ETV Bharat / state

ধ্যান চাঁদ খেলৰত্ন বঁটাৰ বাবে মনোনীত লাভলীনা বৰগোঁহাই - খেলৰত্ন পুৰস্কাৰ

খেলৰত্ন পুৰস্কাৰৰ বাবে প্ৰস্তাৱিত তালিকাত দেশৰ মুঠ ১১ গৰাকী এথলেটৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে । প্ৰস্তাৱিত এই তালিকাত অলিম্পিকত সোণৰ পদক বিজয়ী নীৰজ চোপ্ৰাৰ লগতে অলিম্পিকত বক্সিঙত ব্ৰঞ্জৰ পদক বিজয়ী অসম কন্যা লাভলীনা বৰগোঁহাইৰো নাম অন্তৰ্ভুক্ত হৈছে ।

Lovlina Borgohain nominated for Khel Ratna award
খেলৰত্ন পুৰস্কাৰৰ বাবে মনোনীত লাভলীনা বৰগোঁহাই
author img

By

Published : Oct 27, 2021, 10:18 PM IST

Updated : Oct 28, 2021, 3:43 PM IST

গুৱাহাটী, ২৭ অক্টোবৰ : দেশৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান মেজৰ ধ্যান চাঁদ খেলৰত্ন পুৰস্কাৰৰ বাবে প্ৰস্তাৱিত এথলেটৰ তালিকা প্ৰকাশ পাইছে । খেলৰত্ন পুৰস্কাৰৰ বাবে প্ৰস্তাৱিত এই তালিকাত দেশৰ মুঠ ১১ গৰাকী খেলুৱৈ তথা এথলেটৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে । প্ৰস্তাৱিত এই তালিকাত অলিম্পিকত সোণৰ পদক বিজয়ী নীৰজ চোপ্ৰাৰ লগতে অলিম্পিকত বক্সিঙত ব্ৰঞ্জৰ পদক বিজয়ী অসম কন্যা লাভলীনা বৰগোঁহাইৰো নাম অন্তৰ্ভুক্ত হৈছে ।

নীৰজ চোপ্ৰা আৰু লাভলীনা বৰগোঁহাইৰ উপৰি এই তালিকাত অলিম্পিকত ৰূপৰ পদক বিজয়ী মল্লযোদ্ধা ৰবি দাহিয়াৰ নামো অন্তৰ্ভুক্ত কৰা হৈছে । এইবাৰৰ ধ্যান চাঁদ খেলৰত্ন বঁটাৰ মনোনীত খেলুৱৈসকল হৈছে নীৰজ চোপ্ৰা, অৱনী লখেড়া, মিতালী ৰাজ, ৰবি দহিয়া, লাভলীনা বৰগোঁহাই, সুনীল চেত্ৰী, পিআৰ শ্ৰীজেশ, প্ৰমোদ ভগত, কৃষ্ণা নাগৰ, মনীষ নৰৱাল আৰু সুমীত অতিল ।

উল্লেখ যে, বিগত বছৰলৈকে এই বঁটাৰ নাম প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ নামত আছিল যদিও ২০২১ৰ পৰা চৰকাৰে ভাৰতৰ হকীৰ মহান খেলুৱৈ ধ্যান চাঁদৰ নামত নামাকৰণ কৰে । এই বঁটা লাভ কৰা খেলুৱৈসকলক প্ৰমাণপত্ৰ আৰু বঁটাৰ উপৰিও ২৫ লাখকৈ নগদ ধন প্ৰদান কৰা হয় । ইফালে অৰ্জুন বঁটাৰ বাবে ৩৫ গৰাকী খেলুৱৈৰ নাম মনোনীত কৰা হৈছে ।

লগতে পঢ়ক: প্ৰতিমাহৰ 10 তাৰিখে পালন কৰা হ’ব অংগনবাদী দিৱস

Last Updated : Oct 28, 2021, 3:43 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.