ETV Bharat / state

Maharastra CM in Guwahati : গুৱাহাটীত দলে-বলে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দে

author img

By

Published : Nov 26, 2022, 5:33 PM IST

অসমত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ লগতে সাংসদ-মন্ত্ৰী-বিধায়কৰ দল(Maharastra CM in Guwahati) ৷ শনিবাৰে গুৱাহাটীত আহি উপস্থিত হয় মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ নেতৃত্বত অহা 177 জনীয়া দলটো ৷ আজি নিশা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে একনাথ সিন্দে আলোচনাত মিলিত হোৱাৰ কথা(Maharastra CM Eknath Shinde meet Assam CM Himanta Biswa Sarma) ৷

Maharastra CM Eknath Shinde in Guwahati
Maharastra CM in Guwahati : গুৱাহাটীত দলে বলে উপস্থিত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দে

গুৱাহাটী ,26 নৱেম্বৰ: গুৱাহাটীলৈ পুনৰ আহিছে একনাথ সিন্দে(Maharastra CM in Guwahati) । বিগত জুন মাহত একনাথ সিন্দে গুৱাহাটীলৈ আহিছিল শিৱসেনাৰ বিদ্ৰোহী বিধায়কৰ ৰূপত । চাৰিমাহৰ ব্যৱধানত এইবাৰ একনাথ সিন্দে আহিছে মুখ্যমন্ত্ৰীৰ ৰূপত । জুন মাহত মনত অজান আশংকা, অনিশ্চিত ভৱিষ্যৎ লৈ উপস্থিত হৈছিল অসমত ।

গুৱাহাটীত দলে বলে উপস্থিত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দে

অৱশ্যে এইবাৰ বীৰদৰ্পে গুৱাহাটীলৈ আহিছে একনাথ সিন্দে । কিয়নো তেওঁ এতিয়া দেশৰ শক্তিশালী ৰাজ্য মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী(Maharastra CM Eknath Shinde) । এইবাৰো অকলে অহা নাই একনাথ সিন্দে । মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ সৈতে শনিবাৰে গুৱাহাটীলৈ আহিছে মন্ত্ৰী-বিধায়ক আৰু সাংসদকে ধৰি তেওঁলোকৰ পৰিয়ালৰ সদস্যৰে এক বৃহৎ দল ।

মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ নেতৃত্বত 177 জনীয়া এটা দল শনিবাৰে গুৱাহাটীলৈ আহিছে । উল্লেখ্য যে, মুখ্যমন্ত্ৰী, মন্ত্ৰী আৰু বিধায়ক হ’লেও সকলোৱেই এইবাৰ গুৱাহাটীলৈ আহিছে ভক্তৰ ৰূপত । পুনৰ এইবাৰ মহাৰাষ্ট্ৰৰ নেতা-মন্ত্ৰী-বিধায়ক আহিছে মা কামাখ্যাৰ আশিস বিচাৰি(Maharastra CM Eknath Shinde in Kamakhya Temple) । তেওঁলোকৰ ভাষাত এয়া ‘বচন পুৰ্তি' । অর্থাৎ মা কামাখ্যাৰ ওচৰত নিৰ্বাচনৰ পূৰ্বে দি যোৱা প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ আহিছে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীসহ মন্ত্ৰী-বিধায়ক তথা সাংসদৰ লগতে পৰিয়ালৰ সদস্য ।

মা কামাখ্যাই তেওঁলোকৰ মনৰ ইচ্ছা পূৰ্ণ কৰিছে বুলি সংবাদ মাধ্যমৰ আগত অৱগত কৰে মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ লগতে মন্ত্ৰী-বিধায়কসকলে । উল্লেখ্য যে, বিগত জুন মাহত গুৱাহাটীত বাহৰ পাতি থকা অৱস্থাত একনাথ সিন্দেই অকলে কামাখ্যা মন্দিৰলৈ গৈ সেৱা আগবঢ়াইছিল । উদ্ধৱ থাকৰেৰ চৰকাৰ ভাঙি বিজেপিৰ সাহায্যত তেওঁলোকে যি নতুন চৰকাৰ প্ৰতিষ্ঠা কৰিবলৈ অভিযান চলাইছিল, সেই অভিযান সফল হ’লে পুনৰ মা কামাখ্যাৰ ওচৰলৈ সেৱা আগবঢ়াবলৈ আহিব বুলি অংগীকাৰ কৰিছিল একনাথ সিন্দেই(Maharastra ex CM Uddhav Thackeray) ।

একনাথ সিন্দেৰ সমৰ্থক বিধায়কসকলেও একে উদ্দেশ্য মনত লৈ কামাখ্যাত সেৱা আগবঢ়াইছিল । উদ্দেশ্য সফল হ’লে তেওঁলোকো পুনৰ কামাখ্যাৰ দৰ্শন লব বুলি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিছিল । বৰঝাৰ বিমান বন্দৰৰ পৰা তিনিখন বাছেৰে একনাথ সিন্দেৰ নেতৃত্বত আজি গুৱাহাটীত উপস্থিত হোৱা দলটোৱে পোনে পোনে কামাখ্যা মন্দিৰ দৰ্শন কৰে ।

মন্দিৰত পূজা অৰ্চনা শেষ হোৱাৰ পাছত তেওঁলোক ৰেডিশ্বন ব্লু’লৈ যায় । তাত‌ নিশা কটায় পুনৰ কাইলৈ মহাৰাষ্ট্ৰলৈ উভতি যাব বুলি জানিব পৰা গৈছে ।

জানিব পৰা মতে নিশা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে একনাথ সিন্ধে বাহিনী এক নৈশভোজত মিলিত হ'ব(Maharastra CM Eknath Shinde meet Assam CM Himanta Biswa Sarma) ।

লগতে পঢ়ক: Assam Meghalaya Border Conflict : সীমান্তৰ ঘটনাক লৈ অগ্নিগৰ্ভা মেঘালয়ৰ ঠায়ে ঠায়ে বিক্ষিপ্ত ঘটনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.