গুৱাহাটী, 7 নৱেম্বৰঃ বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিনজ্যোতি গগৈ। বিজেপিৰ নিৰ্বাচনী ইছ্যুকলৈ ক্ষুন্ন আছু নেতাগৰাকী।
চৰকাৰে নিজৰ ব্যৰ্থতাৰ ঢাকিবলৈ মেৰুকৰণৰ ৰাজনীতি আৰম্ভ কৰিছে। পূৰ্বৰ এটাও নিৰ্বাচনী প্ৰতিশ্ৰুতি পালন কৰিবলৈ সক্ষম হোৱা নাই বিজেপি। নিবনুৱাক সংস্থাপন দিয়াত সম্পূৰ্ণ ব্যৰ্থ চৰকাৰ। ভাষণবাজীতে স্তব্ধ প্ৰকৃত উন্নয়ন। এনেদৰেই বিজেপিৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে আছুৰ সাধাৰণ সম্পাদক লুৰিনজ্যোতি গগৈয়ে।
বিজেপিক কংগ্ৰেছতকৈ অধিক দুৰ্নীতিগ্ৰস্ত আখ্যা দিলে সাধাৰণ সম্পাদকগৰাকীয়ে। ইফালে ২০২১ত ৰাইজে সাম্প্ৰদায়িক বিজেপিক উৎখাত কৰিব বুলি আশাবাদী আছু নেতাগৰাকী। এই নিৰ্বাচন জাতীয়তাবাদী শিবিৰৰ লগতে উন্নয়নকামী জনতাৰ বাবে অগ্নিপৰীক্ষা বুলি উল্লেখ কৰে আছু সাধাৰণ সম্পাদক লুৰিনজ্যোতি গগৈয়ে। ইফালে SI, JEE পৰীক্ষা কেলেংকাৰীৰ প্ৰসংগ উত্থাপন কৰি সৰৱ হৈ পৰিল আছু নেতাগৰাকী।
লগতে পঢ়কঃ বিধায়কৰ কথা মানি বিপাঙত ডিব্ৰুগড়বাসী