোহোৱা হয় । কোঠাৰ বিচনাত ধ্ৰুৱজ্যোতিৰ মৃতদেহ প্ৰত্যক্ষ কৰে বন্ধু দেৱৰাজ ছেত্ৰীয়ে । ইয়াৰ পাছতেই আৰক্ষীক খবৰ দিয়ে । ৰহস্যজনকভাৱে যুৱতী যোগান ধৰা মহিলাগৰাকী অথবা যুৱতী তিনিগৰাকীৰ কোনো পৰিচয় যুৱককেইজনৰ ওচৰত নাই । মৃতদেহ উদ্ধাৰৰ পাছতে পোহৰলৈ আহিছে এই কথা ।

একেদৰে ধ্ৰুৱজ্যোতিৰ দুই বন্ধুৱে জানিবলৈ দিয়া মতে হোটেলখনত তেওঁলোকৰ পৰিচয় পত্ৰও লোৱা হৈছিল । কিন্তু যুৱতী তিনিগৰাকীৰ পৰিচয় পত্ৰ লৈছিল নে নাই লোৱা সেই কথা তেওঁলোকৰ অৱগত নহয় । ঘটনাৰ পাছতেই হোটেলৰ দুই কৰ্মচাৰী আৰু মৃত ধ্ৰুৱজ্যোতি ডেকাৰ দুয়োজন বন্ধুক সোধপোচ চলাই আছে আৰক্ষীয়ে । আনহাতে মৃত যুৱকজনৰ দেহত কোনো স্পষ্ট আঘাতৰ চিন নাই । অধিক মদ্যপান আৰু গাঞ্জা সেৱনৰ বাবেই মৃত্যু হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ।

লগতে পঢ়ক: Encounter in Charaideo: চিকিৎসাধীন অৱস্থাত মৃত্যু এনকাউণ্টাৰত আহত যুৱক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.