গুৱাহাটী, ২৯ জুলাই : গুৱাহাটী মহানগৰীত উদ্ধাৰ হ'ল জাল নোটসহ জালনোট প্ৰস্তুত কৰা মেছিন(Machine with fake notes seized in Guwahati) । শুকুৰবাৰে জালনোট সৰবৰাহকাৰীৰ বিৰুদ্ধে মহানগৰীৰ জ্যোতি নগৰত চানমাৰী আৰক্ষীয়ে অভিযান চলায় । এই অভিযানতে জাল নোট প্ৰস্তুত কৰা মেচিন আৰু জাল নোটসহ এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ।
ধৃত মহিলা গৰাকী হৈছে ঊষা বৰ্মন (৩৬)। ধৃত মহিলা গৰাকীৰ কবলৰ পৰা আৰক্ষীয়ে জাল নোট প্ৰস্তুত কৰা মেচিন, নগদ ২১,৫০০ টকা জাল নোট আৰু বহু আপত্তিজনক সামগ্ৰী জব্দ কৰে । ধৃত মহিলাগৰাকী জ্যোতিনগৰৰ আৰীফ হুছেইন নামৰ এজন লোকৰ ঘৰত ভাৰাতীয়া হিচাপে আছিল । দীৰ্ঘদিন ধৰি ধৃত মহিলা গৰাকীয়ে জাল নোটৰ ব্যৱসায়ত জড়িত আছিল ।
ঘটনা সন্দৰ্ভত চানমাৰী আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত । মহিলাগৰাকীয়ে জু-ৰোড তিনিআলিস্থিত এখন পাৰ্লাৰত কাম কৰে বুলি আৰক্ষীৰ প্ৰাথমিক অনুসন্ধানত পোহৰলৈ আহিছে । অৱশ্যে তদন্তৰ খাতিৰত আৰক্ষীয়ে বিতং তথ্য ৰাজহুৱা কৰাৰ পৰা বিৰত আছে ।
লগতে পঢ়ক : চাহৰ দোকানত জাল নোট লৈ বহি আছিল ইন্টাজ; খবৰ পাই ধৰিলে গৈ আৰক্ষীয়ে