গুৱাহাটী, 22 এপ্ৰিল : বিধানসভাৰ নিৰ্বাচনৰ ভোট গণনালৈ মাজত মাথো 10 টা দিন । ইয়াৰ মাজতে ৰাজ্যৰ ৰাজনীতিত আন এক কলংকিত অধ্যায় ৰচিছে কংগ্ৰেছে । এক কথাত হৰ্চ ট্ৰেডিঙৰ ভূতে খেদিছে মহাজোঁটক ৷ ফলাফল ঘোষণাৰ পাচতে ঘোঁৰা কিনা বেচাৰ বজাৰ আৰম্ভ হোৱাৰ উমান পাইছে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই ৷ কংগ্ৰেছৰ নেতৃত্বত সোনাপুৰৰ দিচাং ৰিজৰ্টত বৃহস্পতিবাৰে পুৱাৰে পৰা আৰম্ভ হল 'আস্তাবল'।
ৰাজস্থানৰ পাচত এইবাৰ মহাজোঁটৰ প্ৰাৰ্থী নতুন ঠিকনা হ'ল সোণাপুৰৰ দিছাং ৰিজ’ৰ্ট ৷ মহাজোঁটৰ প্ৰাৰ্থী সকলৰ বাবে দিছাঙত প্ৰায় ৭০ টা বিলাসী কোঠা বুক কৰিছে কংগ্ৰেছে৷ ইয়াৰ বাহিৰেও ১০ ৰ পৰা ১৫ টা বিলাসী কোঠা বিচাৰিছে কংগ্ৰেছ নেতৃত্বই ৷ য’ত থাকিব দলটোৰ উচ্চ স্তৰৰ নেতা ৷
কিছুদিন পূৰ্বে ৰাজস্থানলৈ গৈ এ আই ইউ ডি এফৰ প্ৰাৰ্থীয়ে বিলাসী হোটেলত বাহৰ পতাৰ কথা হয়তো সকলোৰে মনত আছে । এইবাৰ সেই একেদৰেই শেহতীয়াকৈ নিৰ্বাচনত প্ৰতিদন্দিতা কৰা মহাজোঁটৰ প্ৰাৰ্থী সকলক লৈ কংগ্ৰেছে নিৰ্মান কৰিলে এই 'আস্তাবল'।
শেহতীয়া খবৰ অনুসৰি, অহা ২২ এপ্ৰিলৰ পৰা ২৬ এপ্ৰিললৈকে দিছাঙত থাকিব কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটৰ প্ৰাৰ্থী সকল ৷ ইতিমধ্যে কংগ্ৰেছৰ ফালৰ পৰা সকলো ধৰণৰ সুবিধা থকা কোঠা বিচাৰি দিছাং কৰ্তৃপক্ষক ক’টেচন জমা দিছে ৷ ক’টেচনত উল্লেখ কৰা অনুসৰি, দিচাঙত থাকিব লগা সুবিধা সমুহ হ’ল এখন টেনিচ ক’ৰ্ট, ছুইমিং পুল, ভলিবল ক’ৰ্ট, বেডমিণ্টন ক’ৰ্ট আদি ৷
আচৰিত লাগিলেও এয়াই হৈছে ভাৰতবৰ্ষৰ দৰে এখন বিশাল গণতান্ত্ৰিক দেশৰ ৰাজনীতিৰ আজিৰ বাতাবৰণ ৷ অসমৰ দৰে বাৰেৰহণীয়া সংস্কৃতিৰ সমাহাৰ ঘটা এখন ৰাজ্যৰ ৰাজনীতিৰ মূল্যবোধৰ কথা মনলৈ আহিলেই চকুৰ সমূখত ভাহি উঠে শৰৎ চন্দ্ৰ সিংহৰ দৰে নিস্কলংক ৰাজনীতিক আৰু সুস্থ পৰম্পৰাৰ । সেইখন অসমতে এতিয়া কংগ্ৰেছৰ নেতৃত্বত সজা হৈছে নিৰ্বাচনী 'ঘোঁৰাৰ আস্তাবল' ৷
লগতে পঢ়ক: ক'ভিড : মুখ্যমন্ত্ৰীৰ আহ্বানত সৰ্বদলীয় বৈঠক