নিউজ ডেস্ক, 11 ছেপ্টেম্বৰ : পেৰিছ অলিম্পিকত স্বৰ্ণ পদক অৰ্জনৰ লক্ষ্যৰে পুনৰ বাংগালুৰুত অনুশীলনত ব্যস্ত হৈছে লাভলীনা বৰগোঁহাইৰ ৷ ৮ আগষ্টত টকিঅ' অলিম্পিক শেষ হোৱাৰ পিছতেই ৯ আগষ্টত নতুন দিল্লী আৰু পৰৱৰ্তী সময়ত গুৱাহাটী লগতে জন্ম গাঁৱলৈ গৈ কেইদিনমান জিৰণি লোৱা অসম গৌৰৱ লাভলীনা এতিয়া আকৌ উভতিছে বক্সিং ৰিঙলৈ । টুইটাৰত অনুশীলনৰ ফটো শ্বেয়াৰ কৰি এই কথা প্ৰকাশ কৰে অসমৰ বক্সাৰগৰাকীয়ে ৷
টকিঅ' অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰা লাভলীনাই 3 ছেপ্টেম্বৰত সৰুপথাৰৰ বাৰমুখীয়া গাঁৱৰ ঘৰখনৰ পৰা পিতৃ-মাতৃক অশ্ৰুসিক্ত নয়নেৰে বিদায় জনাই বাংগালুৰুৰ অনুশীলন শিবিৰলৈ ৰাওনা হয় ৷ লাভলীনাই আপোন ঘৰখনৰ পৰা পিতৃয়ে ডিমাপুৰ বিমান বন্দৰলৈ লৈ যায় ।
আপোন ঘৰখনৰ পৰা অহাৰ পাছতেই এতিয়া পুনৰ নিতৌ কঠোৰ অনুশীলনত ব্যস্ত হৈছে অসমৰ বক্সাৰগৰাকী । লক্ষ্য 2024 ৰ পেৰিছ অলিম্পিক গেমছৰ স্বৰ্ণপদক ৷ সম্প্ৰতি বাংগালৰুত পুৱা যদি ব্যায়াম কৰিছে আকৌ গধূলি ৰিঙত নামি বক্সিং খেলিছে অৰ্জুন বটা বিজয়ী লাভলীনা বৰগোহাঁইয়ে ।
লগতে পঢ়ক : পৰিমিতা দাসৰ ঘৰত উপস্থিত সৰ্বানন্দ সোণোৱাল