গুৱাহাটী, ১৫ মাৰ্চ: পশ্চিম বংগৰ হালদিয়াৰ পৰা মাল কঢ়িয়াই অনা এম ভি ৰাম প্ৰসাদ বিছমিল(MV Ramprashad Bismil) জাহাজখন ব্ৰহ্মপুত্ৰৰ ওপৰেৰে যাত্ৰা কৰি মঙ্গলবাৰে গুৱাহাটীৰ পাণ্ডু বন্দৰত প্ৰৱেশ কৰে । ৯০ মিটাৰ দীঘল জাহাজ এমভি ৰাম প্ৰসাদ বিছমিলৰ লগতে ডিবি কল্পনা চাওলা আৰু ডিবি এপিজে আব্দুল কালাম জাহাজ দুখনে টি এম টি বাৰ কঢ়িয়াই আনিছে ।
কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে চলিত বৰ্ষৰ ১৬ ফেব্ৰুৱাৰীত হালদিয়াৰ শ্যামাপ্ৰসাদ মুখার্জী বন্দৰত(Shyamaprasad Mukherjee port) দুটা বার্জ - ডিবি কল্পনা চাওলা আৰু ডিবি পি জে আব্দুল কালামৰ সৈতে এমভি ৰাম প্ৰসাদ বিছমিল জাহাজখনৰ ফ্লেগ অফ কৰিছিল । নতুন দিল্লীৰ পৰা ভাৰ্চুৱেলী সম্বোধন কৰি সৰ্বানন্দ সোণোৱালে মঙ্গলবাৰৰ এই বিশেষ উপলক্ষত কৈছিল যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দৃষ্টিভংগী হৈছে ভাৰতৰ বিকাশৰ ইঞ্জিনক শক্তি প্ৰদান কৰাৰ বাবে উত্তৰ-পূবৰ অষ্টলক্ষ্মীৰ সম্ভাৱনাক উজ্জীৱিত কৰা ।
এয়া কেৱল পৰিবহণৰ আটাইতকৈ সহজসাধ্য আৰু পাৰিপাৰ্শ্বিকভাৱে উপযোগী মাধ্যমেই নহয়, ই বিশ্বৰ অন্যান্য প্ৰান্তৰ সৈতে সামুদ্ৰিক নেটৱৰ্ক শক্তিশালী কৰি উত্তৰ-পূবৰ বেপাৰ বাণিজ্যৰ বাবে বহু প্ৰতীক্ষিত সংযোগীকৰণ নিশ্চিত কৰিছে । তেওঁ কয় যে যিহেতু আজি পাণ্ডুত ব্ৰহ্মপুত্ৰৰে চলাচল কৰা এই দীর্ঘতম জাহাজখনৰ পাইলট পদক্ষেপ সফল হৈছে, সেয়েহে অসম তথা উত্তৰ-পূব ভাৰতৰ অর্থনৈতিক ভেটি মজবুত কৰাত ইয়াৰ প্ৰভাৱ সুদূৰপ্ৰসাৰী হ'ব পাৰে ।
যাত্রাপথত সংশ্লিষ্ট দলটোৱে বহুতো প্ৰত্যাহ্বানমূলক গভীৰতা, বাধা নেওচি উক্ত জলপথেদি জাহাজ চলাচল কৰাটো সম্ভৱ কৰি তুলিছে । আমি অসমত জল পৰিবহণৰ ক্ষেত্ৰত ব্যৱসায়িক সার্থকতা আনিবলৈ আৰু উত্তৰপূব ভাৰতৰ অর্থনৈতিক ভাগ্য হিচাপে ব্ৰহ্মপুত্ৰৰ জীৱনীশক্তিক পুনৰুজ্জীৱিত কৰিবলৈ সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ ।
কেন্দ্রীয় মন্ত্রী সৰ্বানন্দ সোণোৱালে লগতে কয়, এই পদক্ষেপৰ দ্বাৰা ভাৰত-বাংলাদেশ প্ৰট'কল ৰুটৰ মাধ্যমেৰে ক'লকাতাৰ পৰা গুৱাহাটীলৈ বাৰ্জিং অভিযানৰ আৰম্ভণিৰ পথ প্ৰশস্ত হৈছে । জামছেদপুৰৰ টাটা ষ্টীলৰ ১,৭৯৩ মেট্ৰিক টন ষ্টীল ৰড ভৰ্তি জাহাজখনৰ ঐতিহাসিক যাত্ৰাপথত বিশেষকৈ চিৰাজগঞ্জ-দৈখোৱাৰ দৰে প্ৰত্যাহ্বানমূলক জলপথতো অতি কমেও ২ মিটাৰ নেভিগেশ্যনেল পৰিমাপ সুনিশ্চিত হোৱাটো যথেষ্ট উৎসাহজনক বতৰা ।
ভাৰত-বাংলাদেশ প্ৰট'কল ৰুট- এই জলপথছোৱাৰে জাহাজৰ সুচল পৰিবহণ নিশ্চিত কৰাৰ ক্ষেত্ৰত ভাৰত চৰকাৰ আৰু বাংলাদেশ চৰকাৰে পাৰস্পৰিক বুজাবুজিৰে ড্ৰেজিঙৰ বাবে পুঁজি যোগান ধৰিছে, য'ত ভাৰত-বাংলাদেশৰ অনুপাত হৈছে ৮০:২০ ।
ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ লগতে বাংলাদেশ অভ্যন্তৰীণ জল পৰিবহণ কর্তৃপক্ষই এইক্ষেত্ৰত একেলগে কাম কৰি আছে যাতে এই ঐতিহাসিক কার্গ পৰিবহণ মাইলৰ খুঁটি হিচাপে পৰিগণিত হয় । উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে এম ভি লালবাহাদুৰ শাস্ত্ৰীয়ে পাটনাৰ পৰা ভাৰতীয় খাদ্য নিগমৰ বাবে ২০০ মেট্ৰিক টন খাদ্যশস্য কঢ়িয়াই গংগা, ভাৰত-বাংলাদেশ প্ৰট'কল ৰুট হৈ ব্ৰহ্মপুত্ৰয়েদি সফলতাৰে পাণ্ডু বন্দৰত প্ৰৱেশ কৰিছিল ।
লগতে পঢ়ক: শংকৰ মহাদেৱনৰ কন্ঠেৰে নিগৰিল অসমীয়া হোলীগীত