ETV Bharat / state

ৰঙা চিলিণ্ডাৰে জ্বলা কলা খুৱাইছে ৰাজ্যবাসীক - ৰাজসাহায্য যুক্ত ১৪.২ কিল’গ্ৰাম এলপিজি চিলিণ্ডাৰৰ মূল্য

পুনৰ বৃদ্ধি পালে চিলিণ্ডাৰৰ মূল্য ৷ 1 ছেপ্তেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ 25 টকাকৈ বৃদ্ধি পাইছে প্ৰতিটো ঘৰুৱা চিলিণ্ডাৰৰ মূল্য ৷ বিগত 15 দিনৰ ভিতৰত ৰাজসাহায্য বিহীন এলপিজি চিলিণ্ডাৰৰ মূল্য ৫০ টকাকৈ বৃদ্ধি পাইছে ৷

lpg gas cylinder price hiked by rs 25 from september 1
ৰঙা চিলিণ্ডাৰে জ্বলা কলা খুৱাইছে ৰাজ্যবাসীক
author img

By

Published : Sep 1, 2021, 2:35 PM IST

নিউজ ডেস্ক, 1 ছেপ্তেম্বৰ : বুধবাৰৰ পৰা হ্ৰাস পাইছে পেট্ৰ’ল-ডিজেলৰ মূল্য ৷ ইয়াৰ বিপৰীতে গৃহিণীসকলৰ মূৰত মাধমাৰ শোধাই পুনৰবাৰ বৃদ্ধি পালে ৰন্ধন গেছৰ মূল্য ৷ 1 ছেপ্তেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ প্ৰতিটো ঘৰুৱা চিলিণ্ডাৰৰ মূল্য বৃদ্ধি পাব 25 টকাকৈ ৷ ৰাজ্যিক মালিকানাধীন তেল কোম্পানীবোৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

lpg gas cylinder price hiked by rs 25 from september 1
পুনৰ বৃদ্ধি পালে চিলিণ্ডাৰৰ মূল্য

ৰঙা চিলিণ্ডাৰৰ মূল্যবৃদ্ধিয়ে প্ৰভাৱ পেলাব প্ৰতিখন ঘৰৰে পাকঘৰত ৷ বিগত 15 দিনৰ ভিতৰত ৰাজসাহায্য বিহীন এলপিজি চিলিণ্ডাৰৰ মূল্য ৫০ টকাকৈ বৃদ্ধি পাইছে ৷

সেই অনুসৰি, আজিৰে পৰা ৰাজধানী দিল্লীত ৰাজসাহায্য যুক্ত ১৪.২ কিল’গ্ৰাম এলপিজি চিলিণ্ডাৰৰ মূল্য হ’ব ৮৮৪.৫০ টকা ৷ বিগত এমাহৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে কৰা হৈছে মূল্যবৃদ্ধি ৷ পূৰ্বে 18 আগষ্টত গেছ কোম্পানীবোৰে এলপিজি চিলিণ্ডাৰৰ মূল্য প্ৰতি চিলিণ্ডাৰত 25 টকাকৈ বৃদ্ধি কৰিছিল ৷ একেদৰে, 19 কিল’গ্ৰামৰ বাণিজ্যিক চিলিণ্ডাৰৰ প্ৰতিটোত এতিয়াৰে পৰা ব্যয় কৰিব লাগিব 1,693 টকা ৷

1 ছেপ্তেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ প্ৰতিটো ঘৰুৱা চিলিণ্ডাৰৰ মূল্য বৃদ্ধি পাব 25 টকাকৈ

বৰ্তমান চৰকাৰে এটা পৰিয়ালক প্ৰতি বছৰে ১৪.২ কিল’গ্ৰামৰ ১২ টা ৰাজসাহায্য যুক্ত এলপিজি চিলিণ্ডাৰ প্ৰদান কৰে ৷ চৰকাৰে ১২ টা ৰিফিলৰ বাৰ্ষিক কোটাত প্ৰদান কৰা ৰাজ সাহায্যৰ পৰিমাণ মাহে মাহে পৃথক হোৱা দেখা যায় ৷

লগতে পঢ়ক : গ্ৰাহকলৈ সকাহ : পেট্ৰ’ল-ডিজেলৰ মূল্য হ্ৰাস

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.